Fri Jul 04 2025 8:26:39 PM
  • Follow us on
  • Subcribe

অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫: শীৰ্ষ চিমেণ্ট উৎপাদনৰ তালিকাত মেঘালয়

Story by  atv | Posted by  ArifulIslam@gmail.com • 4 Months ago
শীৰ্ষ চিমেণ্ট উৎপাদনৰ তালিকাত মেঘালয়
শীৰ্ষ চিমেণ্ট উৎপাদনৰ তালিকাত মেঘালয়
 
গুৱাহাটী
 
ভাৰত চৰকাৰে 'অর্থনৈতিক সমীক্ষা ২০২৪-২৫'ত প্রকাশ কৰা তথ্য অনুসৰি মেঘালয়ে ভাৰতৰ শীৰ্ষ চিমেন্ট উৎপাদনকাৰী ৰাজ্যসমূহৰ ভিতৰত স্থান লাভকৰিছে। বর্তমান ভাৰত চীনৰ পিচতে বিশ্বৰ দ্বিতীয় বৃহৎ চিমেন্ট উৎপাদনকাৰী দেশ। ভাৰতৰ চিমেন্ট উদ্যোগত ১৫৯টা সংহত বৃহৎ চিমেন্ট উৎপাদন প্রকল্প, ১২৮টা গ্রাইন্ডিং ইউনিট, ৫টা ক্লিংকাৰাইজেচন ইউনিট আৰু ৬২টা ক্ষুদ্র চিমেন্ট উৎপাদন প্রকল্প আছে।
 
সম্প্রতি ভাৰতৰ চিমেন্ট উদ্যোগৰ বাৰ্ষিক উৎপাদন ক্ষমতা হৈছেগৈ প্রায় ৬৩৯ নিযুত টন। বিত্তীয় বর্ষ ২৪ত চিমেন্ট উৎপাদন ক্ষমতা আছিল প্রায় ৪২৭নিযুত টন। দেশৰ অধিকাংশ চিমেন্ট উদ্যোগ কেঁচামালৰ উৎসৰ ওচৰতে অৱস্থিত। চিমেণ্টৰ কেঁচামাল চূণশিলৰ প্ৰচুৰ ভাণ্ডাৰ থকা এখন ৰাজ্য হৈছে মেঘালয়। এই চূণশিলৰ সহজলভ্যতাৰ বাবেই বিভিন্ন শীর্ষ চিমেন্ট উৎপাদনকাৰী প্রতিষ্ঠানৰে উৎপাদন প্রকল্প আছে মেঘালয়ত।
 
সমীক্ষাৰ তথ্য অনুসৰি প্রায় ৮৭ শতাংশ চিমেন্ট উদ্যোগ ৰাজস্থান, অন্ধ্রপ্রদেশ, তেলেংগানা, কর্ণাটক, মধ্যপ্রদেশ, গুজৰাট, তামিলনাডু, মহাৰাষ্ট্ৰ, উত্তৰ প্রদেশ, ছত্তীশগড়, ওড়িশা, মেঘালয় আৰু পশ্চিমবংগ ৰাজ্যত কেন্দ্রীভূত হৈ আছে। ঘৰুৱা চিমেণ্টৰ চাহিদা পূৰণৰ বাবে উদ্যোগটোৰ পৰ্যাপ্ত ক্ষমতা আছে বুলি প্রকাশ পাইছে সমীক্ষাটোত।
 
ঘৰুৱা চিমেণ্টৰ ব্যৱহাৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে প্রায় ২৯০ কিলোগ্রাম হোৱাৰ বিপৰীতে বিশ্বজুৰি প্ৰতিগৰাকী ব্যক্তিৰ গড় ব্যৱহাৰ হৈছে ৫৪০ কিলোগ্রাম। কেন্দ্রীয় চৰকাৰে ঘাইপথ, ৰে'লৱে আৰু গৃহ নির্মাণ আঁচনিৰ দৰে মেগা প্রকল্পৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে গ্রাম্য উন্নয়ন আৰু ঔদ্যোগিক বৃদ্ধিয়ে আগত সময়ছোৱাত চিমেণ্টৰ চাহিদাক যথেষ্ট ইন্ধন যোগাব বুলি আশা কৰা হৈছে।