গুৱাহাটী
অসম চৰকাৰে ২০১৫ চনৰ পূৰ্বে প্ৰৱেশ কৰা অমুছলমান অবৈধ বিদেশীৰ গোচৰ বিদেশী ন্যায়াধিকৰণৰ পৰা বাদ দিবলৈ কোনো "বিশেষ" নিৰ্দেশ জাৰি কৰা নাই। এই কথা স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰণ নাগৰিকত্ব (সংশোধনী) আইনখনে তেওঁলোকক শাস্তিমূলক ব্যৱস্থাৰ পৰা ৰক্ষা কৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।
"ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাহিৰে কোনো নিৰ্দেশনা জাৰি কৰা নাই। যদি এয়া কেবিনেটৰ কোনো সিদ্ধান্ত হ'লহেতেন, তেন্তে মই সদায় আহি আপোনালোকৰ আগত প্ৰেছ বিবৃত্তিত সকলো কওঁ। এই বিষয়ে কোনো বিশেষ সিদ্ধান্ত লোৱা হোৱা নাই", কেবিনেট বৈঠকৰ পিছত সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয়।
অৱশ্যে, তেওঁ কয় যে নাগৰিকত্ব (সংশোধনী) আইনখনে ৩১ ডিচেম্বৰ, ২০১৪ বা তাৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা লোকসকলক সুৰক্ষা প্ৰদান কৰে।
"এয়া হৈছে আইন। এই গোচৰটো উচ্চতম ন্যায়ালয়ত আছে। যদিহে উচ্চতম ন্যায়ালয়ে ইয়াক নাকচ নকৰে, তেনেহ'লে দেশৰ আইন সেইটোৱেই। ইয়াৰ বাবে কোনো বিশেষ সিদ্ধান্তৰ প্ৰয়োজন নাই", মুখ্যমন্ত্ৰী শৰ্মাই কয়।
তেওঁ লগতে কয় যে ৰাজ্যিক কেবিনেটে এফটিসমূহৰ পৰা গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত দুটা সিদ্ধান্ত গ্ৰহণ কৰিছে- এটা কোচ-ৰাজবংশী সম্প্ৰদায়ৰ আৰু আনটো গোৰ্খা সম্প্ৰদায়ৰ সৈতে জড়িত।
অসম চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ ৰূপায়ণৰ পিছত ২০১৫ চনৰ পূৰ্বে ৰাজ্যখনত অনুপ্ৰৱেশ কৰা সন্দেহযুক্ত অমুছলমান অবৈধ বিদেশীৰ গোচৰসমূহ বিদেশী ন্যায়াধীকৰণৰ পৰা আঁতৰোৱাৰ বাবে সকলো জিলাক নিৰ্দেশ দিছে।
২২ জুলাইত অতিৰিক্ত মুখ্য সচিব (গৃহ আৰু ৰাজনৈতিক) অজয় তিৱাৰীৰ দ্বাৰা স্বাক্ষৰিত এক নিৰ্দেশনা অনুসৰি, সকলো জিলা উপায়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক পাকিস্তানী, বাংলাদেশী আৰু ৰহিঙীয়াৰ দৰে বিদেশীৰ স্থিতি পুনৰীক্ষণ কৰিবলৈ কোৱা হৈছে।
নাগৰিকত্ব (সংশোধনী) আইনৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰা সকলো বিদেশী নাগৰিকক উৎসাহিত আৰু সমৰ্থন কৰাৰ বাবেও পৰামৰ্শ আগবঢ়োৱা হয়।
আইনী ব্যৱস্থা অনুসৰি, কেৱল এফটিজনেহে অসমৰ কোনো ব্যক্তিক বিদেশী বুলি ঘোষণা কৰিব পাৰে আৰু পৰৱৰ্তী সময়ত যদি ৰায় সন্তোষজনক নহয়, তেন্তে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰে।
যোৱা বছৰৰ জুলাই মাহত অসম চৰকাৰে সীমান্ত আৰক্ষী শাখাক ২০১৫ চনৰ পূৰ্বে ৰাজ্যখনত প্ৰৱেশ কৰা অ-মুছলমান অবৈধ অনুপ্ৰৱেশকাৰীৰ গোচৰবোৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ নকৰিবলৈ কৈছিল আৰু ইয়াৰ পৰিৱৰ্তে তেওঁলোকক CAA ৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ পৰামৰ্শ দিছিল।
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (চিএএ) ৰ জৰিয়তে হিন্দু, জৈন, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চীসকল যিসকল বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ৩১ ডিচেম্বৰ, ২০১৪ তাৰিখে বা তাৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰিছে তেওঁলোকক পাঁচ বছৰ ধৰি ভাৰতত বাস কৰাৰ পিছত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব।