২০২৪ বৰ্ষত চাহৰ উৎপাদন হ্ৰাস, ৰপ্তানি বৃদ্ধি

Story by  atv | Posted by  [email protected] • 4 Months ago
২০২৪ বৰ্ষত চাহৰ উৎপাদন হ্ৰাস, ৰপ্তানি বৃদ্ধি
২০২৪ বৰ্ষত চাহৰ উৎপাদন হ্ৰাস, ৰপ্তানি বৃদ্ধি
 
গুৱাহাটী
 
জলবায়ু পৰিবৰ্তনৰ বাবে ২০২৪ বৰ্ষটোত উৎপাদনৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় চাহ উদ্যোগটো। এক তথ্যত প্রকাশ পোৱামতে এই বৰ্ষত ভাৰতত চাহৰ উৎপাদন প্রায় ১০০ নিযুত কিলোগ্রাম হ্রাস পাইছে।
 
চলিত বৰ্ষৰ জানুৱাৰী-অক্টোবৰৰ সময়ছোৱাত অর্থাৎ প্রথম দহ মাহত ভাৰতত উৎপাদন হয় ১,১১২ নিযুত কিলোগ্রাম। ২০২৩ চনৰ প্ৰথম দহটা মাহত উৎপাদনৰ পৰিমাণ আছিল ১,১৭৮ নিযুত কিলোগ্রাম। অৱশ্যে উৎপাদনৰ পৰিমাণ হ্রাস পোৱাৰ বিপৰীতে ২০২৪ বৰ্ষটোত বৃদ্ধি পাইছে চাহৰ ৰপ্তানি।
 
চলিত বর্ষটোত প্রায় ২৫০ নিযুত কিলোগ্রাম চাহ ৰপ্তানি হোৱা বুলি তথ্যত প্রকাশ। ইয়াৰ পূৰ্বৰ বৰ্ষত ৰপ্তানিৰ পৰিমাণ আছিল ২৩১ নিযুত কিলোগ্রাম। চলিত বৰ্ষৰ জানুৱাৰী-অক্টোবৰত ৬৬ নিযুত কিলোগ্রাম চাহৰ উৎপাদন হ্রাস পোৱাৰ কথা জানিবলৈ দিয়ে ভাৰতীয় চাহ সংস্থাৰ অধ্যক্ষ হেমন্ত বাংগোৰে।
 
তেওঁ কয় যে নৱেম্বৰৰ পিচত চাহপাত ছিঙাৰ সময় বন্ধ হৈ পৰে যদিও এই সময়ছোৱাতো উৎপাদন যথেষ্ট হ্রাস পোৱাৰ সম্ভাৱনা প্রকট হৈ উঠিছে। উল্লেখ্য যে চাহৰ উৎপাদন ব্যয় পূর্বতকৈ বৃদ্ধি পোৱাৰ বাবেও লোকচানৰ সম্মুখীন হৈছে উৎপাদনকাৰীসকল। ২০২৫ বৰ্ষটো চাহ উদ্যোগটোৰ বাবে আশাব্যঞ্জক হ'ব বুলি আশাবাদী অধ্যক্ষগৰাকী।