নতুন দিল্লী
আফগানিস্তানৰ ৰাজধানী কাবুলৰ এখন নিচা মুক্তি চিকিৎসালয়ত সোমবাৰে সন্ধিয়া পাকিস্তানৰ বিমান আক্ৰমণত কমেও ৪০০ লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২৫০ জন লোক আহত হয়। আফগানিস্তানৰ তালিবান চৰকাৰে এই অভিযোগ উত্থাপন কৰে। আনহাতে পাকিস্তানে এই অভিযোগ খণ্ডন কৰি তেওঁলোকে পূব আফগানিস্তানতো চলোৱা আক্ৰমণে কোনো জনবহুল স্থানত আঘাত কৰা নাছিল বুলি উল্লেখ কৰে।
আফগান চৰকাৰৰ উপ-মুখপাত্ৰ হামদুল্লাহ ফিট্ৰাটে এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয় যে কাবুলৰ এখন চিকিৎসালয়ক লক্ষ্য কৰি সংঘটিত কৰা বিমান আক্ৰমণৰ ফলত ২০০০ বিচনাযুক্ত এই সুবিধাৰ এক বৃহৎ অংশ ধ্বংস হয়। এই আক্ৰমণত কমেও ৪০০ লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২৫০জন লোক আহত হোৱা বুলি জানিবলৈ দিয়ে।
এই আক্ৰমণৰ পাছতেই উদ্ধাৰকাৰী দল সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ বিশেষ প্ৰতিবেদকে এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে৷ ট’লো নিউজৰ এক প্ৰতিবেদন অনুসৰি আফগানিস্তানত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ বিশেষ প্ৰতিবেদক ৰিচাৰ্ড বেনেটে নিচা মুক্তি চিকিৎসালয়ত হোৱা আক্ৰমণত সৰ্বসাধাৰণ লোকৰ মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
বেনেটে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কাবুল আৰু ইছলামবাদ দুয়োখন দেশকে উত্তেজনা হ্ৰাস কৰিবলৈ আৰু সাধাৰণ নাগৰিকৰ সুৰক্ষা আৰু চিকিৎসালয়ৰ দৰে ৰাজহুৱা সুবিধাসমূহ নিয়ন্ত্ৰণ কৰাকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইনসমূহ মানি চলিবলৈ আহ্বান জনায়।