৯০ দেশৰ ১৩০০ হজযাত্ৰীৰ ব্যয় বহন কৰিব ছৌদি আৰৱ চৰকাৰে

Story by  atv | Posted by  [email protected] • 2 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ৰিয়াধ

বিশ্বৰ ৯০খনতকৈও অধিক দেশৰ প্ৰায় ১৩০০ হজযাত্ৰীৰ সকলো খা-খৰচ বহন কৰিব ছৌদি আৰৱ চৰকাৰে। ছৌদি আৰবৰ ৰজা ছলমান বিন আব্দুলজিজ আল ছৌদে শনিবাৰে এই নিৰ্দেশনা দিছে যে এই বছৰ ৯০খনতকৈও অধিক দেশৰ ১৩০০ হজযাত্ৰীক তেওঁলোকে সম্পূৰ্ণৰূপে আতিথ্য প্ৰদান কৰিব। 
 
সৌহাদ্যপূৰ্ণ কাৰ্যসূচীৰ অংশ হিচাপে ছৌদি আৰৱ চৰকাৰে নিৰ্বাচিত হজযাত্ৰীসকলৰ হজ আৰু উমৰা যাত্ৰাৰ সকলো খৰচ বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছৌদি আৰৱৰ ইছলামিক পৰিক্ৰমা মন্ত্ৰী তথা কাৰ্যসূচীৰ সাধাৰণ তত্বাৱধায়ক শ্বেইখ আব্দুল লতিফ আল শ্বেখে কয় যে এই বাৰ্ষিক কাৰ্যসূচীয়ে মুছলমানসকলৰ সেৱা আৰু অন্যান্য ইছলামিক দেশসমূহৰ সৈতে সম্পৰ্ক গভীৰ স্থাপনৰ বাবে দেশখনে চলাই থকা প্ৰচেষ্টাক প্ৰতিফলিত কৰে।
আল শ্বেখে এক বিবৃতিত কয় যে ছৌদি চৰকাৰৰ খৰচত প্ৰতি বছৰে আৰম্ভ কৰা এই উদাৰ কাৰ্যসূচীয়ে সমগ্ৰ বিশ্বৰ হাজাৰ হাজাৰ মুছলমানক প্ৰথম শ্ৰেণীৰ সেৱাৰ অধীনত হজযাত্ৰা কৰিব পাৰে। তেওঁ লগতে কয় যে এই কাৰ্যসূচীয়ে বিগত বছৰবোৰত নিৰ্বাচিত নোহোৱা মুছলমানসকলক হজ কৰাৰ সপোন বাস্তৱায়িত কৰাৰ সুযোগ দিয়ে, কিয়নো মন্ত্ৰালয়ে প্ৰতি বছৰে দেশখনৰ পৰিসৰ বৃদ্ধিৰ বাবে চেষ্টা কৰে।
 
ছৌদি আৰৱৰ ৰজা ছালমানে শ্বহীদ, আহত আৰু বন্দীসকলৰ পৰিয়ালৰ পৰা এইবাৰৰ হজৰ বতৰত অংশগ্ৰহণৰ বাবে ১০০০ পেলেষ্টাইনী তীৰ্থযাত্ৰীক আতিথ্য প্ৰদান কৰাৰ নিৰ্দেশ জাৰি কৰে।