বিশ্বৰ বজাৰত ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতীয় কফিয়ে প্ৰথমবাৰৰ অতিক্ৰম কৰিছে বাবে ১ বিলিয়ন ডলাৰ

Story by  atv | Posted by  [email protected] • 4 Months ago
ভাৰতীয় কফি
ভাৰতীয় কফি
 
নতুন দিল্লী
 
শেহতীয়াকৈ বিশ্বৰ বজাৰত আদৰ বাঢ়িছে ভাৰতত উৎপাদিত কফিৰ। চাহৰ সমানে সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে কফিয়ে। চলিত বিত্তীয় বৰ্ষত ভাৰতত উৎপাদিত কফিয়ে প্ৰথমবাৰৰ বাবে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে।
 
চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি চমুকৈ চি এম আই ইৰ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি চলিত বিত্তীয় বৰ্ষৰ নৱেম্বৰলৈকে বিশ্বৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা কফিয়ে প্ৰথমবাৰৰ বাবে ১ বিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰিছে।
 
উল্লেখযোগ্য যে ভাৰতৰ কফি ৰপ্তানিয়ে ২০২৪ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰত ১১৪৬.৯ মিলিয়ন ডলাৰৰে অভিলেখ সৃষ্টি কৰিছিল। একেদৰে ২০২৩ত ৮০৩.৮ মিলিয়ন ডলাৰ আছিল। তুলনামূলকভাৱে ইয়াৰ বৃদ্ধিৰ পৰিমাণ হৈছে ২৯ শতাংশ।
 
এই দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে ই নিশ্চয়কৈ দেশৰ কফি ক্ষেত্ৰৰ বাবে আশাব্যঞ্জক খবৰ। অনাগত দিনত এই ধাৰা অৱ্যাহত থাকিলে ভাৰতৰ কফিয়ে বিশ্বৰ বজাৰত এখন সুকীয়া আসন লাভ কৰিব বুলি আশা কৰিব পাৰি।