অনিকা মহেশ্বৰী / নতুন দিল্লী
আজিৰ দিনত কাশ্মীৰৰ জীয়ৰীসকলে ক্ৰীড়া, শিল্প, শিক্ষা, ব্যৱসায় আদি সকলো ক্ষেত্ৰতে নিজৰ প্ৰতিভাৰ উজ্জ্বল পৰিচয় দাঙি ধৰিছে। কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু আত্মবিশ্বাসৰ জৰিয়তে তেওঁলোকে সমাজত এক সুকীয়া স্থান গঢ়ি তুলিবলৈ সক্ষম হৈছে। এই অনুপ্ৰেৰণাদায়ক কাহিনীবোৰৰ মাজত শেহতীয়াকৈ বিশেষভাৱে উজলি উঠিছে শ্ৰীনগৰৰ ৰুতবা শ্বৌকতৰ নাম। কাগজ ভাঁজ কৰি বিভিন্ন আকৃতি সৃষ্টি কৰা অৰিগামি কলাৰে এক অনন্য গিনিছ ৱাৰ্ল্ড ৰেকৰ্ড স্থাপন কৰি ৰুতবাই কেৱল নিজৰ পৰিয়ালকেই নহয়, সমগ্ৰ কাশ্মীৰবাসীক গৌৰৱান্বিত কৰি তুলিছে।
এঘণ্টাৰ ভিতৰত ২৫০খন অৰিগামি কাগজৰ নাও সাজি ৰুতবাই এক নতুন বিশ্ব অভিলেখ স্থাপন কৰে। এই অসাধাৰণ সফলতাৰ বাবে তেওঁৰ নাম আনুষ্ঠানিকভাৱে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ অভিলেখত অন্তৰ্ভূক্ত কৰা হৈছে।
ৰুতবা শ্বৌকত
শ্ৰীনগৰৰ বাসিন্দা ৰুতবা শ্বৌকত ইতিমধ্যে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰ্শ্বেল আৰ্টছ খেলুৱৈ হিচাপেও পৰিচিত। প্ৰায় দহ বছৰ ধৰি তেওঁ এই খেলৰ সৈতে জড়িত হৈ আছে আৰু বিভিন্ন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এতিয়ালৈকে তেওঁ প্ৰায় ৬০টা পদক লাভ কৰিছে, যাৰ ভিতৰত এটা সোণৰ পদকো আছে। তেওঁৰ কোঠাৰ দেৱাল আৰু শ্ৱেল্ফসমূহ আজিও বিভিন্ন ট্ৰফী আৰু পদকেৰে সজাই ৰখা আছে, যিবোৰ তেওঁৰ অধ্যৱসায় আৰু সাফল্যৰ সাক্ষী।
অৱশ্যে, ৰুতবাৰ প্ৰতিভা কেৱল খেল-ধেমালিতে সীমাবদ্ধ নহয়। তেওঁ কেলিগ্ৰাফী আৰু চিত্ৰকলাতো সমানে পাৰদৰ্শী। এই সৃজনশীলতাই শেষত তেওঁক বিশ্ব অভিলেখৰ দিশলৈ আগুৱাই নিয়ে।
ক'ভিড-১৯ মহামাৰীৰ সময়তেই তেওঁৰ শিল্পযাত্ৰাৰ আৰম্ভণি হয়। সেই সময়ত দেশৰ অন্যান্য অংশৰ দৰেই কাশ্মীৰতো ক্ৰীড়া একাডেমীবোৰ বন্ধ হৈ পৰিছিল আৰু অনুশীলনৰ সুযোগ প্ৰায় নহোৱা হৈ গৈছিল। সেয়েহে সময় নষ্ট নকৰি ৰুতবাই শিল্পকলাৰ দিশে মনোনিৱেশ কৰে। তেওঁ প্ৰাকৃতিক দৃশ্যৰ চিত্ৰ আঁকিবলৈ আৰম্ভ কৰে আৰু ধীৰে ধীৰে নিজৰ দক্ষতা অধিক নিখুঁত কৰি তোলে। তেওঁৰ এই প্ৰচেষ্টাৰ ফলস্বৰূপে তেওঁৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হয়। এই ঘটনাই তেওঁৰ জীৱনত এক নতুন অধ্যায়ৰ সূচনা কৰে।
