নতুন দিল্লী
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে হোৱা ৩১,৫০০ কোটি টকাৰ চুক্তি বাতিল কৰিলে ভাৰতে। বুধবাৰে ট্ৰাম্পে ঘোষণা কৰে যে ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ বাবে ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰিব। ২৭ আগষ্টৰ পৰা ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আদায় দিব লাগিব।
ৰাজনৈতিক আৰু বাণিজ্যিক দুয়োটা দিশতে এয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দুমুখীয়া নীতি। আমেৰিকা আৰু ইউৰোপৰ দেশসমূহে নিজেই ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ তেল, গেছ আৰু সাৰ ক্ৰয় কৰে। এইবাৰ ভাৰতেও সিদ্ধান্ত লৈছে যে ভাৰতে ড’নাল্ড ট্ৰাম্পৰ ওচৰত শিৰনত নকৰে। দীৰ্ঘদিন ধৰি ড’নাল্ড ট্ৰাম্পৰ কথাত মৌন হৈ থকাৰ পাছত শেহতীয়াকৈ ভাৰতে এক বিবৃতি জাৰি কৰি নিজৰ স্থিতি সম্পূৰ্ণ স্পষ্ট কৰি দিছে।
ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিৰ বিৰোধিতা কৰি ভাৰতৰ সমৰ্থনত ওলাই আহিছে ৰাছিয়াই। বৃহস্পতিবাৰে ক্ৰেমলিনে কয় যে এখন দেশৰ বাণিজ্যিক অংশীদাৰক মুক্তভাৱে বাছি লোৱাৰ অধিকাৰ আছে। মস্কোৱে লগতে দাবী কৰে যে ট্ৰাম্পে বিভিন্ন দেশক ভাবুকি দি ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ বাধ্য কৰাইছে।
ভাৰতে নিজৰ নৌসেনাৰ বাবে আমেৰিকাৰ কোম্পানী বয়িঙৰ পৰা ৬খন P-8I Poseidon বিমান ক্ৰয় কৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বিমানসমূহ সামুদ্ৰিক চোৱাচিতাৰ বাবে। ভাৰতৰ বিশাল সামুদ্ৰিক ভূখণ্ডৰ কথা বিবেচনা কৰি নৌসেনাক এনে বহু বিমানৰ প্ৰয়োজন। এইবোৰ অতি আধুনিক আৰু উন্নত বিমান আৰু আৰব সাগৰৰ পৰা ভাৰত মহাসাগৰলৈকে চীনৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ ওপৰত দৃষ্টি ৰাখিবলৈ অতি প্ৰয়োজনীয়।
ইতিমধ্যে ভাৰতীয় নৌসেনাৰ হাতত এনে ১২খন বিমান আছে। ভাৰতে ২০০৯ চনত বয়িঙৰ পৰা এই বিমানসমূহ ক্ৰয় কৰিছিল। সেই সময়ত ভাৰত আমেৰিকাৰ পৰা এই বিমানসমূহৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা হিচাপে পৰিগণিত হৈছিল। ২০০৮ চনত প্ৰথম আঠখন বিমানৰ চুক্তিবদ্ধ হৈছিল যদি এই চুক্তি সম্পূৰ্ণৰূপে বাতিল কৰা হয় তেন্তে আমেৰিকাৰ কোম্পানী বয়িঙৰ বাবে ই এক ডাঙৰ আঘাত হ’ব।