দশক ধৰি মদিনাৰ ৰাজপথত হজযাত্ৰীক বিনামূলীয়া চাহ, কফি পৰিবেশন কৰা শ্বেইখ ইছমাইলৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 12 d ago
শ্বেইখ ইছমাইল আল-জাইম আবু আল-ছাবা
শ্বেইখ ইছমাইল আল-জাইম আবু আল-ছাবা
 
আবু ধাবি 
 
ছৌদি আৰৱৰ মদিনা চহৰত পথচাৰী আৰু উপাসকসকলক ৪০ বছৰতকৈ অধিক সময় ধৰি প্ৰতিদিনে বিনামূলীয়াকৈ চাহ আৰু কফি পৰিবেশন কৰা ছিৰিয়াৰ এজন প্ৰখ্যাত ব্যক্তি শ্বেইখ ইছমাইল আল-জাইম আবু আল-ছাবাৰ ১৬ এপ্ৰিল মঙলবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। 
 
শ্বেইখ ইছমাইলৰ মৃত্যুৰ বাতৰি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈছে আৰু মন চুই যোৱা কথা আৰু তেওঁৰ দাতব্য কাম আৰু উদাৰতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে।  
মন কৰিবলগীয়া যে, ইছমাইল আল-জাইমে ছিৰিয়াৰ হামা চহৰত জন্মগ্ৰহণ কৰিছিল যদিও চাৰি দশক পূৰ্বে তেওঁ মদীনালৈ প্ৰব্ৰজন কৰিছিল।  তেওঁক “নবীৰ দৰ্শনাৰ্থীৰ আয়োজক” বুলি কোৱা হৈছিল।   
কফি, পানী, খেজুৰ, আদা, চাহ, গাখীৰ আৰু ৰুটিকে ধৰি দৈনিক প্ৰায় ৩০০ লোকক বিনামূলীয়া খাদ্য আৰু আতিথ্য প্ৰদানৰ বাবে আল-জাইম বিখ্যাত আছিল। 
নবীৰ মছজিদৰ ওচৰতে চাহ-কফিৰ কাষত মিঠাই আৰু খেজুৰৰ প্লেট এখন সন্মুখত ৰাখি প্লাষ্টিকৰ চকী এখনত বহিছিল। 
 
বহু সাক্ষাৎকাৰত আল-জাইমে নিশ্চিত কৰিছিল যে তেওঁ আল্লাহৰ স্বাৰ্থত আৰু কাৰো পৰা কোনো ধৰণৰ আৰ্থিক ক্ষতিপূৰণ নোলোৱাকৈয়ে সেৱা আগবঢ়াই আহিছিল।