ইৰাণক হুংকাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
 
নতুন দিল্লী
 
ইৰাণ সকীয়নী দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। কথা নুশুনিলে ভয়ংকৰ পৰিণাম হ’ব বুলি সকীয়াই দিয়ে ট্ৰাম্পে। এই হুংকাৰ প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে হুংকাৰ প্ৰদান কৰি ইৰাণক অতি শীঘ্ৰেই আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনায়।
 
লগতে পৰমাণু অস্ত্ৰৰ চুক্তি কৰিবলৈ ইৰাণক সকিয়নী প্ৰদান কৰে। অন্যথা পৰৱৰ্তী সময়ত ইৰাণে ইয়াৰ পৰিমাণ ভুগিব লাগিব বুলি হুংকাৰ প্ৰদান কৰে। পূৰ্বতকৈ অধিক ভয়াৱহ আক্ৰমণ কৰিব বুলিও কয় ৰাষ্ট্ৰপতিগৰাকীয়ে।
 
ট্ৰাম্পে ইৰাণক উদ্দেশ্যি কয় যে, সময় থাকোতে এই চুক্তি কৰক আৰু আলোচনাৰ মাজলৈ আহক। সুযোগৰ সদ্ব্যৱহাৰ কৰক। ভদ্ৰভাৱে কৈছো- নহ’লে ইয়াৰ পৰিণাম অতি ভয়াৱহ হ’ব। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ট্ৰাম্পে ইৰাণক দিয়া এই হুংকাৰ এয়েই প্ৰথম নহয়; ২০২৫ৰ জুনতো সকিয়নী প্ৰদান কৰিছিল ৰাষ্ট্ৰপতিগৰাকীয়ে।
 
"আশা কৰোঁ ইৰাণে সোনকালে আলোচনাৰ মেজলৈ আহিব আৰু এক ন্যায্য তথা সমতাপূৰ্ণ চুক্তিত উপনীত হ'ব—য’ত কোনো পাৰমাণৱিক অস্ত্ৰ নাথাকিব। সময় ইতিমধ্যে হাতৰ পৰা উকলি গৈছে !"