₹২,০০০ৰ ওপৰৰ UPI লেনদেনত মাচুল আৰোপক লৈ কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
₹২,০০০ৰ অধিক মূল্যৰ ইউপিআই (UPI)ৰ জৰিয়তে ব্যক্তি-ব্যৱসায়ী (Person-to-Merchant) লেনদেনত মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (MDR) আৰোপ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে।
 
অধিবক্তা অঞ্জন দত্তই দাখিল কৰা জনস্বাৰ্থজড়িত আবেদন (PIL)ৰ শুনানি গ্ৰহণ কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠে কয়, "এইটো আইনী বিষয়তকৈ কাৰিকৰী বিষয়হে অধিক। আমি কেন্দ্ৰক সংক্ষিপ্ত শপতনামাৰ জৰিয়তে তথ্যসমূহ স্পষ্ট কৰিবলৈ ক’ব বিচাৰিছোঁ।"
 
অধিবক্তা অশুতোষ ডুবেৰ সৈতে আবেদনখন দাখিল আৰু যুক্তি আগবঢ়োৱা দত্তই ১৪ ছেপ্টেম্বৰত বিত্ত মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাখনক প্ৰত্যাহ্বান জনাইছে। এই অধিসূচনা ১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাৰ কথা।
 
প্ৰস্তাৱিত ব্যৱস্থাৰ অধীনত ₹২,০০০ৰ অধিক মূল্যৰ ব্যৱসায়ীৰ সৈতে কৰা ইউপিআই লেনদেনত ০.৪ শতাংশ মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট আৰোপ কৰাৰ প্ৰস্তাৱ কৰা হৈছে। ₹৭৫,০০০ৰ অধিক লেনদেনৰ ক্ষেত্ৰত এই মাচুল সৰ্বাধিক ₹৩০০ত সীমাবদ্ধ থাকিব। 
 
কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে যে ব্যক্তি-ব্যক্তিৰ মাজত (Person-to-Person) কৰা ইউপিআই লেনদেনৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে আৰু লেনদেনৰ পৰিমাণ যিমানেই নহওক কিয়, এই লেনদেনসমূহ বিনামূলীয়াই থাকিব।
 
কেন্দ্ৰৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল (ASG) এন ভেংকটৰমণে আদালতক কয়, "এই সিদ্ধান্ত ১৫ অক্টোবৰতহে কাৰ্যকৰী হ’ব। প্ৰথমতেই মই স্পষ্ট কৰিব বিচাৰোঁ যে ইউপিআই পেমেণ্ট গেটৱে ব্যৱহাৰ কৰা ৯৬ শতাংশ লোক এই ব্যৱস্থাৰ পৰা ৰেহাইপ্ৰাপ্ত। আনহাতে, এই সিদ্ধান্তৰ আওতাত পৰা ৪ শতাংশৰ ক্ষেত্ৰতো অত্যাৱশ্যকীয় সেৱাৰ লেনদেনৰ মাচুলৰ সীমা নিৰ্ধাৰণ কৰা হৈছে।"
 
ন্যায়াধীশ জয়মাল্য বাগচী আৰু ভি মোহনাক লৈ গঠিত বিচাৰপীঠখনে কয় যে, এই মাচুল আৰোপ কৰাৰ আইনী ভিত্তি কি, সেয়াহে আদালতে জানিব বিচাৰে। বিচাৰপীঠখনে প্ৰশ্ন কৰে, "এই মাচুল আৰোপ কৰাৰ ক্ষেত্ৰত কাৰ্যবাহী বিভাগৰ ক্ষমতাৰ পৰিসৰ কিমান? যদি এইটো মাচুল হয়, তেন্তে কেৱল কাৰ্যবাহী নিৰ্দেশৰ জৰিয়তে ইয়াক আৰোপ কৰিব নোৱাৰি। যদি মাচুল নহয়, তেন্তে এইটো আচলতে কি?"
 
ইয়াৰ উত্তৰত এ এছ জি এন ভেংকটৰমণে কয়, "ইয়াৰ পৰা এটকাও চৰকাৰৰ হাতলৈ নাযায়। এইটো দুটা পক্ষ বেংক আৰু সেৱা প্ৰদানকাৰীৰ মাজৰ এক নিষ্পত্তি মাচুল, যিটো ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যনে (NPCI) সমন্বয় কৰে।" 
 
আদালতে কয় যে, কেন্দ্ৰৰ উত্তৰ লাভ কৰাৰ পিছত এই ধনৰাশি কাৰ হাতত 'আয়' হিচাপে পৰিগণিত হয়, সেই বিষয়টো অধিক স্পষ্টভাৱে পৰীক্ষা কৰিব পৰা যাব।