ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰীলৈ সংগম পানী, ৰাম মন্দিৰৰ প্ৰতিৰূপ উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
স্পেইন 
 
বৃহস্পতিবাৰে ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী কমলা পেৰছাদ-বিছেছাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকুম্ভৰ পৰা সংগম আৰু সৰযু নদীৰ পবিত্ৰ পানী আৰু ৰাম মন্দিৰৰ প্ৰতিৰূপ উপহাৰ দিয়ে।
 
বৃহস্পতিবাৰে ত্ৰিনিদাদ আৰু ট'বাগোত ভাৰতীয় সম্প্ৰদায়ক উদ্দেশ্যি দিয়া ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্বৰ ওপৰত আলোকপাত কৰি ভাৰতীয় জনগোষ্ঠীৰ সাহসক প্ৰশংসা কৰে আৰু প্ৰধানমন্ত্ৰী কমলা পেৰছাদ-বিছেছাৰক বিহাৰৰ কন্যা বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰৰ সৈতে তেওঁৰ পূৰ্বপুৰুষৰ সম্পৰ্কৰ কথা মনত পেলাই আৰু তেওঁক কেৰিবিয়ান ৰাষ্ট্ৰক গংগা ধৰাক সৰয়ু আৰু মহাকুম্ভৰ পানী আগবঢ়াবলৈ অনুৰোধ জনায়।   
 
ট্ৰিনিদাদ এণ্ড ট'বাগোৰ প্ৰধানমন্ত্ৰী কমলা পেৰছাদ-বিছেছৰৰ পূৰ্বপুৰুষ বিহাৰৰ বাক্সাৰত বাস কৰিছিল। কমলা পেৰছাদ-বিছেছৰে নিজেই তালৈ গৈছিল। ৰাইজে তেওঁক বিহাৰৰ কন্যা বুলি গণ্য কৰে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰিছে।   
 
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "আপোনালোক সকলোৱে জানে যে, এই বছৰৰ আৰম্ভণিতে বিশ্বৰ আটাইতকৈ ডাঙৰ আধ্যাত্মিক সমাৱেশ মহাকুম্ভ অনুষ্ঠিত হৈছিল। মই মহাকুম্ভৰ পানী লগত কঢ়িয়াই আনিবলৈ পাই  গৌৰৱাম্বিত হৈছো। কমলা জীক অনুৰোধ কৰিছো যে, ইয়াৰ গংগা ধাৰাত সৰযু নদী আৰু মহাকুম্ভৰ পবিত্ৰ জল অৰ্পণ কৰক।  
 
ট্ৰিনিদাদ এণ্ড ট’বাগোত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত কমলা পেৰছাদ-বিছেছাৰে ভাষণ দি কয় যে, তেওঁ ইয়াৰ পূৰ্বে ২০১২ চনত বাক্সাৰ জিলাৰ ইটাৰহী ব্লকৰ অন্তৰ্গত নিজৰ পূৰ্বপুৰুষৰ গাঁও ভেলুপুৰলৈ গৈছিল। 
 
বৃহস্পতিবাৰে (স্থানীয় সময় অনুসৰি) পিয়াৰ্কো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰৰ জৰিয়তে ট্ৰিনিদাদ এণ্ড ট’বাগোলৈ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। য'ত তেওঁক কেৰিবিয়ান ৰাষ্ট্ৰৰ ৩৮ জন মন্ত্ৰী আৰু চাৰিজন সংসদৰ সদস্যৰ সৈতে প্ৰধানমন্ত্ৰী কমলা পেৰছাদ-বিছেছাৰে আদৰণি জনায়। 
 
প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম ভ্ৰমণ আৰু ১৯৯৯ চনৰ পিছত কেৰিবিয়ান ৰাষ্ট্ৰলৈ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে ত্ৰিনিদাদ আৰু ট’বাগোৰ সৈতে ভাৰতৰ ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে, তেওঁলোকৰ জনসংখ্যাৰ ৪৫ শতাংশই হৈছে ভাৰতীয় মূলৰ। 
 
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভ্ৰমণসূচীৰে এই দেশৰ ৰাজধানী ত্ৰিনিদাদ আৰু ট'বাগোত উপস্থিত হৈছে। আজি তেওঁক বিমানবন্দৰত আদৰণি জনায় প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিছেছাৰ আৰু তেওঁৰ আন কেবিনেট মন্ত্ৰীসকলে।  ২৬ বছৰৰ পাছত ভাৰতৰ ফালৰ পৰা এই ভ্ৰমণ ঐতিহাসিক বুলি গণ্য কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ পৰ্যায়ৰ ভ্ৰমণ চলি আছে। এই দেশত মুঠ ১৩ লাখ লোক বাস কৰে যাৰ ভিতৰত ৪৫ শতাংশ ভাৰতীয় মূলৰ জয়ছৱালে কয়। 
 
জয়ছৱালে উল্লেখ কৰে যে, ভাৰতীয় মূলৰ ৪৫ শতাংশ লোকৰ ভিতৰত বেছিভাগেই উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা আহিছে। ভাৰত আৰু টি এণ্ড টিৰ সম্পৰ্ক অতি শক্তিশালী আৰু বিশেষ। ইয়াত বাস কৰা ৪৫ শতাংশ লোকৰ ভিতৰত অধিকাংশই উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা অহা লোকসকলো আছে। এইসকল লোকৰ অধিকাংশই হৈছে ছপৰা, আৰা, বলিয়া, ছিৱান, গোপালগঞ্জ, বেনাৰস, আজমগড়, ইত্যাদিৰ দৰে ভোজপুৰী ভাষী জিলাৰ পৰা অহা।


শেহতীয়া খবৰ