৬০ দিনীয়া গাজা যুদ্ধবিৰতি চুক্তিৰ চৰ্তত সন্মতি প্ৰকাশ কৰিছে ইজৰাইলৰ: ড'নাল্ড ট্ৰাম্প

Story by  atv | Posted by  Munni Begum • 19 h ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু
 
ৱাশ্বিংটন 
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে মঙলবাৰে ঘোষণা কৰে যে, ইজৰাইলে গাজাত ৬০ দিনীয়া যুদ্ধবিৰতি 'চূড়ান্ত কৰিবলৈ প্ৰয়োজনীয় চৰ্তসমূহৰ ওপৰত' সন্মতি প্ৰকাশ কৰিছে। যি বছৰ বছৰ ধৰি অঞ্চলটোক চলি থকা সংঘাতৰ সম্ভাৱ্য অগ্ৰগতি। 
 
ট্ৰুথ ছ’চিয়েলত প্ৰকাশ কৰা এক বিবৃতিত ট্ৰাম্পে দাবী কৰে যে, "আজি মোৰ প্ৰতিনিধিসকলে গাজাৰ সন্দৰ্ভত ইজৰাইলীসকলৰ সৈতে এক দীঘলীয়া আৰু উৎপাদনশীল বৈঠকত মিলিত হয়। ইজৰাইলে ৬০ দিনীয়া যুদ্ধবিৰতি চূড়ান্ত কৰাৰ বাবে প্ৰয়োজনীয় চৰ্তসমূহৰ ওপৰত সন্মতি প্ৰকাশ কৰিছে , এই সময়ছোৱাত আমি সকলো পক্ষৰ সৈতে যুদ্ধৰ অন্ত পেলাবলৈ কাম কৰি যাম।"
 
শান্তি অনাত সহায় কৰিবলৈ অতি কঠোৰ পৰিশ্ৰম কৰা কাটাৰ আৰু ইজিপ্তৰ লোকসকলে এই চূড়ান্ত প্ৰস্তাৱ আগবঢ়াব বুলিও তেওঁ কয়। মধ্যপ্ৰাচ্যৰ শান্তিৰ স্বাৰ্থত হামাছক প্ৰস্তাৱিত যুদ্ধবিৰতি চুক্তি মানি ল’বলৈ আহ্বান জনায় ট্ৰাম্পে। তেওঁ সকীয়াই দিছিল, "মই আশা কৰিছো যে, মধ্যপ্ৰাচ্যৰ মংগলৰ বাবে,  হামাছে এই চুক্তিখন ল'ব, কাৰণ ইয়াৰ ফলত একো ভাল নহয়, বৰং সকলো বেয়াহে হ'ব। এই বিষয়টোৰ প্ৰতি আপোনাৰ মনোযোগ দিয়াৰ বাবে ধন্যবাদ!" 
 
মঙলবাৰে ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে, পিছৰ সপ্তাহত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে আমেৰিকা ভ্ৰমণ কৰিলে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি কৰা হ’ব বুলি আশা কৰিছে। ইয়াৰ পূৰ্বে হামাছে যুদ্ধৰ অন্ত পেলাবলৈ যিকোনো চুক্তিৰ অধীনত গাজাত বাকী থকা পণবন্দীসকলক মুক্ত কৰিবলৈ ইচ্ছুক বুলি কোৱাৰ বিপৰীতে ইজৰাইলে কয় যে, হামাছক নিৰস্ত্ৰ কৰি পেলোৱা হ’লেহে যুদ্ধ শেষ হ’ব পাৰে।  
 
ইজৰাইলৰ হিচাপ অনুসৰি ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ নেতৃত্বত উগ্ৰপন্থীয়ে ইজৰাইলক আক্ৰমণ কৰি ১২০০ জন লোকক হত্যা কৰাৰ লগতে ২৫১ জন পণবন্দী কৰি লৈছিল। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ৭ অক্টোবৰৰ পিছত ইজৰাইলৰ সামৰিক আক্ৰমণত ৫৬ হাজাৰৰো অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে।
 
এই আক্ৰমণৰ ফলত ক্ষুধা সংকটৰ সৃষ্টি হৈছে, গাজাৰ সমগ্ৰ জনসাধাৰণক আভ্যন্তৰীণভাৱে স্থানচ্যুত কৰা হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত গণহত্যাৰ অভিযোগ আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতত যুদ্ধাপৰাধৰ অভিযোগ উত্থাপন হৈছে। ইজৰাইলে এই অভিযোগ অস্বীকাৰ কৰিছে। 
 
উল্লেখ্য যে, ১২ দিন ধৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ পিছত ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতিৰ চুক্তিৰ ক্ষেত্ৰতো ট্ৰাম্পে মুখ্য ভূমিকা পালন কৰিছিল। তেওঁ ঘোষণা কৰে যে, ইৰানে কাটাৰত থকা আমেৰিকাৰ ঘাটিত সীমিত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলোৱাৰ কিছু সময়ৰ পিছতে দুয়োখন দেশেই সম্পূৰ্ণ যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰিছে। 


শেহতীয়া খবৰ