ৰঙেৰে সমন্বয়ৰ পৃথিৱী সৃষ্টি কৰা শিল্পী আছগৰ আলী

Story by  atv | Posted by  Munni Begum • 1 h ago
আছগৰ আলী
আছগৰ আলী
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
"আপুনি যি দেখে সেয়া কলা নহয়, কিন্তু আপুনি আনক যি দেখুৱায় সেয়াহে কলা"৷ - এই মন্তব্য প্ৰসিদ্ধ চিত্ৰশিল্পী আছগৰ আলীৰ৷ যাৰ কৰ্মই সুন্দৰভাৱে প্ৰকাশ কৰি আহিছে গংগা-যমুনী-তহজিবৰ বাৰ্তা- ভাৰতৰ ভিন্ন সংস্কৃতিৰ শতিকা পুৰণি সম্প্ৰীতি।
 
'আজাদ দ্য ভইচ'ৰ সৈতে হোৱা বাৰ্তালাপত আছগৰ আলীয়ে কয় যে ভগৱান কৃষ্ণৰ শৈশৱৰ নিৰ্দোষীতাই তেওঁক সদায় প্ৰভাৱিত কৰি আহিছে। তেওঁ কয়, "কৃষ্ণৰ ময়ূৰ পাখি আৰু বাঁহী ইমান ৰঙীন আৰু সুন্দৰ যে কোনো শিল্পীয়েই সেইবোৰ অংকন কৰাৰ পৰা নিজকে বাৰণ কৰিব নোৱাৰে।"
 

অসমৰ শিল্পীসকলৰ বাবে আছগৰ আলী অনুপ্ৰেৰণা আৰু পৰিপূৰ্ণতাৰ প্ৰতীক। তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ শৈশৱ, যৌৱন, মহাভাৰতৰ শিক্ষা আৰু ঐশ্বৰিক মনোৰঞ্জনক লৈ ৫০ ৰো অধিক চিত্ৰ অংকন কৰিছে। আলীয়ে কয়, 'শিল্পীৰ প্ৰকৃত দক্ষতা হ'ল তেওঁৰ বিৱৰণৰ প্ৰতি মনোযোগ দিয়া, আৰু মই মোৰ চিত্ৰসমূহত সেই গভীৰতা আৰু আৱেগক চিত্ৰিত কৰিবলৈ মই সৰ্বশ্ৰেষ্ঠ প্ৰয়াস কৰিছো।’
 
আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱত তেওঁৰ কৃষ্ণ ধাৰণাৰ ছবিসমূহ প্ৰদৰ্শন কৰা হৈছিল আৰু ব্যাপক প্ৰশংসা লাভ কৰিছিল। অযোধ্যাত ৰাম মন্দিৰৰ উৎসৰ্গিতকৰণৰ উপলক্ষে তেওঁৰ দলটোৰ সৈতে একেলগে ৫০x৩০ ফুটৰ এক বৃহৎ চিত্ৰ নিৰ্মাণ কৰা তেওঁৰ অন্যতম উল্লেখযোগ্য কৃতিত্ব। এই চিত্ৰকলাই বিশ্ব অভিলেখৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে চিত্ৰখন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈও প্ৰেৰণ কৰা হয়।
 
আলীয়ে বিশ্বাস কৰে যে এজন শিল্পীৰ সৃজনশীলতাৰ কোনো সীমা নাই। নিজৰ শিল্পৰ জৰিয়তে তেওঁ ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে সমাজত সম্প্ৰীতি আৰু সদ্ভাৱ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে।
 
ৰাম মন্দিৰ উদ্বোধন উপলক্ষে নিৰ্মাণ কৰা ৫০x৩০ ফুটৰ এক বৃহৎ ছবি
 
দিল্লীৰ দ্বাৰকা ছেক্টৰ-১২ত 'কলাভূমি প্ৰতিষ্ঠান'ৰ প্ৰতিষ্ঠাপক আছগৰ আলীৰ যাত্ৰা এক দৃঢ়তা আৰু সংকল্পৰ যাত্ৰা। শ্বাহবাদ মহম্মদপুৰ গাঁৱৰ পৰা অহা আলীয়ে কলেজত বিভিন্ন ধৰ্মীয় গ্ৰন্থৰ প্ৰকল্পৰ দায়িত্ব পাইছিল। ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু দৰ্শনক গভীৰভাৱে বুজিবলৈ তেওঁক ৰাম বাবুৱে সহায় কৰিছিল।
 
শ্ৰীকৃষ্ণৰ থিমযুক্ত কামৰ উপৰি আছগৰে ভগৱান গণেশ, গৌতম বুদ্ধ আৰু প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত বিষয়সমূহো অংকন কৰিছে। শ্ৰীকৃষ্ণৰ সত্তাক প্ৰকৃতাৰ্থত উপলব্ধি কৰিবলৈ তেওঁ মথুৰা, বৃন্দাবন আৰু যমুনা ঘাটত সময় অতিবাহিত কৰিছিল।
 
