বিনামূলীয়া ইফতাৰেৰে মানৱ সেৱা কৰাৰ প্ৰয়াস ৰঙিয়াৰ এদল যুৱকৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
ৰঙিয়াত বিনামূলীয়া ইফতাৰ বিতৰণ
ৰঙিয়াত বিনামূলীয়া ইফতাৰ বিতৰণ
 
ইনতাজ আলী / ৰঙিয়া 
 
ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বিশ্বাস অনুসৰি ৰমজান মাহ হৈছে অতিকৈ উত্তম আৰু পবিত্ৰ। ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে  ৰোজা ৰখা আৰু আল্লাহৰ ইবাদত কৰাৰ উপৰিও ত্যাগ, আত্ম সংশোধন, মানৱতা, দান-বৰঙণি আদিতো যথেষ্ট গুৰুত্ব আৰোপ কৰে। সেয়েহে পৱিত্ৰ ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলক বিভিন্নধৰণে ভাল কামৰ বাবে আগুৱাই অহা দেখা যায়। তাৰে এক উদাহৰণ হ'ল ৰঙিয়াৰ হেলপিং হেণ্ড (Helping Hand)নামৰ স্বেচ্ছাসেৱী সংগঠনটো।
 
পৱিত্ৰ ৰমজান মাহ উপলক্ষে ৰোজাদাৰক সেৱা কৰিবলৈ ওলাই আহিছে Helping Handৰ সদস্যসকল। ৰমজান মাহৰ প্ৰথম দিনটোৰ পৰাই ৰোজাদাৰক ইফটাৰ যোগান ধৰি আছে তেওঁলোকৰ সদস্যসকলে। ৰঙিয়াৰ ৰেলৱে জংচনৰ সমীপৰ ষ্টেচন জামে মছজিদৰ সন্মুখত ইফটাৰৰ সময়ত তেওঁলোকে বিনামূলীয়া আগবঢ়াইছে ইফটাৰ। 
 
 
হেল্পিং হেণ্ড-এ ৰোজাদাৰৰ মাজত বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যৰ লগতে পানীৰ বটল বিতৰণ কৰিছে। নিজৰ পকেটৰ ধনেৰে ৰোজাদাৰক ইফটাৰ কৰাই তেওঁলোকে আশীৰ্বাদ লাভ কৰাৰ উপৰিও সকলোৰে পৰা প্ৰশংসা বুটলিছে। 
 
হেলপিং হেণ্ডৰ অন্যতম সদস্য ৰাকেছুদ্দিন আহমেদে কয়: "আমাৰ ইফটাৰ বিতৰণৰ উদ্দেশ্য হৈছে, যিসকলে কৰ্মব্যস্ততাৰ বাবে ঘৰত গৈ ইফটাৰ কৰিব নোৱাৰে, তেওঁলোকক বিনামূলীয়া ইফটাৰ যোগান ধৰা। যেনে ই-ৰিক্সা চালক, সৰু-সুৰা দোকানী, পথাচাৰি, ভ্ৰমনকাৰী, দৰিদ্ৰ লোক বা আমাৰ ওচৰে-পাজৰে অফিচ-কছাৰীত থকা লোকসকল। ৰমজান মাহৰ প্ৰথমদিনৰ পৰাই ইফটাৰ যোগান ধৰি আছোঁ, ৰমজানৰ সম্পূৰ্ণ ৩০ দিনেই আমি বিনামূলীয়া ইফটাৰ আগবঢ়াম।"
 
বিনামূলীয়া ইফটাৰ গ্ৰহণ কৰা এগৰাকী মহিলা
 
আন এজন সদস্য চুজা মালিকে কয়; "পৱিত্ৰ ৰমজান মাহ উপলক্ষে, আমি প্ৰথম দিনৰে পৰা বিনামূলীয়া ইফটাৰ যোগান ধৰি আছোঁ। লগতে আমি সম্পূৰ্ণ মাহটো বিনামূলীয়া ইফটাৰ যোগান ধৰিম বুলি সংকল্পবদ্ধ হৈছোঁ। আমাৰ এই প্ৰয়াসত আমাৰ স্থানীয় লোকসকলে যথেষ্ট সহায়-সহযোগিতা আগবঢ়াইছে। আনকি হিন্দু ভাইসকলেও সহায়-সহযোগিতা আগবঢ়াইছে। আমাৰ এই Helping Hand গ্ৰুপটোৰ সকলোবোৰ সদস্যই যুৱ। গতিকে অনাগত দিনত আমি ৰাজহুৱা স্বাৰ্থজনীত বিভিন্ন কাম-কাজত সহায়ৰ হাত আগবঢ়াম বুলি ভাবিছোঁ।"
 
উল্লেখযোগ্য যে, গুৱাহাটীৰ জালুকবাৰীৰ মতিউৰ ৰহমান নামৰ এগৰাকী ব্যৱসায়ীয়েও বিগত ১১ বছৰ ধৰি প্ৰত্যেক ৰমজান মাহত পূণ্য অৰ্জনৰ লক্ষ্যৰে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে। মূলতঃ হোটেলৰ ব্যৱসায়ী ৰহমানে পবিত্ৰ ৰমজান মাহত প্ৰায় ১৫০ৰো অধিক লোকক নিজৰ হোটেলত দৈনিক বিনামূলীয়াকৈ ইফটাৰ আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিছে। সেয়ে, জালুকবাৰীত অৱস্থিত ‘হোটেল তাজ’ ৰমজানৰ সময়ত বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।
 
ইফটাৰ বিতৰণৰ বাবে প্ৰস্তুত কৰি থকা হেল্পিং হেণ্ডৰ সদস্য সকল
 
তাৰোপৰি, ৰমজান আৰম্ভ হোৱাৰ লগে লগে Raindrops initiative Assam নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ৰোগীৰ সৈতে থকা আত্মীয়সকলৰ বাবে বিনামূলীয়া ইফটাৰ আৰু চেহেৰীৰ ব্যৱস্থা কৰি আহিছে। চেহেৰীৰ ব্যৱস্থা কৰাৰ ফলত ৰোগীৰ সৈতে জি এম চি এইচলৈ অহা আত্মীয়সকলৰ যথেষ্ট সুবিধা হয়। দৈনিক ৩০০ৰ পৰা ৪০০ লোকে চেহেৰী গ্ৰহণ কৰি আছে। Raindrops Initiative Assam নামৰ সংগঠনটোৰ এই স্বেচ্ছামূলক কামৰ সকলোৱে শলাগ লৈছে আৰু কিছু কিছু লোকে খাদ্য বিতৰণ কাৰ্যসূচীত আৰ্থিক অনুদানো আগবঢ়াইছে।