অসম চৰকাৰৰ ৪৪,৭০৩ জন প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ বিতৰণ; প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা

Story by  atv | Posted by   Imtiaz Ahmed • 6 Months ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহক স্বাগতম জনাইছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহক স্বাগতম জনাইছে
গুৱাহাটী

অসম চৰকাৰে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা ৪৪,৭০৩জন যুৱক-যুৱতীৰ মাজত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে।

গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত আছিল।

এই উপলক্ষে ভাষণ দি অমিত শ্বাহে চৰকাৰী পদত নিযুক্তি পোৱা সকলো প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ হৈ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

অমিত শ্বাহে কয়, "অসম চৰকাৰে মুক্ত আৰু ন্যায্যভাৱে ৰাজ্যৰ যুৱক-যুৱতীসকলক ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ নির্বাচনী প্রতিশ্রুতি পালন কৰিছে৷ সকলোকে অভিনন্দন জনাইছো আৰু আশা কৰিছো যে অনাগত দিনত আপোনালোকে অসমক এখন উন্নত ৰাজ্য কৰি তুলিব।”

"বিজেপিয়ে নিজৰ সকলো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰে। আজি প্ৰায় ৮৬ হাজাৰ যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিছে, মাত্ৰ দুবছৰৰ ভিতৰতে প্ৰতিশ্ৰুতি পূৰণ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ হৈ অসম চৰকাৰক ধন্যবাদ জনাইছো," তেওঁ লগতে কয়।

ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উৎসাহৰ বাবেই এই কৃতিত্ব সম্পন্ন হৈছে।

এই উপলক্ষে ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "২০২১ চনত যেতিয়া আমি অসমৰ ৰাইজৰ আশীৰ্বাদ লাভ কৰিছিলো, তেতিয়া আমি যুৱক-যুৱতীসকলক ১ লাখ চৰকাৰী চাকৰি মুক্ত, নিকা আৰু স্বচ্ছভাৱে প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিলো। যোৱা দুবছৰত আমি ৮৬ হাজাৰৰো অধিক যুৱক-যুৱতীক চাকৰিৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছো আৰু নতুন অসমৰ বাবে আগন্তুক পথৰ তালিকা প্ৰস্তুত কৰিবলৈ সক্ষম হৈছো।”

"আমাৰ চৰকাৰে ১ লাখ চাকৰি দিয়ে ৰয় নাযাই। আমি স্বচ্ছভাৱে চৰকাৰী চাকৰি প্ৰদান কৰাৰ এই পৰিৱেশ অব্যাহত ৰাখিব বিচাৰো। আমি আৰু অতিৰিক্ত ২২ হাজাৰ চাকৰিৰ বিজ্ঞাপন দিম," মুখ্যমন্ত্ৰীয়ে লগতে কয়।

লগতে তেওঁ কয় যে ২ লাখ নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী হোৱাৰ বাবে ₹২ লাখকৈ দিয়া হ’ব।

তেওঁ লগতে কয়, "দেশৰ পাঁচখন শীৰ্ষ ৰাজ্যৰ ভিতৰত অসম এখন হ’ব। আমি সমাজৰ দুৰ্বল শ্ৰেণীৰ উত্থানৰ বাবে অহৰহ কাম কৰিম। আহক আমি সকলোৱে আজি প্ৰতিশ্ৰুতি দিওঁ যে আমি দুৰ্নীতিমুক্ত ৰাষ্ট্ৰ লাভৰ বাবে কাম কৰিম। নিযুক্তিপ্ৰাপ্ত সকলো যুৱক-যুৱতীয়ে ১ জুনত তেওঁলোকৰ কাৰ্যালয়ত যোগদান কৰিব পাৰিব।”

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ নতুনকৈ নিযুক্তি পোৱা যুৱক-যুৱতীসকলক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ উন্নত ভৱিষ্যত গঢ় দিয়াৰ প্ৰতি থকা নিষ্ঠাৰ বাবে প্ৰশংসা প্ৰকাশ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ নিযুক্তি অনুষ্ঠানত প্ৰদৰ্শিত হোৱা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে তেওঁলোকৰ পৰিয়াললৈ অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে বিহুৰ জীপাল মনোভাৱৰ কথা উল্লেখ কৰি সেইদিনাৰ স্মৃতি স্মৰণ কৰে যেতিয়া গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰৰো অধিক নৃত্যশিল্পী আৰু ঢোলীয়াই অসমৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত খোদিত কৰিবলৈ “একক স্থানত সৰ্ববৃহৎ বিহু নৃত্য প্ৰদৰ্শন” কৰিছিল।

তেওঁ ক’লে, “সেই উল্লেখযোগ্য দিনটোৰ স্মৃতিবোৰ এতিয়াও মোৰ মনত প্ৰাঞ্জল হৈ আছে।”

তেওঁ জোৰ দি কয় যে অনুষ্ঠানৰ সময়ত দিয়া নিযুক্তিসমূহ জাতিৰ প্ৰগতিৰ প্ৰতি যুৱ প্ৰজন্মই প্ৰদৰ্শন কৰা দায়বদ্ধতাৰ প্ৰমাণ।

চৰকাৰৰ এই প্ৰচেষ্টাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে গৌৰৱেৰে উল্লেখ কৰে যে শেহতীয়াকৈ ৪০ হাজাৰৰো অধিক যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা হৈছে। এই প্ৰতিশ্ৰুতিক আৰু অধিক শক্তিশালী কৰি এই শুভ অনুষ্ঠানত অতিৰিক্ত ৪৫,০০০ ব্যক্তিক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে নৱনিযুক্ত ব্যক্তিসকলক জনসাধাৰণৰ প্ৰতি জবাবদিহি হ’বলৈ আহ্বান জনায়। তেওঁ কয় যে তেওঁলোকক সাধাৰণ নাগৰিক-চৰকাৰৰ মুখপাত্ৰ হিচাপে গণ্য কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে আৰু উল্লেখ কৰে যে অসমে শান্তি আৰু উন্নয়নৰ এক নতুন যুগ অনুভৱ কৰি আছে, প্ৰগতিৰ বাবে ইতিবাচক পৰিৱেশ গঢ়ি তুলিছে। তেওঁ অসম চৰকাৰে ব্যৱহাৰ কৰা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াক প্ৰশংসা কৰে, ইয়াক ব্যৱস্থাটোৰ পৰা দুৰ্নীতি দূৰ কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ বুলি গণ্য কৰে। তদুপৰি এই ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰচেষ্টাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।

ভাৰতৰ পৰিৱৰ্তনৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে উন্নয়নৰ দিশত গ্ৰহণ কৰা দ্ৰুত অগ্ৰগতি আৰু আজাদী কা অমৃত মহোৎসৱৰ দ্বাৰা সৃষ্টি হোৱা ইতিবাচক গতিৰ ওপৰত আলোকপাত কৰে। তেওঁ চৰকাৰক পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাবলৈ আহ্বান জনায়, যাৰ ফলত দ্ৰুত আৰু কাৰ্যক্ষম ফলাফল সম্ভৱ হ’ব।