নতুন দিল্লী
বিশ্বৰ কেইবাখনো দেশত বিকল হৈ পৰিছে YOUTUBE। ডাউনডিটেক্টৰেও এই কথা জনাইছে আৰু লাখ লাখ লোকে ব্যৱহাৰকাৰীয়ে এই কথা জনাইছে।
যেতিয়া ব্যৱহাৰকাৰীয়ে Youtube খুলিছিল, তেতিয়া তেওঁলোকে ইয়াৰ সেৱাত প্ৰৱেশ কৰিব পৰা নাছিল, ইয়াৰ পিছত তেওঁলোকে এই তথ্য ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰে। আমেৰিকাত ৩ লাখৰো অধিক লোকে ডাউন ডিটেক্টৰত এই কথা প্ৰকাশ কৰিছে।
ষ্ট্ৰীমিং প্লেটফৰ্ম ইউটিউব ডাউন হোৱাৰ অভিযোগ বহু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা আহিছিলে। ভিডিঅ’, এপ, ৱেবছাইট তিনিওটাতে মানুহৰ সমস্যা হৈছিল।
এই বিচ্ছিন্নতাৰ পিছত ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈছে #YouTubeDown। ইউটিউবৰ সেৱা বন্ধ হোৱাৰ পিছত কোম্পানীটোৱে এক্স প্লেটফৰ্মত (পুৰণি নাম টুইটাৰ) এই বিষয়ে পোষ্ট কৰে।
কোম্পানীটোৱে কৈছে যে, যদি আপুনি এতিয়াও ইউটিউবত প্ৰৱেশ কৰাত অসুবিধা পাইছে তেন্তে আপুনি অকলশৰীয়া নহয়। কোম্পানীটোয়ে এই সমস্যাটো অতি সোনকালে সমাধান কৰিব; তেওঁলোকৰ দলটোৱে ইয়াৰ ওপৰত কাম কৰি আছে।