ডুবাইত আবদ্ধ ভাৰতীয় বেডমিন্টন তাৰকা পিভি সিন্ধু

Story by  atv | Posted by  [email protected] • 16 h ago
ভাৰতীয় বেডমিন্টন তাৰকা পিভি সিন্ধু
ভাৰতীয় বেডমিন্টন তাৰকা পিভি সিন্ধু
 
নতুন দিল্লী
 
ইজৰাইল-আমেৰিকাৰ সৈতে ইৰাণৰ মুকলি যুদ্ধ আৰম্ভ হৈছে আৰু ইয়াৰ প্ৰভাৱ উপসাগৰীয় বহু দেশতো পৰা দেখা গৈছে। ধাৰাবাহিকভাৱে চলি থকা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাবে ইৰাণ, ইজৰাইল আৰু চুবুৰীয়া দেশসমূহত বিমান পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে, যাৰ ফলত বহু লোক বিভিন্ন বিমানবন্দৰত আবদ্ধ হৈ পৰিছে। ইউ এ ইত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, বন্ধ হৈ পৰাৰ ফলত হাজাৰ হাজাৰ লোক আবদ্ধ হৈ পৰিছে।
 
ইয়াৰ ভিতৰত আছে ভাৰতৰ কিংবদন্তি বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু, যিয়ে ব্ৰিটেইনলৈ টুৰ্ণামেণ্টৰ বাবে যাত্ৰা কৰিছিল যদিও তাত উপস্থিত হোৱাৰ পূৰ্বে ডুবাইত আবদ্ধ হৈ পৰে।
কেইবা সপ্তাহ ধৰি ভাবুকিৰ পিছত ইজৰাইল আৰু ইৰাণে ২৮ ফেব্ৰুৱাৰী শনিবাৰে পুৱা ইৰাণৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ চলায়। ইৰাণে ইজৰাইলত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি প্ৰতিশোধ লয়। ইউ এ ইকে ধৰি আমেৰিকাৰ সামৰিক ঘাটি থকা দেশসমূহকো ইৰানে লক্ষ্য কৰি লয়। ডুবাইৰ ওপৰতো ইৰাণে ক্ষেপণাস্ত্ৰও নিক্ষেপ কৰে, যিবোৰ ইউ এ ইৰ সেনাই ধ্বংস কৰে।
 
এই আক্ৰমণ-প্ৰত্যাক্ৰমণত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বন্ধ হৈ পৰে। বিশ্বৰ অন্যতম ব্যস্ত বিমানবন্দৰটো হঠাৎ বন্ধ হোৱাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী আবদ্ধ হৈ পৰে। তাৰ ভিতৰত অন্যতম আছিল ভাৰতৰ অলিম্পিক পদক বিজয়ী শ্বাটলাৰ পি ভি সিন্ধু, তেওঁৰ দলৰ সৈতে বিমানবন্দৰত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ ব্ৰিটেইনৰ বাৰ্মিংহামলৈ গৈছিল তেওঁ।
 
উল্লেখযোগ্য যে, সিন্ধুৱে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এই তথ্য শ্বেয়াৰ কৰি ভয়ংকৰ দৃশ্যৰ বৰ্ণনা কৰে। সিন্ধুৱে উল্লেখ কৰে যে তেওঁ আৰু তেওঁৰ সমগ্ৰ দলটো নিৰাপদ, কিন্তু সকলোৱে ভয় খাইছে কাৰণ তেওঁলোকে মিছাইলৰ শব্দ শুনিছে। লগতে উল্লেখ কৰে যে যুদ্ধসদৃশ ভিডিঅ’বোৰে মানুহক অশান্তি দিছে আৰু বিমানবন্দৰত বিশৃংখলতাৰ সৃষ্টি কৰিছে। ইয়াক আজিৰ সময়ৰ দুখজনক বাস্তৱ বুলি অভিহিত কৰি সিন্ধুৱে আশা প্ৰকাশ কৰে যে অতি সোনকালে পৰিস্থিতিৰ উন্নতি হ’ব।