নতুন দিল্লী
কানাডাৰ ছাৰে চহৰত অৱস্থিত বিখ্যাত কমেডিয়ান কপিল শৰ্মাৰ কেফেত পুনবাৰ গুলিচানলাৰ ঘটনা সংঘটিত হৈছে। দ্বিতীয়বাৰৰ বাবে তেওঁৰ কেফেক লক্ষ্য কৰি লোৱা হৈছে।
এই গুলিচানলাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, য’ত গাড়ীত বহি থকা একাংশ লোকে কেফেখনলৈ লক্ষ্য কৰি গুলীচালনা কৰা দেখা গৈছে।
ইফালে এই গুলীচালনাৰ দায়িত্ব লৈছে গোল্ডি ধিলন নামৰ এজন গেংষ্টাৰে।ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে তেওঁ দাবী কৰে যে তেওঁৰ দলটোৱে এই আক্ৰমণ সংঘটিত কৰিছে।
অৱশ্যে এই গুলীচালনাৰ ফলত কোনো লোক হতাহত হোৱা নাই। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, গোল্ডি ধিলনে নিজকে লৰেন্স বিষ্ণই গেঙৰ সৈতে জড়িত বুলি দাবী কৰে।
গোল্ডিয়ে সামাজিক মাধ্যমত এটা পোষ্টত লিখিছে যে, ‘সকলো ভাতৃকে ৰাম ৰাম…আজি কপিল শৰ্মাৰ কেফেত যি গুলীচালনাৰ ঘটনা সংঘটিত হ’ল গোল্ডি ডিলন আৰু লৰেন্স বিষ্ণয় গেঙে ইয়াৰ দায়িত্ব লৈছে।’
ইয়াৰ পূৰ্বেও যোৱা মাহৰ ১০ জুলাইত কপিল শৰ্মাৰ কাপ’ছ কেফেত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। এখন গাড়ীত আহি আক্ৰমণকাৰীয়ে ১০ৰ পৰা ১২ ৰাউণ্ড গুলী চলায়। অৱশ্যে এই গুলিচালনাৰ সন্দৰ্ভত কমেডিয়ান গৰাকীয়ে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।