ছুফীবাদ আৰু বৈষ্ণৱবাদৰ মাজত থকা সাদৃশ্যতাৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ ফাৰুক আহমেদ

Story by  atv | Posted by  Munni Begum • 1 Years ago
ফাৰুক আহমেদ
ফাৰুক আহমেদ
 
চাইজুৰ ৰহমান / বৰপেটা
 
শংকৰ-আজানৰ দেশ অসমৰ ধৰ্মীয় একতা-সংহতি দেশৰ ভিতৰতে বিৰল আৰু অতুলনীয়। বিভিন্ন জাতি-ধৰ্মৰ লোকে যুগে যুগে এই ভূমিত শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰি আছে। হিন্দু, মুছলমান, খ্ৰীষ্টান আদি বিভিন্ন ধৰ্মৰ লোকৰ মিলনভূমি অসমত বহু শতিকা ধৰি চলি অহা চুফীবাদ আৰু বৈষ্ণৱবাদৰ মাজতো বহু মিল আছে। ইছলাম ধৰ্ম আৰু একশৰণ নাম ধৰ্মৰ মাজত থকা বহু সাদৃশ্যইও উভয় ধৰ্মাৱলম্বী লোকসকলক একতাৰ দোলেৰে বান্ধি ৰাখিছে। 
 
শেহতীয়াকৈ পাৰ্চী ভাষাত চুফীবাদ আৰু অসমীয়া বৈষ্ণৱী সাহিত্য বিষয়ৰ ওপৰত গৱেষণা কৰি এজন মুছলমান যুৱকে হিন্দু-মুছলমানৰ মাজত যুগে যুগে প্ৰবাহিত হৈ থকা সাহিত্য-সংস্কৃতিৰ সমন্বয় আৰু সাদৃশ্যক পুনৰ উন্মোচন কৰিছে।    
 
অসমৰ বিভিন্ন ধৰ্মীয় ঐতিহ্য
 
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাৰ্চিয়ান বিভাগৰ অধীনত "Sufism and Assamese Vaishnavite Literature: A Cross Cultural Interaction" শীৰ্ষক গৱেষণাৰ বাবে সন্মানীয় ডক্টৰেট (পিএইচডি) ডিগ্ৰী লাভ কৰা এই মেধাৱী যুৱকজন হৈছে ফাৰুক আহমেদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাৰ্চিয়ান বিভাগৰ মুৰব্বী অধ্যাপক ড‌ঃ ৰেকিবুদ্দিন আহমেদৰ তত্বাৱধানত এই গৱেষণা কাৰ্য সম্পন্ন কৰে। তেওঁক এই গৱেষণা কাৰ্যৰ বাবে নতুন দিল্লীস্থ ভাৰতীয় ইতিহাস অনুসন্ধান পৰিষদে এককালীন অনুদান আগবঢ়াইছে। 
 
উল্লেখযোগ্য যে, পাৰ্চী ভাষাত চুফীবাদ আৰু অসমীয়া বৈষ্ণৱী সাহিত্য বিষয়ৰ ওপৰত গৱেষণা কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অতি তাকৰ। এই ধৰণৰ বিষয়কলৈ ইতিপূৰ্বে অতি নগন্য সংখ্যক ছাত্ৰ-ছাত্ৰীয়েহে গৱেষণা সম্পন্ন কৰিছে। ফাৰুক আহমেদে "Sufism and Assamese Vaishnavite Literature: A Cross Cultural Interaction" বিষয়কলৈ কৰা গৱেষণাই অসমীয়া বৈষ্ণৱী সাহিত্যত চুফীবাদৰ সংযোগ, ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় সাহিত্যৰ এক নতুন দিশ উন্মোচিত কৰাৰ আশা কৰা হৈছে।
 
চুফী নৃত্য পৰিবেশন কৰা এক দৃশ্য
 
অগতানুগতিক অথচ অতি দৰকাৰী আৰু প্ৰাসংগিকতা থকা বিষয় এটা বাছি লোৱা সন্দৰ্ভত ফাৰুক আহমেদে 'আৱাজ দ্য ভইচ'ৰ আগত কয়, "আমি জিকিৰ-জাৰী, নাম-প্ৰসংগ,আজান-কীৰ্ত্তন পাঠ আদিৰ মাজত ডাঙৰ-দীঘল হৈছো। চুফীবাদ আৰু বৈষ্ণৱবাদৰ মাজৰ বহু মিল দেখিছো। ইছলাম ধৰ্ম আৰু একশৰণ নাম ধৰ্মৰ মাজত বহু সাদৃশ্য আমি সৰুৰে পৰা দেখিবলৈ পাইছো। ইয়ে মোক চুফীবাদ আৰু বৈষ্ণৱী সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰিছে।"
 
তেওঁ গৱেষণা কালত অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ সত্ৰাধিকাৰ, বৈষ্ণৱী সাধক তথা জিকিৰ-জাৰী অধ্যয়নকাৰী ব্যক্তি আৰু ইয়াৰ লগত জড়িত থকা সংশ্লিষ্ট পক্ষৰ সৈতে মত বিনিময় কৰি অসমীয়া সমাজ জীৱন চুফীবাদ আৰু বৈষ্ণৱবাদে মিলাপ্ৰীতিৰ এনাজৰীৰে বান্ধি ৰখাতো উপলব্ধি কৰা বুলি সদৰী কৰে। 
 
এক অনুষ্ঠানত কণ কণ শিশুৱে জিকিৰ পৰিবেশন কৰিছে
 
ফাৰুক আহমেদে কয় যে, উঠি অহা নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীয়ে এইধৰণৰ বিষয়ৰ ওপৰত অধ্যয়ন তথা গৱেষণা কৰিলে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হোৱাৰ লগতে অসমীয়া সমাজ ব্যৱস্থাৰ সমন্বয়ৰ দিশতো আৰু অধিক শক্তিশালী হ'ব। অধ্যয়ন, গৱেষণাৰ ক্ষেত্ৰত কোনোবাই তেওঁৰ সহায় বিচাৰিলে নিশ্চিতভাৱে তেওঁ পাৰ্যমানে সহযোগ কৰিব বুলিও প্ৰকাশ কৰে। 
 
শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ অৱদান অসমীয়া ইতিহাসত অতুলনীয় বুলি মন্তব্য কৰি মেধাৱী ছাত্ৰজনে ভৱিষ্যতে তেওঁৰ গৱেষণা 'থেচিছ'খন গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে। স্মৰ্তব্য যে, ফাৰুক আহমেদে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পাৰ্চিয়ান বিষয়ত অসমৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত ক্ৰমে কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উক্ত বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি সুখ্যাতি অৰ্জন কৰিছিল। তেওঁ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত জাপিয়া নিবাসী আলহাজ শ্বেইখ চৌকত আলী আৰু চাইফুন্নেছা বেগমৰ জ্যেষ্ঠ পুত্ৰ।