ভাৰতৰ-পাকিস্তানৰ উত্তেজনাৰ মূল উৎস হৈছে কাশ্মীৰ সমস্যা : শ্বাহবাজ শ্বৰীফ

Story by  atv | Posted by  [email protected] • 21 h ago
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ
 
নতুন দিল্লী
 
"কাশ্মীৰ সমস্যাই ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মূল উৎস।" এই মন্তব্য কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ। জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিলৰ বাবে নতুন দিল্লীৰ পদক্ষেপক সমালোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ভাৰত চৰকাৰে ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ অনুচ্ছেদ বাতিল কৰি পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰে।
 
ভাৰতবৰ্ষৰ এই পদক্ষেপৰ বিৰুদ্ধে পাকিস্তানে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইফালে ৫ আগষ্টৰ দিনটো পাকিস্তানে ইয়ুম-আই-ইষ্টেহছাল হিচাপেও পালন কৰি আহিছে।
 
এই দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্বাহবাজে কয় যে কাশ্মীৰ সমস্যাই দুয়োখন দেশৰ মাজত উত্তেজনাৰ মূল উৎস। তেওঁ লগতে কয়, "ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ অনুসৰি কাশ্মীৰী জনসাধাৰণৰ ইচ্ছা আৰু আকাংক্ষাই হৈছে একমাত্ৰ আগবাঢ়ি যোৱাৰ পথ।
 
তেওঁ কয় যে কাশ্মীৰ সমস্যাৰ ন্যায্য সমাধান পাকিস্তানৰ বৈদেশিক নীতিৰ এক মূল স্তম্ভ আৰু ২০১৯ চনৰ ৫ আগষ্টত ভাৰতৰ 'একপক্ষীয়' পদক্ষেপক প্ৰত্যাহাৰ কৰাত সহায় কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সমাজক ভূমিকা ল'বলৈ আহ্বান জনায়।
 
ইয়াৰ বিপৰীতে উপ-প্ৰধানমন্ত্ৰী ইশ্বাক দাৰে কয় যে ইছলামবাদে সকলো চুবুৰীয়া দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বিচাৰে আৰু সংঘাতৰ সলনি আলোচনা আৰু কূটনীতি পছন্দ কৰে।
 
ইছলামবাদত অনুষ্ঠিত এক সমাৱেশত ভাষণ দি দাৰে কয় যে পাকিস্তানৰ সশস্ত্ৰ বাহিনী আৰু ইয়াৰ জনসাধাৰণে 'যিকোনো আগ্ৰাসনমূলক কাৰ্যৰ প্ৰতি দৃঢ় সঁহাৰি দিবলৈ সম্পূৰ্ণৰূপে সক্ষম'।
 
৫ আগষ্টত চাৰিওখন প্ৰদেশ আৰু পাকিস্তান অধিকৃত কাশ্মীৰত বিশেষ পদযাত্ৰা আৰু অনুষ্ঠানৰ আয়োজন কৰা হয় । বিদেশত পাকিস্তানী মিছনসমূহেও এই উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।