ইৰাণৰ ৬টা সামৰিক বিমানবন্দৰত ইজৰাইলৰ আক্ৰমণ, ১৫খন যুদ্ধ বিমান আৰু হেলিকপ্টাৰ ধ্বংস

Story by  atv | Posted by  Munni Begum • 8 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
ইৰাণৰ ৬টাকৈ সামৰিক বিমানবন্দত ইজৰাইলে আক্ৰমণ কৰাৰ উপৰিও ১৫খন যুদ্ধ বিমান আৰু হেলিকপ্টাৰ ধ্বংস কৰিছে বুলি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰিছে।   
 
আইডিএফে এক বিবৃতিত কয় যে, ইৰাণৰ কেৰমানশ্বাহ অঞ্চলত সামৰিক চোৰাংচোৱা সেৱাৰ পৰা চোৰাংচোৱাৰ নিৰ্দেশনাত ইজৰাইল ৰাষ্ট্ৰৰ ভূখণ্ডক লক্ষ্য কৰি জাউৰিয়ে জাউৰি ক্ষেপণাস্ত্ৰৰ বাবে কেইবাটাও উৎক্ষেপণ আৰু সংৰক্ষণ স্থান ধ্বংস কৰিছে। 
 
ইয়াৰ উপৰিও ইৰাণী শাসন ব্যৱস্থাৰ সামৰিক সামৰ্থ্যৰ ওপৰত আইডিএফে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে আৰু ইজৰাইল ৰাষ্ট্ৰৰ নিৰাপত্তা বজাই ৰখাৰ বাবে আকাশী মাৰ্গৰ শ্ৰেষ্ঠত্ব লাভৰ বাবে কাম কৰি যাব। 
 
দেওবাৰে ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আমেৰিকাৰ বিমান আক্ৰমণৰ পিছত ইৰাণে টেল আভিভ আৰু হাইফাৰ দৰে ইজৰাইলৰ ডাঙৰ চহৰসমূহক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ধাৰাবাহিকতা চলোৱাৰ এদিন পিছতে এই কথা প্ৰকাশ পাইছে।