কোনো বিমান ধ্বংস হুৱা নাইঃ ভাৰতে অপাৰেচন সেন্দুৰত ৬খন বিমান ধ্বংস কৰা দাবীৰ পিছত পাকিস্তানে কয়

Story by  atv | Posted by   Imtiaz Ahmed • 23 h ago
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফ
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফ
ইছলামবাদ

ভাৰতীয় বায়ুসেনাৰ মুৰব্বী মাৰ্শ্বাল অমৰ প্ৰীত সিঙৰ দাবীক খণ্ডন কৰি পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে শনিবাৰে অপাৰেচন সেন্দুৰৰ সময়ত পাকিস্তানৰ কোনো সামৰিক বিমান ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আঘাত কৰা বা ধ্বংস কৰা কথা স্পষ্টভাৱে অস্বীকাৰ কৰে। 

ছ’চিয়েল মিডিয়াত আছিফে লিখিছে যে, "এখনো পাকিস্তানী বিমানক ভাৰতীয় (পক্ষই) আঘাত কৰা বা ধ্বংস কৰা নাছিল,” আৰু লগতে কয় যে তিনিমাহ ধৰি “এনে কোনো দাবী উত্থাপন হোৱা নাছিল” কিন্তু পাকিস্তানে ইয়াৰ তৎক্ষণাত “আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত বিশদ কাৰিকৰী ব্রিফিং” দাখিল কৰিছিল৷

তেওঁ ভাৰতীয় বায়ুসেনাৰ মুৰব্বীগৰাকীৰ এই মন্তব্যক “অবিশ্বাস্য” আৰু “অসময়ৰ” বুলি অভিহিত কৰি নিয়ন্ত্ৰণ ৰেখাৰ কাষত ভাৰতৰ নিজৰ লোকচান “অসমানুপাতিকভাৱে গধুৰ” বুলি অভিযোগ কৰে।

ভাৰতৰ মন্তব্যক প্ৰত্যাহ্বান জনাই আছিফে দুয়োখন দেশে নিজৰ বিমানৰ তথ্য স্বতন্ত্ৰ পৰীক্ষণৰ বাবে মুকলি কৰিবলৈ পৰামৰ্শ দিয়ে, যিটোৱে ভাৰতে অস্পষ্ট কৰিব বিচৰা বাস্তৱতাক উদঙাই দিব বুলি তেওঁ কয়।

তেওঁ সকীয়াই দিয়ে যে পাকিস্তানৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা যিকোনো উলংঘা কৰিলে “ক্ষীপ্ৰ, নিশ্চিত আৰু সমানুপাতিক প্ৰতিক্ৰিয়া” লাভ কৰিব।

তেওঁৰ এই মন্তব্য বেংগালুৰুত এয়াৰ চিফ মাৰ্শ্বাল এল এম কাট্ৰে বক্তৃতাত এয়াৰ চিফ মাৰ্শ্বাল সিঙে দিয়া ভাষণৰ পিছত, য’ত তেওঁ কয় যে ২২ এপ্ৰিলত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ৭ মে’ত আৰম্ভ কৰা অপাৰেচন সেন্দুৰৰত ভাৰতীয় বাহিনীয়ে পাঁচখন পাকিস্তানী যুঁজাৰু বিমান আৰু এখন বৃহৎ আকাশী নিৰীক্ষণ বিমান ধ্বংস কৰিছিল।

সিঙে ইয়াক "আমি ক'ব পৰা এতিয়ালৈকে ৰেকৰ্ড কৰা আটাইতকৈ ডাঙৰ পৃষ্ঠৰ পৰা বায়ুলৈ আক্রমণ" বুলি বৰ্ণনা কৰে।

ভাৰতীয় বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয় যে ভাৰতীয় আক্ৰমণে পাকিস্তানৰ বিমান সম্পত্তি আৰু আন্তঃগাঁথনিৰো যথেষ্ট ক্ষতিসাধন কৰে। তেওঁ বিতংভাৱে কয় যে জেকবাবাদ বিমানঘাটিত ৰখাই থোৱা আমেৰিকাত নিৰ্মিত এফ-১৬ জেট বিমানসমূহ কেনেকৈ আঘাতপ্ৰাপ্ত হৈছিল, “এফ-১৬ হেংগাৰৰ আধা অংশ নোহোৱা হৈ গৈছে” আৰু ভিতৰৰ বিমানসমূহ “নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত হৈছে”।

তেওঁ কয় যে মুৰিদ আৰু চাকলালাৰ দুটা কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ আৰু ছটা ৰাডাৰৰ লগতে কমেও এখন এ ই ডব্লিউ এণ্ড চি বিমান আৰু ৰক্ষণাবেক্ষণৰ অধীনত থকা কেইবাখনো এফ-১৬ বিমান ক্ষতিগ্ৰস্ত হয়।