ইছলামিক ৰাষ্ট্ৰসমূহৰ পৰা আশা কৰা ধৰণে সমৰ্থন লাভ কৰা নাই ইৰানে: ইৰানৰ জ্যেষ্ঠ নেতা আলী লাৰিজানী

Story by  atv | Posted by  [email protected] • 2 h ago
ইৰানৰ জ্যেষ্ঠ নেতা আলী লাৰিজানী
ইৰানৰ জ্যেষ্ঠ নেতা আলী লাৰিজানী
 
নতুন দিল্লী
 
মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতেই বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহলৈ পত্ৰ প্ৰেৰণ ইৰানৰ। ইৰানৰ জ্যেষ্ঠ নেতা আলী লাৰিজানীৰ বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহলৈ পত্ৰযোগে প্ৰশ্ন-  'আমি আপোনালোকৰ পৰা আশা কৰা ধৰণে সমৰ্থন লাভ কৰা নাই । ইছলামৰ আহ্বানৰ প্ৰতি যদি আপুনি সহাৰি নিদিয়ে, তেনেহলে আপুনি কেনেকুৱা মুছলমান'?
 
বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহলৈ আলী লাৰিজানীয়ে পত্ৰযোগে লিখিছে, আমেৰিকা-ইজৰাইলৰ সংঘাতৰ সময়ত ইৰানে ইছলামিক ৰাষ্ট্ৰসমূহৰ পৰা আশা কৰা ধৰণে সমৰ্থন লাভ কৰা নাই। গতিকে ইছলামিক ৰাষ্ট্ৰসমূহে এই সংকটৰ সময়ত কাৰ পক্ষ ল’ব সেয়া স্পষ্ট কৰক।
 
লাৰিজানীৰ মতে, ইৰানক দুৰ্বল আৰু বিভাজিত কৰাৰ লক্ষ্যৰে এই আক্ৰমণ চলোৱা হৈছিল। এই আক্ৰমণত ইছলামিক বিপ্লৱৰ এজন বিশিষ্ট নেতাৰ লগতে অসংখ্য সাধাৰণ নাগৰিক আৰু সামৰিক সেনাপতি নিহত হৈছে। আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত কৰা আক্ৰমণৰ সময়ত বেছিভাগ মুছলমান দেশেই কেৱল ৰাজনৈতিক বিবৃতিহে প্ৰকাশ কৰিছিল কিন্তু ইৰাণৰ সৈতে থিয় দিয়া নাছিল।
 
লাৰিজানীয়ে হুংকাৰ দি কয় যে, ইৰানে আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিব। লগতে ইৰানৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আমেৰিকাক “বৃহৎ চয়তান” আৰু ইজৰাইলক “সৰু চয়তান” বুলি অভিহিত কৰে। আৰু হজৰত মহম্মদে কোৱা এশাৰী বাক্য উল্লেখ কৰি তেওঁ কয় যে- 'যদি কোনো মুছলমানে আন এজন মুছলমানে বিচৰা সহায়ৰ প্ৰতি সঁহাৰি নজনায় তেনেহলে তেওঁক প্ৰকৃত মুছলমান বুলি গণ্য কৰা নহয়'।
 
লগতে তেওঁ কয় যে এই বিপদজ্জনক সময়ত আমেৰিকা আৰু ইজৰাইল এফালে, ইৰান আৰু ইয়াৰ মিত্ৰ দেশসমূহ আনফালে। গতিকে ইছলামিক ৰাষ্ট্ৰসমূহে কোন পক্ষত থিয় দিব সেইটো নিৰ্ণয় কৰিব লাগে। লাৰিজানীয়ে তেওঁৰ বাৰ্তাৰ সামৰণিত কয় যে যদি বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহ একত্ৰিত হয় তেনেহলে ই সকলো জাতিৰ নিৰাপত্তা, উন্নয়ন, আৰু স্বাধীনতাক শক্তিশালী কৰিব।