নতুন দিল্লী
সোমবাৰে দিল্লীৰ ভাৰত মণ্ডপামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হোৱা এআই ইমপেক্ট ছামিট ২০২৬ ৰ আজি তৃতীয় দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা বহু দেশৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।এই সন্মিলন ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীৰ ভাৰত মাণ্ডপামত চলি আছে।
ভাৰত এআই-ইমপেক্ট সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত হয় স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজ। বুধবাৰে পুৱা বিমানবন্দৰত তেওঁক আদৰণি জনায় দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে। ৰাষ্ট্ৰপতি ছানচেজৰ ভাৰত ভ্ৰমণে ভাৰত-স্পেইনৰ সাংস্কৃতিক, পৰ্যটন আৰু এআইৰ দ্বৈত বছৰ উদযাপনৰ বাবে আৰু অধিক গতি প্ৰদান কৰিব।
এই এআই ইমপেক্ট ছামিটত অষ্ট্ৰেলিয়া, ইষ্ট’নিয়া, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ৰাছিয়া, ছাৰ্বিয়া, ছুইজাৰলেণ্ড, তাজিকিস্তান, নেদাৰলেণ্ড, যুক্তৰাজ্য, আফ্ৰিকান ৰাষ্ট্ৰৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰিছে। শীৰ্ষ সন্মিলনৰ সময়ছোৱাত ৭০০ৰো অধিক অধিবেশনৰ পৰিকল্পনা কৰা হৈছে, এআই সুৰক্ষা, শাসন, নৈতিকতা, তথ্য সুৰক্ষা, সাৰ্বভৌম এআই ক্ষমতা আৰু কামৰ ভৱিষ্যতৰ দৰে বিষয়বস্তু সামৰি লোৱা হৈছে।
এই সন্মিলন বিশ্বৰ সৰ্ববৃহৎ এ আই মঞ্চ,যিয়ে এআই নীতিৰ দিশ নিৰ্ধাৰণ কৰাৰ বাবে ৰাষ্ট্ৰীয় নেতা, প্ৰযুক্তি কোম্পানী চিইঅ’, শৈক্ষিক বিশেষজ্ঞ আৰু নাগৰিক সমাজক একত্ৰিত কৰে।