ভাৰতৰ সৈতে কি সম্পৰ্ক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব লোৱা ডঃ মহম্মদ ইউনুছৰ ?

Story by  atv | Posted by  [email protected] • 29 d ago
ডঃ মহম্মদ ইউনুছ
ডঃ মহম্মদ ইউনুছ
 
জয়নাৰায়ণ প্ৰসাদ/কলকাতা
 
শ্বেইখ হাছিনাৰ ১৫ বছৰীয়া শাসনকালৰ পিছত নতুন অধ্যায়ৰ পাতনি মেলি বৃহস্পতিবাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপতগ্ৰহণ কৰে নোবেল বঁটা বিজয়ী ডঃ মহম্মদ ইউনুছে। ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে ডঃ মহম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে। নতুনকৈ বাংলাদেশ চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰা ডঃ মহম্মদ ইউনুছৰ ভাৰতৰ সৈতে কি সম্পৰ্ক আপুনি জানেনে ?
 
অতি কম সংখ্য লোকেহে জানে যে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰা ডঃ মহম্মদ ইউনুছৰ পশ্চিমবংগৰ বুৰ্দৱান চহৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। ডঃ মহম্মদ ইউনুছ ভাৰতৰ জোঁৱাই। বংগৰ ঐতিহাসিক বুৰ্দৱান জিলাৰ ৰাণীগঞ্জ বজাৰৰ গাতে লাগি থকা লস্কৰদীঘীৰ কন্যা আফৰজী বেগমৰ সৈতে তেওঁৰ বিবাহপাশত আবদ্ধ হৈছিল। আফৰজী বেগম বুৰ্দৱান চহৰৰ ৰাণীগঞ্জ বজাৰৰ লস্কৰদীঘী অঞ্চলৰ পিতৃৰ ঘৰত ডাঙৰ-দীঘল হৈছিল।
 
২০০৬ চনত নোবেল বঁটা লাভ কৰা বাংলাদেশৰ ডাঃ মহম্মদ ইউনুছে বংগৰ বুৰদৱান জিলাত বাস কৰা খুলখালিয়েক আছফাক হুছেইনৰ সৈতে নিয়মীয়া কথা-বতৰা পাতে। আছফাক হুছেইনে কয় যে, ডঃ মহম্মদ ইউনুছৰ দৰে এজন সক্ষম ব্যক্তিক বাংলাদেশৰ দায়িত্ব দিয়াটো অতি আনন্দৰ বিষয়।'
খুলখালিয়েক আছফাক হুছেইনৰ সৈতে ডঃ মহম্মদ ইউনুছ
 
আছফাক হুছেইনে কয়, "ডঃ মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰলৈ মই অনুৰোধ জনাব বিচাৰিম যে বাংলাদেশৰ ভিছা পাবলৈ আমাক ১৫ ৰ পৰা ২০ দিন সময় লাগে। যদিহে ভিছাৰ সময়সীমা কমি যায় তেন্তে বংগৰ জনসাধাৰণৰ বাবে বাংলাদেশ যোৱাটো সহজ হৈ পৰিব। আৰু বাংলাদেশৰ পৰা  বংগলৈ দিয়া এটা উৎকৃষ্ট উপহাৰ হ'ব। আনহাতে যদি বাংলাদেশ সীমান্ততেই ভিছাৰ ব্যৱস্থা কৰা হয়, তেন্তে ই বংগৰ জনসাধাৰণৰ বাবে আৰু অধিক সহজ হৈ পৰিব।"
 
বাংলাদেশ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডঃ মহম্মদ ইউনুছৰ খুলখালিয়েক আছফাক হুছেইনে কয়, "ভিনদেউৱে ইলিছ আৰু ছুটকী মাছ বৰ ভাল পায়। তেওঁ ভাতৰ লগত এই দুইবিধ মাছ খাই বহুত ভাল পাই।" উল্লেখযোগ্য যে, ডঃ মহম্মদ ইউনুছে বহুবাৰ বংগ আৰু ৰাণীগঞ্জ বজাৰৰ লস্কৰডিঘী অঞ্চলত থকা তেওঁৰ ঘৰলৈ আহিছিল। ব্যস্ততাৰ বাবে বৰ্তমান তেওঁ ইয়ালৈ অহা নাই যদিও ঐতিহাসিক চহৰ বুৰ্দৱানত আহি তেওঁৰ বৰ ভাল পাই। আছফাক হুছেইনে কয়, "যেতিয়াই ডাঃ মহম্মদ ইউনুছ ইয়ালৈ আহিলে মাত্ৰ দুই-চাৰি দিনহে থকাকৈ আহে।"
 