ৰুতবাই কয় যে, সেই সময়তেই তেওঁ আৰু ডাঙৰ কিবা এটা কৰাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল। তেওঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ে পঢ়িছিল আৰু মানুহে কেনেদৰে বিশ্ব অভিলেখ স্থাপন কৰে সেই বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছিল। এই অনুসন্ধানৰ মাজতেই তেওঁৰ দৃষ্টি অৰিগামি শিল্পৰ ওপৰত পৰে। কাগজৰ ভাঁজ কৰি বিভিন্ন আকৃতি সৃষ্টি কৰাৰ এই জাপানী শিল্পৰ সৈতে তেওঁ আগৰে পৰাই কিছু পৰিচিত আছিল আৰু ইয়াৰ প্ৰতি তেওঁৰ আগ্ৰহো আছিল।
যেতিয়া তেওঁ জানিব পাৰিলে যে, কোনোবাই এঘণ্টাত ১৫০খন কাগজৰ নাও সাজি অভিলেখ গঢ়িছিল, তেতিয়াই তেওঁ সেই অভিলেখ ভংগ কৰাৰ সংকল্প লয়। ইয়াৰ পৰাই তেওঁৰ বিশ্ব অভিলেখৰ যাত্ৰা আৰম্ভ হয়। তেওঁ নিয়মীয়াকৈ অনুশীলন কৰিবলৈ ধৰে আৰু তেওঁ হাতৰ গতি আৰু কৌশল উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে।
কিন্তু তেওঁৰ এই যাত্ৰা সহজ নাছিল। গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে আবেদন কৰাৰ পিছত তেওঁ দুবাৰ চেষ্টা কৰিছিল যদিও দুয়োবাৰেই সফল হ'ব পৰা নাছিল।
বিফলতাই যিকোনো মানুহক নিৰাশ কৰিব পাৰে, কিন্তু ৰুতবাই কেতিয়াও হতাশ হৈ পৰা নাছিল। তেওঁ নিজৰ ভুলসমূহ বিশ্লেষণ কৰি অধিক নিষ্ঠাৰে অনুশীলন অব্যাহত ৰাখিছিল আৰু তৃতীয়বাৰৰ বাবে পুনৰ চেষ্টা কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ নিজৰ প্ৰস্তুতি গোপনে চলাই গৈছিল, কিয়নো সফলতা লাভ কৰাৰ পিছতহে পৰিয়ালটোক আচৰিত কৰিব বিচাৰিছিল। তিনি বছৰ ধৰি অবিৰত সাধনা আৰু পৰিশ্ৰমৰ অন্তত অৱশেষত তেওঁৰ সপোন বাস্তৱত পৰিণত হৈছিল।
তৃতীয় প্ৰচেষ্টাত ৰুতবাই এঘণ্টাৰ ভিতৰত ২৫০খন কাগজৰ নাও সাজি এক নতুন বিশ্ব অভিলেখ গঢ়ি তোলে। অৰ্থাৎ তেওঁ প্ৰায় প্ৰতি ১৫ ছেকেণ্ডত এখনকৈ নাও সাজিবলৈ সক্ষম হৈছিল। সম্পূৰ্ণ এঘণ্টা ধৰি এনে গতি আৰু নিখুঁততা বজাই ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান আছিল, কিন্তু তেওঁ সফলতাৰে সেই প্ৰত্যাহ্বান অতিক্ৰম কৰিছিল।
এই কৃতিত্বৰ পিছত তেওঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ আনুষ্ঠানিক প্ৰমাণপত্ৰও লাভ কৰে। সেই প্ৰমাণপত্ৰত উল্লেখ কৰা হৈছিল যে, শ্ৰীনগৰ, জম্মু-কাশ্মীৰত ৰুতবা শ্বৌকতে এঘণ্টাত সৰ্বাধিক অৰিগামি কাগজৰ নাও তৈয়াৰ কৰি নতুন বিশ্ব অভিলেখ স্থাপন কৰিছে।
