দেশৰ বৃহত্তম অৰ্থনৈতিক অনুষ্ঠান মহাকুম্ভ: কেইট

Story by  atv | Posted by  [email protected] • 3 Months ago
দেশৰ বৃহত্তম অৰ্থনৈতিক অনুষ্ঠান মহাকুম্ভ
দেশৰ বৃহত্তম অৰ্থনৈতিক অনুষ্ঠান মহাকুম্ভ
 
নতুন দিল্লী
 
বাণিজ্যিক সংস্থা 'কনফেডাৰেচন অব্ অল ইণ্ডিয়া ট্রেডাৰ্ছ' (কেইট)ৰ তথ্য অনুসৰি প্রয়াগৰাজত চলি থকা মহাকুম্ভমেলাৰ সময়ত হোৱা বাণিজ্যৰ পৰিমাণ ৩ লাখ কোটি টকাতকৈও অধিক হৈছেগৈ। ইয়াৰ ফলত মহাকুম্ভমেলা হৈ পৰিছে দেশৰ বৃহত্তম অর্থনৈতিক অনুষ্ঠান।
 
'কেইট'ৰ সাধাৰণ সম্পাদক তথা সাংসদ প্রবীণ খাণ্ডেলৱালে প্রকাশ কৰা মতে এই বিষয়টোৱে বিশ্বাস আৰু অর্থনীতিৰ মাজত থকা গভীৰ সম্পৰ্কৰ কথাকেই প্রতিফলিত কৰিছে। তেওঁ লগতে কয় যে মহাকুম্ভৰ সময়ছোৱাত হোৱা অভাৱনীয় বাণিজ্যিক গতিবিধিয়ে আধ্যাত্মিক পর্যটন আৰু ধর্মীয় সমাবেশে দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত কিদৰে বৰঙণি আগবঢ়াব পাৰে সেই দিশটোও প্রতিফলিত কৰিছে।
 
পূৰ্বতে মহাকুম্ভত ৪০ কোটি ভক্তব সমাবেশ ঘটিব আৰু ২ লাখ কোটি টকাৰ বাণিজ্য হ'ব বুলি অনুমান কৰা হৈছিল যদি পিচলৈ ভক্তৰ সংখ্যা ৬০ কোটিলৈ আৰু বাণিজ্যিক লেনদেনৰ পৰিমাণ ৩ লাখ কোটি টকাতকৈও অধিক হোৱা বুলি প্রকাশ কৰিছে সংস্থাটোৱে।
 
মহাকুম্ভৰ জৰিয়তে উপকৃত হোৱা খণ্ডসমূহৰ ভিতৰত আছে- পর্যটন, খাদ্য আৰু পানীয়, পৰিবহণ আৰু লজিষ্টিকছ, বস্ত্র, হস্তশিল্প, মিডিয়া, স্বাস্থ্যসেৱা, বিজ্ঞাপন, মনোৰঞ্জন ইত্যাদি।