অসমৰ চাহ উদ্যোগলৈ গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে পু’এৰ চাহে; প্ৰতিকেজি ১২ হাজাৰ টকাত বিক্ৰী

Story by  atv | Posted by  Munni Begum • 22 m ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
অসমৰ বিশেষ জাতৰ পু’এৰ চাহৰ টুকুৰা গুৱাহাটী নিলাম কেন্দ্ৰত প্ৰতি কেজি ১২ হাজাৰ টকাত বিক্ৰী হোৱাত ৰাজ্যৰ চাহ উদ্যোগ খণ্ডৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি বিষয়াসকলে জানিবলৈ দিয়ে। শুকুৰবাৰে গোলাঘাটৰ গৌৰীপুৰ চাহ উদ্যোগে নিৰ্মাণ কৰা এই চাহৰ টুকুৰা নিলামৰ বাবে দাখিল কৰা হয় আৰু ইয়াৰে পাঁচ কেজি জে থমাছৰ জৰিয়তে প্ৰতি কেজিত ১২ হাজাৰ টকাৰ উচ্চ হাৰত ক্ৰয় কৰা হয়।
 
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,"অসমৰ চাহ বাণিজ্যৰ বাবে এটি ভাল খবৰ। আমাৰ স্বাভিমান চাহে এতিয়া পৰম্পৰাগত সোৱাদৰ সীমা অতিক্ৰম কৰি বিশ্বৰ নতুন চাহ-ৰুচিৰ সৈতে খোজ মিলাইছে। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিল'গ্ৰামত ১২,০০০ টকাত নিলাম হোৱা পু’এৰ চাহে অসমৰ চাহ উদ্যোগৰ সম্ভাৱনাৰ এক নতুন দিশ উন্মোচন কৰিছে।" 
মুখ্যমন্ত্ৰী শৰ্মাই কয়,"গৌৰীপুৰৰ চাহ উদ্যোগ, গোলাগাটত নিৰ্মিত পু’এৰ চাহৰ এক কিলোগ্ৰাম গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত ১২০০০ টকাত বিক্ৰী হয়। যি অসমৰ উদীয়মান চাহ উদ্যোগৰ বাবে এক গুৰুত্বপূৰ্ণ ক্ষণ।" 
 
উত্তৰ-পূব চাহ সন্থাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে জনাই, "গৌৰীপুৰ চাহ উদ্যোগৰ স্বত্বাধিকাৰী অপৰাজ শইকীয়া আমাৰ সন্থাৰ সদস্য। এই মূল্যত চাহ বিক্ৰী অসমৰ চাহ উদ্যোগৰ বাবে এক গৌৰৱৰ মুহূৰ্ত হিচাপে চিহ্নিত কৰিছে।" 
 
তেওঁ কয়, "অপৰাজ শইকীয়া আৰু তেওঁৰ সমগ্ৰ দললৈ আন্তৰিক অভিনন্দন। এই কৃতিত্বৰে আমাক গৌৰৱান্বিত কৰিছে। অসমৰ বিশেষ চাহৰ বাবে ই এক বিশেষ মাইলৰ খুঁটি।" 
 
‘পু’এৰ বা পু-এৰহ’ হৈছে চীনৰ ইউনান প্ৰদেশত পৰম্পৰাগতভাৱে উৎপাদিত পশ্চাৎ কিম্বন কৰা চাহ। ইয়াক প্ৰধানকৈ কেমেলিয়া চাইনেন্সিছৰ ডাঙৰ পাতৰ পৰা, বিশেষকৈ আছামিকা জাতৰ পৰা তৈয়াৰ কৰা হয়। পৰম্পৰাগতভাৱে টুকুৰা বা ইটাত হেঁচা মাৰি ধৰা পু’এৰে কিম্বন আৰু বয়স বৃদ্ধিৰ জৰিয়তে নিজৰ স্বকীয় চৰিত্ৰ বিকশিত কৰে। ইয়াৰ সোৱাদ গভীৰ, চহকী আৰু মসৃণ, মাটিৰ দৰে আৰু কাঠৰ দৰে সোৱাদৰ সৈতে। 
 
তেওঁ কয়, "গুৱাহাটী চাহ নিলাম কেন্দ্ৰত পু’এৰ চাহ বিক্ৰীয়ে অদূৰ ভৱিষ্যতে ৰাজহুৱা নিলাম মঞ্চৰ জৰিয়তে ফালাপ চাহ বিক্ৰীৰ পথ প্ৰশস্ত কৰিব।"  
 
বিদ্যানন্দ বৰকাকতিয়ে কয় যে, অসম চাহ উদ্যোগৰ বিশেষ উদ্দীপনা আঁচনি (ATISIS), ২০২০ৰ অধীনত চৰকাৰে ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ গতানুগতিক আৰু অন্যান্য বিশেষ চাহ উৎপাদনৰ বাবে ১০ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি কৰিছে। 
 
তেওঁ লগতে কয়, "ইয়াৰদ্বাৰা অ-চিটিচি চাহৰ অধিক উৎপাদনক উৎসাহিত কৰা হ’ব আৰু চিটিচি জাতৰ অতিৰিক্ত উৎপাদনৰ ফলত উদ্ভৱ হোৱা চাহিদা-যোগানৰ ভাৰসাম্যহীনতা দূৰ কৰাত সহায়ক হ’ব।