বাহাৱালপুৰ (পাকিস্তান)
ভাৰতে অপাৰেচন সেন্দুৰত পাকিস্তানৰ বাহাৱালপুৰৰ মাৰ্কাজ সুভানল্লাহত থকা মুখ্য কাৰ্যালয়ৰ ব্যাপক ক্ষতি সাধন কৰাৰ পিছত সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদে (জেম) কৌশল সলনি কৰা যেন দেখা গৈছে। তেওঁলোকে ‘জামাত-উল-মুমিনাত’ নামৰ প্ৰথমটো মহিলা শাখা গঠনৰ কথা ঘোষণা কৰিছে। জৈছৰ মুৰব্বী মৌলানা মাছুদ আজহাৰৰ নামত জাৰি কৰা এখন পত্ৰৰ জৰিয়তে ৰাজহুৱা কৰা হয় এই সিদ্ধান্ত।
শাখাটোৰ বাবে ৮ অক্টোবৰৰ পৰা বাহাৱালপুৰত মকৰল আৰম্ভ হৈছে।
সূত্ৰ অনুসৰি জৈছৰ মহিলা শাখাৰ নেতৃত্ব দিব মাছুদ আজহাৰৰ ভগ্নী সাদিয়া আজহাৰে। ৭ মে’ত অপাৰেচন সেন্দুৰৰ অংশ হিচাপে আক্রমণৰ ফলত নিৰ্মূল হোৱা আজহাৰৰ পৰিয়ালৰ সদস্যসকলৰ ভিতৰত আছিল তেওঁৰ স্বামী ইউছুফ আজহাৰ।
সূত্ৰই জনোৱা মতে, সন্ত্ৰাসবাদী সংগঠনটোৱে নিজৰ সদস্যসকলৰ পত্নীৰ লগতে বাহাৱালপুৰ, কৰাচী, মুজাফ্ফৰাবাদ, কোটলি, হৰিপুৰ, আৰু মানচেহৰাৰ কেন্দ্ৰসমূহত অধ্যয়ন কৰা অৰ্থনৈতিকভাৱে দুৰ্বল মহিলাসকলকো মকৰল কৰিবলৈ আৰম্ভ কৰিছে।
জৈছৰ মহিলা শাখাৰ লক্ষ্য হৈছে মানসিক যুদ্ধ চলোৱা, যিটো হৈছে অপপ্ৰচাৰ আৰু স্থল পৰ্যায়ৰ মকৰল। সূত্ৰ অনুসৰি ছ’চিয়েল মিডিয়া, হোৱাটছএপ গ্ৰুপ, আৰু কিছুমান মাদ্ৰাছাৰ নেটৱৰ্কৰ জৰিয়তে ‘জামাত-উল-মুমিনাত’ৰ কাৰ্যকলাপ বিয়পিবলৈ আৰম্ভ হৈছে। ই জম্মু-কাশ্মীৰ, উত্তৰ প্ৰদেশ, আৰু দক্ষিণ ভাৰতৰ কিছু অঞ্চলত অনলাইন নেটৱৰ্কৰ জৰিয়তে সক্ৰিয় হবলৈ ধৰিছে।
পৰম্পৰাগতভাৱে মহিলাসকলক সশস্ত্ৰ জেহাদ বা যুদ্ধ অভিযানত অংশগ্ৰহণ কৰাত বাধা দিয়া জৈছৰ শেহতীয়া পদক্ষেপটো ভাৰতে অপাৰেচন সেন্দুৰৰ ৰূপত উপযুক্ত উত্তৰ দিয়াৰ পিছত তেওঁলোকৰ ফালৰ পৰা সংশোধিত স্থিতি যেন লাগে। সূত্ৰই প্ৰকাশ কৰিছে যে মাছুদ আজহাৰ আৰু তেওঁৰ ভাতৃ তালহা আল-ছৈফে যৌথভাৱে জৈছৰ কাৰ্যকৰী কাঠামোত মহিলাসকলক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছিল, যাৰ ফলত এই একচেটিয়া মহিলা ব্ৰিগেডটো গঠন কৰা হৈছে।
আইছিছ, বকো হাৰাম, হামাছ, এল টি টি ইৰ দৰে সন্ত্ৰাসবাদী সংগঠনে মহিলাক আত্মঘাতী আক্ৰমণকাৰী হিচাপে ব্যৱহাৰ কৰাৰ ইতিহাস থকাৰ বিপৰীতে জৈছ, লস্কাৰ-ই-টইবা, হিজবুল মুজাহিদীনৰ দৰে সংগঠনে তেনে কৰাৰ পৰা বহুলাংশে এৰাই চলিছে।