ভাৰতীয় নিবনুৱাই মুক্ত মনেৰে চাকৰি কৰিব পাৰিব বিদেশত

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী

ব্ৰিটেইনত এতিয়া বিনাদ্বিধাই নিজ নিজ কৰ্মক্ষেত্ৰত কাম কৰিব পাৰিব ভাৰতীয় নিবনুৱাই। সংগীত, যোগ, ৰন্ধনৰ সৈতে জড়িত ভিন্ন লোকে এতিয়া ব্ৰিটেইনত মুক্তমনেৰে কাম কৰিবলৈ সুবিধা লাভ কৰিব। দক্ষ পেছাদাৰীসকল আনুষ্ঠানিকভাৱে ২৫ জুলাই বৃহস্পতিবাৰে স্বাক্ষৰিত ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ (এফটিএ) অংশ।
 
দীৰ্ঘদিনীয়া আলোচনাত চলি থকা এই চুক্তিত এনে বিধান সন্নিবিষ্ট কৰা হৈছে যিয়ে ভাৰতীয় পেছাদাৰীসকলে ব্ৰিটেইনত ৩৫টা সেৱা খণ্ডত দুবছৰলৈকে কাম কৰিব পাৰিব।
 
ভাৰত চৰকাৰৰ তথ্য অনুসৰি এই চুক্তিৰ জৰিয়তে প্ৰতি বছৰে ১৮০০ৰো অধিক ভাৰতীয় চেফ, যোগ প্ৰশিক্ষক আৰু শাস্ত্ৰীয় সংগীতজ্ঞৰ বাবে ব্ৰিটেইনত কাম কৰাৰ সুযোগ মুকলি হ’ব।  এক বিবৃতিত চৰকাৰে কয় যে,  সেৱা খণ্ডই তথ্য প্ৰযুক্তি, বিত্ত, আইন, শিক্ষা, আৰু ডিজিটেল বাণিজ্যৰ ক্ষেত্ৰত বহল বজাৰ প্ৰৱেশৰ দ্বাৰা লাভৱান হ’ব।
 
বিবৃতিটোত কোৱা হৈছে যে, “সকলো সেৱা খণ্ডতে ব্ৰিটেইনত কাম কৰিবলৈ কোম্পানীসমূহে নিয়োগ কৰা, স্থপতিবিদ, অভিযন্তা, চেফ, যোগ প্ৰশিক্ষক, আৰু সংগীতজ্ঞৰ দৰে চুক্তিবদ্ধ পেছাদাৰীসকলকে ধৰি ভাৰতীয় পেছাদাৰীসকলে সৰলীকৃত ভিছা পদ্ধতি আৰু উদাৰীকৃত প্ৰৱেশ শ্ৰেণীৰ দ্বাৰা উপকৃত হ’ব, যাৰ ফলত ব্ৰিটেইনত  কাম কৰাটো সহজ হ’ব।”
 
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে কয় যে এফ টি এয়ে ঠিকাভিত্তিক সেৱা প্ৰদানকাৰী, ব্যৱসায়িক দৰ্শনাৰ্থী আৰু স্বতন্ত্ৰ পেছাদাৰীসকলৰ বাবে প্ৰৱেশৰ নিয়ম সহজ কৰি মূল খণ্ডসমূহত ভাৰতীয় শ্ৰমিকসকলৰ গতিশীলতা উন্নত কৰে।