কৃষ্ণই গছৰ আঁৰৰ পৰা দুষ্ট হাঁহি এটা মাৰি এডাল কাঁইটেৰে গোপীৰ ভৰিত খুন্দা মাৰি থকা ছবিখন তেওঁৰ বৰ প্ৰিয়। আছগৰ আলীয়ে বিশ্বাস কৰে যে, প্ৰতিজন মানুহৰ ভিতৰত এজন শিল্পী থাকে। শেহতীয়াকৈ, তেওঁ তিহাৰ কাৰাগাৰত এটা চিত্ৰাংকন কৰ্মশালাৰ আয়োজন কৰে আৰু কাৰাবন্দীসকলৰ মাজত লুকাই থকা কলা-কৌশল আৱিষ্কাৰ কৰে। তেওঁ কয় যে জে’লৰ পৰা মুক্তিৰ পাছত বহু লোকে কলা-শিল্পক কেৰিয়াৰ হিচাপে ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে।
 
ইছলামে পৰম্পৰাগতভাৱে চিত্ৰাংকনক উৎসাহিত নকৰা বুলি আলীয়ে স্বীকাৰ কৰে৷ তেওঁৰ পৰিয়ালেও প্ৰথমে তেওঁৰ কামৰ বিৰোধিতা কৰিছিল। "তেওঁলোকে মোক কৈছিল যে যদি মই শিল্পক মোৰ কেৰিয়াৰ হিচাপে গঢ়ি তুলিব বিচাৰো, তেন্তে মই নিজেই নিজৰ জীৱন নিৰ্বাহ কৰিব লাগিব", তেওঁ কয়। কিন্তু ইয়াৰ পিছতো তেওঁ হতাশ নহৈ নিজৰ সপোন পূৰ কৰিলে৷
 
কালাভূমিয়ে কেইবাটাও বিশ্ব অভিলেখ সৃষ্টি কৰিছে
 
আৰম্ভণিৰ দিনত তেওঁ প্ৰায়ে দিল্লী আৰু গুৰুগ্ৰামৰ মাজত চাইকেল চলাই গৈছিল। তেওঁৰ গাঁৱত মাত্ৰ ৩০ জন শিশুৱে মেটত বহি পঢ়া-শুনা কৰিবলৈ আৰম্ভ কৰিছিল। আজি তেওঁৰ 'কলাভূমি' প্ৰতিষ্ঠানত অসম, পশ্চিমবংগ আৰু কলকাতাকে ধৰি সমগ্ৰ ভাৰতৰ ৭০০০তকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ লাভ কৰিছে। কলাভূমিয়ে বহুতো বিশ্ব অভিলেখ স্থাপন কৰিছে৷ লিমকা বুক অফ ৰেকৰ্ডছ, এছিয়া বুক অফ ৰেকৰ্ডছ, হাই ৰেঞ্জ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ, মাৰভেল বুক অফ ৰেকৰ্ডছ, ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত, তেওঁৰ বিখ্যাত কামসমূহৰ ভিতৰত এটা হৈছে পুৰণি ৫০০ টকীয়া নোটৰ পেইণ্টিং।
 
আছগাৰে ডুবাই, ছিংগাপুৰ আৰু থাইলেণ্ডত আন্তঃৰাষ্ট্ৰীয়ভাৱে তেওঁৰ শিল্প প্ৰদৰ্শন কৰিছে। তেওঁ প্ৰকাশ কৰে যে তেওঁৰ আটাইতকৈ মূল্যৱান ছবি এখন বিক্ৰীৰ বাবে মনোনীত হৈছিল, কিন্তু তেওঁ সেই ছবিখন বিক্ৰী নকৰাৰ সিদ্ধান্ত লয় কাৰণ সেইখন তেওঁৰ হৃদয়ত অতি অতি আপোন।
 
জামিয়া মিলিয়া ইছলামিয়াৰ ফাইন আৰ্টছ স্নাতক আছগৰ আলীয়ে ১৮ বছৰৰো অধিক কাল ধৰি যুৱ শিল্পীসকলক উৎসাহিত কৰি আহিছে। চিত্ৰকলাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁৰ নাম বিশ্ব ৰেকৰ্ডৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
 
আছগৰ আলীৰ অভিলেখ ভংগকাৰী বৃহত্তম ছবি
 
"আজি মোৰ বহু ছাত্ৰই লাডাখ আৰু অসমৰ দৰে ঠাইত তেওঁলোকৰ নিজস্ব কলা-শিল্পীৰ পাঠদান চলাই আছে", তেওঁ গৌৰৱেৰে কয়। শিল্পীসকলৰ যাত্ৰা সহজ নহয়, বিশেষকৈ বৰ্তমান সময়ত যেতিয়া আধুনিক কলা প্ৰচলিত হৈ আছে। কিন্তু শিল্পীসকলে পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিব লাগে আৰু কেতিয়াও ভুল কৰাৰ ভয় কৰিব নালাগে।- তেওঁ পুনৰ কয়৷
 
কলাত কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ক্ৰমবৰ্ধমান ব্যৱহাৰৰ ক্ষেত্ৰত, আছগৰ আলীয়ে এক চিন্তাশীল দৃষ্টিভংগী আগবঢ়াইছেঃ
AI আকৰ্ষণীয়, কিন্তু মই ইয়াক প্ৰতিযোগিতা হিচাপে নচাওঁ। এইটো এটা স্মাৰ্ট টুল, সৃষ্টিশীল লোকে ইয়াক ব্যৱহাৰ কৰিব লাগে, নিৰ্ভৰ কৰিব নালাগে। AI-এ দ্বাৰা আপোনাৰ সৃষ্টিশীলতাক সমৰ্থন কৰিব লাগে, ইয়াক প্ৰতিস্থাপন কৰিব নালাগে।