ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি সন্দৰ্ভত ট্ৰাম্পৰ প্ৰতিক্ৰিয়া প্ৰকাশ

Story by  atv | Posted by  Munni Begum • 4 d ago
ড’নাল্ড ট্ৰাম্প
ড’নাল্ড ট্ৰাম্প
 
ডাভোছ
 
বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰত-আমেৰিকা দ্বিপাক্ষিক বাণিজ্য চুক্তি(বি টি এ)ৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে, শীঘ্ৰেই দুয়োখন দেশৰ মাজত এক আকৰ্ষণীয় চুক্তি স্বাক্ষৰ হ’ব৷ সমান্তৰালকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই ট্ৰাম্পে নিজৰ ঘনিষ্ঠ বন্ধুৰ লগতে সন্মানীয় নেতা হিচাপে আখ্যা দিয়ে। 
 
বিশ্ব অৰ্থনৈতিক মঞ্চৰ ৫৬ সংখ্যক বাৰ্ষিক সন্মিলনত দিয়া ভাষণৰ পিছত মানীকণ্ট্ৰলৰ সৈতে হোৱা বাৰ্তালাপত ট্ৰাম্পে এই কথা সদৰী কৰে৷ ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিষয়ে মানীকণ্ট্ৰলে সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, "আপোনালোকৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে। তেওঁ এজন মহৎ লোক আৰু মোৰ বন্ধু, আৰু আমি এক আকৰ্ষণীয় চুক্তি স্বাক্ষৰিত কৰাৰ দিশে আগবাঢ়িছো৷"
 
পূৰ্বে ভাৰতৰ বাণিজ্যিক সচিব ৰাজেশ আগৰৱালাই বহু প্ৰত্যাশিত ভাৰত-আমেৰিকা দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায় নিচেই চমু চপা বুলি কৈছিল যদিও তেওঁ কোনো নিৰ্দিষ্ট সময়সীমাৰ কথা উল্লেখ কৰা নাছিল৷ 
 
দুয়োখন দেশৰ নেতৃত্বৰ নিৰ্দেশনাৰ পিছতে ফেব্ৰুৱাৰী মাহত ভাৰত-আমেৰিকা দ্বিপাক্ষিক বাণিজ্য চুক্তি আনুষ্ঠানিকভাৱে প্ৰস্তাৱ কৰা হয়। ইয়াৰ অধীনত দ্বিপাক্ষিক বাণিজ্য দুগুণতকৈও অধিক কৰাৰ প্ৰচেষ্টা চলোৱা হ'ব৷ ২০৩০ চনৰ ভিতৰত বৰ্তমানৰ ১৯১ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ৫০০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৱাশ্বিংটন ভ্ৰমণৰ সময়ত এই আলোচনাৰ কথা প্ৰথম ঘোষণা কৰা হৈছিল। 
 
৯ জানুৱাৰীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, "যোৱা বছৰৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা ভাৰত-আমেৰিকাই দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আছিল। অৰ্থাৎ তেতিয়াৰ পৰাই দুয়ো দেশে কেইবালানি আলোচনা কৰি সুষম আৰু পাৰস্পৰিকভাৱে লাভজনক বাণিজ্যিক চুক্তিত উপনীত হৈছে।" আনহাতে, বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয়, "কেইবাবাৰো আমি চুক্তিৰ নিচেই কাষ চাপিছো।"