নতুন দিল্লী
আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মন্তব্য কৰিছে যে, কাবুলত থকা ভাৰতৰ দূতাবাস পুনৰ মুকলি কৰা হ'ব।
আফগানিস্তানত তালিবানে চৰকাৰৰ নিয়ন্ত্ৰণ হাতত লোৱাৰ পিছত ভাৰতে ২০২১ চনৰ আগষ্ট মাহত দেশখনত থকা দূতাবাসৰ লগতে কনছুলেট বন্ধ কৰি দিছিল। ইয়াৰ পিছতে ভাৰতে ২০২২ চনত আফগানিস্তানলৈ এটা কাৰিকৰী দল প্ৰেৰণ কৰি দেশত নিজৰ কূটনৈতিক উপস্থিতি পুনৰ প্ৰতিষ্ঠা কৰিছে।
জয়শংকৰে কয় যে, ভাৰতে এতিয়া আফগানৰ ৰাজধানী কাবুলত থকা কাৰিকৰী অভিযানক দূতাবাসলৈ উন্নীত কৰিব। নতুন দিল্লীত মুত্তকীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ বৈঠকখন ২০২১ চনত আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ পিছত তালিবানে ক্ষমতা দখল কৰাৰ পিছত দুয়োখন দেশৰ মাজত হোৱা প্ৰথমখন উচ্চ পৰ্যায়ৰ কূটনৈতিক বৈঠক।
জয়শংকৰে আফগান বৈদেশিক মন্ত্ৰী আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জনাই কয় যে, এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সম্পৰ্ক 'আগুৱাই নিয়া'ৰ এক পদক্ষেপ হ'ব।
জয়শংকৰে কয়, "আফগানিস্তানত পহলগাম আক্ৰমণ আৰু ভূমিকম্পৰ সময়ত আমি ইজনে সিজনৰ লগত কথা পতাৰ সুযোগ লাভ কৰিছিলোঁ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত 'আফগানিস্তানৰ সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু স্বাধীনতাৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ।"
তেওঁ কয় যে, ভাৰত আৰু আফগানিস্তানৰ মাজত 'ঘনিষ্ঠ সহযোগিতাই' 'আঞ্চলিক স্থিতিশীলতা আৰু স্থিতিস্থাপকতা'ত অৰিহণা যোগাব। জয়শংকৰে লগতে কয়, "সংলগ্ন প্ৰতিবেশী আৰু আফগান জনসাধাৰণৰ শুভাকাংক্ষী হিচাপে ভাৰত আপোনালোকৰ উন্নয়ন আৰু প্ৰগতিৰ প্ৰতি গভীৰ আগ্ৰহী।"