নিজৰ অনুভূতি প্ৰকাশ কৰি ৰুতবাই কয় যে, এই অভিলেখৰ বাবে তেওঁ তিনি বছৰ ধৰি চেষ্টা কৰি আহিছিল আৰু দুবাৰ বিফল হোৱাৰ পিছতো কেতিয়াও তেওঁ হতাশ হৈ পৰা নাছিল। তেওঁৰ বিশ্বাস আৰু কঠোৰ পৰিশ্ৰম কেতিয়াও বিফল নহয়। তেওঁ এই সফলতাৰ সম্পূৰ্ণ কৃতিত্ব নিজৰ পিতৃ-মাতৃক দিয়ে, যিসকলে খেল আৰু শিল্প দুয়োটা ক্ষেত্ৰতেই সদায় তেওঁক উৎসাহ আৰু সমৰ্থন আগবঢ়াই আহিছে। তেওঁৰ মতে, এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি কেৱল তেওঁৰ ব্যক্তিগত সফলতা নহয়, ই হৈছে সমগ্ৰ পৰিয়ালৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।
অৱশ্যে, এই যাত্ৰাৰ বাবে তেওঁ সমালোচনাৰো সন্মুখীন হৈছিল। বহুতে তেওঁক কৈছিল যে, তেওঁ সময় নষ্ট কৰি আছে আৰু এনে কামৰ কোনো লাভ নাই। কিন্তু এই মন্তব্যবোৰে ৰুতবাক লক্ষ্যৰ পৰা আঁতৰাই নিব পৰা নাছিল। আত্মবিশ্বাস আৰু একাগ্ৰতাৰে তেওঁ নিজৰ সাধনা অব্যাহত ৰাখিলে আৰু অৱশেষত বিশ্বৰ অন্যতম সন্মানীয় অভিলেখ গ্ৰন্থত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হ'ল।
ৰুতবাৰ বিশ্বাস, প্ৰতিগৰাকী ছোৱালীয়ে নিজৰ সপোন পূৰণৰ বাবে আগবাঢ়ি যোৱা উচিত। সমাজ বা পৰিয়ালৰ বিভিন্ন বাধা-বিপত্তিৰ বাবে বহু ছোৱালীয়ে আগবাঢ়িবলৈ সংকোচবোধ কৰে। কিন্তু তেওঁৰ মতে, আত্মনিৰ্ভৰশীল হোৱাটো অতি প্ৰয়োজনীয়। আৰম্ভণি সৰু হ'ব পাৰে, কিন্তু দৃঢ় সংকল্প থাকিলে এদিন সেই সৰু পদক্ষেপেই ডাঙৰ সফলতালৈ লৈ আগবাঢ়ি যায়।
এগৰাকী খেলুৱৈ আৰু শিল্পী হিচাপে ৰুতবাই জীৱনত ভাৰসাম্য বজাই ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁৰ মতে, খেল-ধেমালিয়ে শৰীৰ সুস্থ আৰু শক্তিশালী কৰি তোলে, আনহাতে শিল্পই মনক শান্তি আৰু সজীৱতা প্ৰদান কৰে। এই দুয়োটাৰ সুন্দৰ সমন্বয়েই তেওঁক সদায় নতুন অনুপ্ৰেৰণাৰে আগুৱাই যাবলৈ শক্তি প্ৰদান কৰে।
আজিৰ দিনত ৰুতবা শ্বৌকতৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ কাহিনী কাশ্মীৰৰ অসংখ্য ছোৱালীৰ বাবে এক উজ্জ্বল প্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁ প্ৰমাণ কৰি দেখুৱাইছে যে, দৃঢ় ইচ্ছাশক্তি আৰু অধ্যৱসায় থাকিলে কঠিন পৰিস্থিতিয়েও কেতিয়াও সফলতাৰ পথ ৰুদ্ধ কৰিব নোৱাৰে। ক'ভিড মহামাৰীৰ কঠিন সময়ক তেওঁ এক নতুন সুযোগলৈ ৰূপান্তৰিত কৰিছিল, আৰু সেই সময়ত গঢ়ি তোলা দক্ষতাই তেওঁক বিশ্ব অভিলেখৰ শিখৰত উপনীত কৰিলে।
তেওঁৰ এই সাফল্য কেৱল ব্যক্তিগত বিজয় নহয়; ই কাশ্মীৰৰ যুৱ সমাজ, বিশেষকৈ ছোৱালীসকলৰ বাবে এক শক্তিশালী বাৰ্তা যে, "সপোন দেখাৰ অধিকাৰ সকলোৰে আছে, আৰু দৃঢ় মনোবল, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাস থাকিলে সেই সপোন নিশ্চয় বাস্তৱায়িত হয়। সঁচাকৈয়ে, "য'ত ইচ্ছা আছে, ত'তেই সুযোগো থাকে।"