আছফাক হুছেইনৰ পত্নী তনুজা হুছেইনে কয় যে; "ইয়াতকৈ আৰু সুখৰ বিষয় কি হ'ব পাৰে। আজি বাংলাদেশ আৰু বংগ উভয়ৰে বাবে খুব এটা সুখৰ মুহূৰ্ত। ডঃ মহম্মদ ইউনুছে বংগৰ খাদ্য বহুত ভাল পাই। তেওঁৰ এই নতুন অধ্যয়ৰ বাবে আমি বহুত আনন্দিত আৰু যথেষ্ট বিপৰ্যয়ৰ পিছত বাংলাদেশৰ নাগৰিকৰ সুখত আমিও সুখী।"
 
ডঃ মহম্মদ ইউনুছে শপতগ্ৰহণ কৰি থকা মুহূৰ্তত
 
উল্লেখযোগ্য যে, ইউনুছে অলিম্পিক গেমছৰ বাবে পেৰিছলৈ গৈছিল যদিও খবৰ পোৱাৰ লগে লগে তেওঁ বাংলাদেশলৈ উভতি আহিছিল। সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামান, জ্যেষ্ঠ বিষয়া আৰু ছাত্ৰ নেতাই তেওঁক বিমানবন্দৰত আদৰণি জনায়। এই উপলক্ষে ইউনুছে কয় যে “আজি আমাৰ বাবে গৌৰৱৰ দিন। আমি দ্বিতীয়বাৰৰ বাবে স্বাধীনতা পাইছো। আমি এই স্বাধীনতা ৰক্ষা কৰিব লাগিব।” মহম্মদ ইউনুছে শ্বেখ হাছিনাক ক্ষমতাৰ পৰা উৎখাত কৰা ছাত্ৰ-ছাত্ৰীক প্ৰশংসা কৰে। ইউনুছে প্ৰতিবাদকাৰীক কয়, “যদি আপোনালোকে মোক বিশ্বাস কৰে, তেন্তে দেশৰ ক’তো যাতে কাকো আক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এয়া আমাৰ প্ৰথম দায়িত্ব। মোৰ কথা নুশুনিলে মোৰ ইয়াত থকাৰ প্ৰয়োজন নাই।”
 
বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে নতুন চৰকাৰক শপত গ্ৰহণ কৰায়। ইয়াৰ ভিতৰত ড০ ছালেহুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ জেনেৰেল এম সাখাৱত হুছেইন, ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ এম ডি নজৰুল ইছলাম, আদিলুৰ ৰহমান খান, এ এফ হাছান আৰিফ, এম ডি তৌহিদ হুছেইন, চ্যেদা ৰিজৱানা হাছান, সুপ্ৰদীপ চাকমা, ফৰিদা আখতাৰ আদি উল্লেখযোগ্য। বিধান ৰঞ্জন ৰায়, শৰ্মিন মুৰ্শ্বিদ, এ এফ এম খালিদ হুছেইন, ফাৰুক ই আজম, নূৰজাহান বেগম, নাহিদ ইছলাম আৰু আছিফ মাহমুদকো অন্তৱৰ্তীকালীন চৰকাৰত অন্তৰ্ভুক্ত কৰা হৈছে।
 
শ্বেখ হাছিনাৰ বিদায়ৰ পিছত সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে যিদৰে কমাণ্ড গ্ৰহণ কৰিছে, সেইদৰে জল্পনা-কল্পনা চলিছে যে হয়তো সেনাই চৰকাৰ পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সেইবাবেই বহু অৱসৰপ্ৰাপ্ত সেনা বিষয়াকো শপত লোৱাসকলৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজনৈতিক আৰু সামাজিক খণ্ডৰ বহু লোককো অন্তৰ্ভুক্ত কৰা হৈছে। অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাজন প্ৰধানমন্ত্ৰীৰ সমতুল্য, আৰু আন উপদেষ্টাসকল মন্ত্ৰীৰ সমতুল্য। এই অন্তৱৰ্তীকালীন চৰকাৰে নিৰ্দিষ্ট সময়ৰ বাবে দেশক নেতৃত্ব দিব আৰু নিৰ্বাচনৰ তদাৰক কৰি নিৰ্বাচিত চৰকাৰলৈ ক্ষমতা হস্তান্তৰ কৰিব।