WEF-ত আমেৰিকাৰ গাজা শান্তি বোৰ্ড ঘোষণাৰ সম্ভাৱনাঃ প্ৰতিবেদন

Story by  atv | Posted by  [email protected] • 19 h ago
WEF-ত আমেৰিকাৰ গাজা শান্তি বোৰ্ড ঘোষণাৰ সম্ভাৱনাঃ প্ৰতিবেদন
WEF-ত আমেৰিকাৰ গাজা শান্তি বোৰ্ড ঘোষণাৰ সম্ভাৱনাঃ প্ৰতিবেদন
 
ৱাশ্বিংটন ডি চি (US)
 
আমেৰিকাই আগন্তুক দিনত 'গাজা শান্তি বোৰ্ড'ৰ সদস্যসকলৰ আনুষ্ঠানিক তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে। ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চৰ (World Economic Forum) বৈঠকৰ সময়তে তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি সোমবাৰে (স্থানীয় সময় অনুসৰি) PBS News-এ এক প্ৰতিবেদনত প্ৰকাশ কৰিছে।
 
আমেৰিকাৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্বৰ বিভিন্ন দেশলৈ পত্ৰ প্ৰেৰণ কৰি গাজাত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা দুৰ্বল যুদ্ধবিৰতি তদাৰক কৰিবলৈ এটা "শান্তি বোৰ্ড"ত ভাৰতসহ অন্যান্য ৰাষ্ট্ৰসমূহক চামিল হ’বলৈ অনুৰোধ জনাইছে।
 
আটাইতকৈ আচৰিত কথাটো হ’ল- এই পত্ৰ গ্ৰহণকাৰী দেশসমূহৰ ভিতৰত আমেৰিকাৰ ঐতিহাসিক মিত্ৰ নোহোৱা দেশবোৰো অন্তৰ্ভুক্ত আছে। কানাডা, ফ্ৰান্স, ব্ৰিটেইন আৰু চৌদি আৰৱৰ লগতে ৰাছিয়া আৰু বেলাৰুছো এই তালিকাত অন্তৰ্ভুক্ত আছে।
 
বোৰ্ডখনৰ চনদত (charter) উল্লেখ কৰা মতে, ট্ৰাম্পে আশা কৰিছিল যে এই সংস্থাটোৱে গাজাৰ বাহিৰেও আন সংঘৰ্ষবোৰত হস্তক্ষেপ কৰিব। 'নিউয়ৰ্ক টাইমছ'ৰ মতে, সমালোচকসকলে আঙুলিয়াই দিছে যে এই সংস্থাটোৱে ৰাষ্ট্ৰসংঘৰ অনুকৰণ কৰিছে, যাক ট্ৰাম্পে দীৰ্ঘদিন ধৰি উদাৰতাবাদী পক্ষপাতিত্ব আৰু অপচয়ৰ বাবে অভিযুক্ত কৰি আহিছে।
 
এই বোৰ্ডৰ স্থায়ী সদস্যপদৰ বাবে ১ বিলিয়ন মাৰ্কিন ডলাৰৰ এক বৃহৎ মাচুল নিৰ্ধাৰণ কৰা হৈছে আৰু এই ধনৰ ওপৰত ট্ৰাম্পৰ কিমান নিয়ন্ত্ৰণ থাকিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
 
ট্ৰাম্পৰ পৰিকল্পনা অনুসৰি, এই বোৰ্ডখন হ’ব এটা "নতুন আন্তঃৰাষ্ট্ৰীয় পৰিৱৰ্তনকালীন সংস্থা" যিয়ে পেলেষ্টাইনৰ এলেকাটো পুনৰ নিৰ্মাণত সহায় কৰিব। এই বোৰ্ডৰ সদস্যসকলৰ ভিতৰত বিশ্বৰ নেতাসকল থাকিব আৰু ট্ৰাম্পে এই সভাত অধ্যক্ষতা কৰিব।
 
যোৱা নৱেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আমেৰিকাই প্ৰস্তুত কৰা এক প্ৰস্তাৱৰ জৰিয়তে এই বোৰ্ডখনক আনুষ্ঠানিকভাৱে সমৰ্থন জনায়, যাৰ ফলত ই আন্তঃৰাষ্ট্ৰীয় বৈধতা লাভ কৰে।
 
ইজৰাইল আৰু হামাছৰ মাজত দীৰ্ঘদিনীয়া সংঘাতৰ অন্তত ১০ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা যুদ্ধবিৰতিৰ পাছতে এই ঘোষণা আহিছে। ২০২৫ চনৰ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ট্ৰাম্পৰ এই শান্তি পৰিকল্পনাক সমৰ্থন কৰিছিল, যিয়ে এক ব্যাপক পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ অংশ হিচাপে বোৰ্ডখন পৰিচালনাৰ পথ প্ৰশস্ত কৰিছে।
 
অৱশ্যে ইজৰাইল চৰকাৰে ট্ৰাম্পৰ এই বোৰ্ডৰ মুকলিকৈ বিৰোধিতা কৰিছে। তেওঁলোকে দাবী কৰিছে যে এই বোৰ্ড গঠনৰ ক্ষেত্ৰত জেৰুজালেমৰ (ইজৰাইল) সৈতে কোনো সমন্বয় কৰা হোৱা নাই আৰু ই তেওঁলোকৰ নীতিৰ পৰিপন্থী, বিশেষকৈ তুৰস্ক আৰু কাটাৰৰ কূটনীতিবিদসকলক ইয়াত অন্তৰ্ভুক্ত কৰাৰ বাবে। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যুহুৱে এই সন্দৰ্ভত অধিক আলোচনা কৰিবলৈ কেবিনেট বৈঠক আহ্বান কৰি আপত্তি প্ৰকাশ কৰিছে।