অহা বছৰৰ আৰম্ভণিতে বাংলাদেশত অনুষ্ঠিত হ’ব নিৰ্বাচন: মহম্মদ ইউনুছ

Story by  atv | Posted by  Munni Begum • 8 h ago
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ
 
ঢাকা
 
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে দেশখনৰ গণতান্ত্ৰিক পৰিৱৰ্তনৰ বাবে আমেৰিকাৰ সমৰ্থন বিচাৰিছে আৰু অহা বছৰৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হ’ব বুলিও তেওঁ পুনৰ দৃঢ়তাৰে কয়।
 
সোমবাৰে টেলিফোনিক বাৰ্তালাপৰ সময়ত ৰুবিঅ’ আৰু ইউনুছে চলি থকা সংস্কাৰ প্ৰক্ৰিয়া, গণতন্ত্ৰলৈ পৰিৱৰ্তন, আগন্তুক সাধাৰণ নিৰ্বাচন, বাংলাদেশত ৰোহিংগীয়া শৰণাৰ্থীসকলৰ বাবে সাহায্যৰ বিষয়ে আলোচনা কৰে।  
 
ইউনুছে ৰুবিঅ’ক আশ্বাস দিয়ে যে, তেওঁৰ চৰকাৰ আৰু ৰাজনৈতিক দলসমূহৰ মাজত চলি থকা আলোচনাৰ ফলত দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ অতি প্ৰয়োজনীয় সংস্কাৰ হ’ব। 
 
বাংলাদেশৰ মুখ্য উপদেষ্টাগৰাকীয়ে এক্সত এক পোষ্ট কৰি কয় যে, ‘১৫ মিনিটৰ আলোচনা আন্তৰিক আৰু গঠনমূলক আছিল, যিয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত শক্তিশালী দ্বিপাক্ষিক সংযোগক প্ৰতিফলিত কৰিছিল। সচিব ৰুবিঅ’ই বাংলাদেশৰ সংস্কাৰ কাৰ্যসূচী আৰু অহা বছৰৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পদক্ষেপৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।
 
ইউনুছে কয়, "পূৰ্ব চৰকাৰে ধ্বংস কৰি পেলোৱা নিৰ্বাচনী ব্যৱস্থা পুনৰ সংগঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে কঠোৰ পৰিশ্ৰম কৰি আছে। আমাৰ যুৱক-যুৱতীসকলে জীৱনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিব।" 
 
ৰহিংগীয়া শৰণাৰ্থীসকলক অবিৰতভাৱে উদাৰ সমৰ্থন আগবঢ়োৱাৰ বাবে ৱাশ্বিংটনক প্ৰশংসা কৰি ইউনুছে লগতে কয়, "এটা কাৰ্য্যকৰী সমাধান আৰু ৰহিংগীয়াসকলক ম্যানমাৰলৈ ঘূৰাই পঠোৱাৰ সম্ভাৱনা এতিয়া পূৰ্বতকৈ ভাল হৈছে আৰু বাংলাদেশে সেইটোৰ ওপৰত কাম কৰি আছে।"
 
ইউনুছে উল্লেখ কৰে যে, দুয়োজন নেতাই ভূ-ৰাজনৈতিক বিষয়সমূহো স্পৰ্শ কৰিছিল। য’ত আছে সুস্থিৰ আৰু শান্তিপূৰ্ণ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰয়োজনীয়তা আৰু বাংলাদেশৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক। 
 
মুখ্য উপদেষ্টাগৰাকীয়ে ৰুবিঅ’ক সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বাংলাদেশ ভ্ৰমণ কৰি দেশখনৰ গণতন্ত্ৰলৈ পৰিৱৰ্তন প্ৰত্যক্ষ কৰিবলৈ আমন্ত্ৰণ জনাই কয়, "ই আমাৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিব।"
 
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টেমি ব্ৰুচে ইউনুছৰ সৈতে ৰুবিঅ’ৰ কথা-বতৰাৰ বিষয়ে কয়, "সচিব আৰু মুখ্য উপদেষ্টাগৰাকীয়ে আমেৰিকা আৰু বাংলাদেশৰ মাজত অৰ্থনৈতিক সম্পৰ্ক গভীৰ কৰাৰ লগতে সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা আৰু স্থিতিশীলতা বৃদ্ধিৰ বাবে তেওঁলোকৰ ভাগ-বতৰাৰ প্ৰতিশ্ৰুতি দৃঢ় কৰিছে।"  
 
বাংলাদেশত গণতান্ত্ৰিক শৃংখলা পুনৰুদ্ধাৰ আৰু দেশত সৰ্বাংগীন আৰু ন্যায্য নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাই বাৰে বাৰে আহ্বান জনাই আহিছে।
 
যোৱা সপ্তাহত বাংলাদেশত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত মাইকেল মিলাৰে আশা প্ৰকাশ কৰিছিল যে বাংলাদেশে অতি সোনকালে মুক্ত, নিকা আৰু বিশ্বাসযোগ্য ৰাষ্ট্ৰীয় নিৰ্বাচনৰ জৰিয়তে গণতান্ত্ৰিক শৃংখলা পুনৰুদ্ধাৰৰ সাক্ষী হ’ব। 
 
শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত ভলকাৰ টাৰ্কে বাংলাদেশত ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত শেহতীয়াকৈ ৰাজনৈতিক দল, সংগঠন আৰু ইয়াৰ সৈতে জড়িত কাৰ্যকলাপ নিষিদ্ধ কৰাৰ অনুমতি দিয়া আইন সংশোধনীৰ ওপৰত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে।
 
জেনেভাত মানৱ অধিকাৰ পৰিষদৰ ৫৯ সংখ্যক অধিৱেশনত ভাষণ দি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ মুৰব্বীগৰাকীয়ে অন্তৱৰ্তীকালীন চৰকাৰক মুক্ত আৰু সৰ্বাংগীন নিৰ্বাচনৰ পৰিৱেশ সৃষ্টিৰ বাবে সংস্কাৰৰ ক্ষেত্ৰত অৰ্থপূৰ্ণ অগ্ৰগতি লাভ কৰিবলৈ আহ্বান জনায়।
 
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছেও বাংলাদেশত সৰ্বাংগীন নিৰ্বাচনৰ আহ্বান জনাইছিল। ইউনুছৰ অধীনত থকা অন্তৱৰ্তীকালীন চৰকাৰখনক মহিলা আৰু যুৱক-যুৱতীসকলৰ লগতে সংখ্যালঘু আৰু খিলঞ্জীয়া সম্প্ৰদায়ৰ কণ্ঠৰ কথাও লক্ষ্য কৰি অন্তৰ্ভুক্ত হ’বলৈ “সকলো প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ” আহ্বান জনাইছিল।