লিবিয়াৰ সাগৰত উপঙিছে হাজাৰ হাজাৰ মৃতদেহ

Story by  atv | Posted by  [email protected] • 11 Months ago
লিবিয়াৰ সাগৰত উপঙিছে হাজাৰ হাজাৰ মৃতদেহ
লিবিয়াৰ সাগৰত উপঙিছে হাজাৰ হাজাৰ মৃতদেহ
 
নতুন দিল্লী 
 
আফ্রিকীয় দেশ লিবিয়াত বান আৰু ধুমুহাৰ সংহাৰত এতিয়া দেশখনত অবর্ণনীয় পৰিবেশে বিৰাজ কৰিছে। সাগৰীয় পানীত ওপঙিছে হেজাৰ হেজাৰ মৃতদেহ। পথৰ কাষত য'তে-ত'তে পৰি ৰৈছে মৃতদেহৰ দ'ম। 
 
এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে আফ্রিকীয় দেশ লিবিয়া। বহিঃবিশ্বৰে সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ। দেশখনত এতিয়ালৈ ৭ হেজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। আনহাতে বিশ হেজাৰতকৈ অধিক লোক সন্ধানহীন হৈ আছে। এইপর্যন্ত উদ্ধাৰ হৈছে ৬,৮৮৬ টা মৃতদেহ। 
 
মৃতদেহ সৎকাৰ কৰাৰ বাবেও ব্যৱস্থা নাই এতিয়া দেশখনত। পৰিস্থিতি এনে পৰ্যায়ত উপনীত হৈছে যে মানুহে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। ৪০ হেজাৰ জনবসতিপূৰ্ণ ডেনা চহৰ বানত সম্পূর্ণ জাহ গৈছে। ডেনা চহৰৰ সকলো বাট-পথ নিশ্চিহ্নপ্রায়। বোকা-পানীৰ মাজত বাসগৃহ, বাহন আদি সকলো ধ্বংসস্তূপত পৰিণত হৈছে। 
 
চহৰখনৰ ২৫ শতাংশ অংশই নিঃশেষ হৈছে। ইতিমধ্যে বহু দেশে দেশখনক সহায় আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছে যদিও এই মুহূৰ্তত দেশখনত উপস্থিত হ'বলৈ বিমান বন্দৰ ধ্বংসপ্রায় হোৱাৰ লগতে বাট-পথৰ কোনো চিন-মোকাম নোহোৱা হৈ পৰিছে।