গুৱাহাটী
চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ অ' বিচি/এম অ’ বি চি শিতানত অকল নন ক্ৰিমিলেয়াৰ প্ৰাৰ্থীৰ বাবেহে আসন সংৰক্ষণ হ'ব বুলি স্পষ্ট কৰি দিছে গুৱাহাটী ন্যায়ালয়ে। এক গোচৰৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে এইক্ষেত্ৰত প্ৰয়োজনীয় আইন সংশোধন কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ প্রদান কৰিছে।
ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি নামভৰ্তিৰ বাবে যোৱা ২৭ জুলাইৰ পৰা আৰম্ভ হোৱা কাউন্সেলিঙৰ পৰ্যায়তে আইন সংশোধন কৰিব লাগিব। উল্লেখযোগ্য যে অসম চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰত ক্ৰিমিলেয়াৰ-নন ক্ৰিমিলেয়াৰৰ কোনো শ্রেণী বিভাজন নকৰাকৈ অ’ বি চি/এম অ বি চি শিতানত ১৫ শতাংশ আসন সংৰক্ষণ কৰিছিল। অর্থাৎ প্রার্থীৰ অর্থনৈতিক মৰ্যাদাৰ শ্ৰেণী বিভাজন নকৰাকৈ চৰকাৰে এই ১৫ শতাংশ আসন অ বি চি/এম অ' বি চিৰ বাবে সংৰক্ষণ কৰে।
চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰত নামভৰ্তিৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এনে নীতিকে প্রত্যাহ্বান জনাই অংশুমান গগৈসহ তিনিজন প্রার্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে। প্রার্থীসকলে ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰে যে কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ ২৯ জুলাইত জাৰি কৰা অধিসূচনা অনুসৰি অ’বি চিৰ বাবে ধাৰ্য ২৭ শতাংশ আসন অকল নন ক্ৰিমিলেয়াৰ প্ৰাৰ্থীৰ বাবেহে সংৰক্ষিত হ'ব। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এনে নির্দেশনাক উলংঘা কৰি অসম চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰত অ' বি চি/এম অ’ বি চি শিতানত ক্ৰিমিলেয়াৰ- নন ক্ৰিমিলেয়াৰৰ শ্ৰেণী বিভাজন নকৰাকৈ নামভৰ্তিৰ ব্যৱস্থা কৰি আহিছে।
সমগ্ৰ বিষয়টোৰ শুনানি কালত চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰত নামভৰ্তিৰ ক্ষেত্ৰত থকা আইনত বিসংগতি থকাৰ কথা স্বীকাৰ কৰে। লগতে চৰকাৰে কয় যে উচ্চ শিক্ষা প্রতিষ্ঠানত পৰৱৰ্তী নামভৰ্তিত অ' বিচি/এম অ' বি চিৰ বাবে মুঠ আসনৰ ২৭ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰিছে।
ইয়াৰ আধাৰত এম বি বি এছ/বি ডি এছ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত ইতিমধ্যে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। কিন্তু অসাবধানবশতঃ অ বি চি/এম অ বি চি শিতানত অকল নন ক্রিমিলেয়াৰ প্রার্থীৰ বাবে আসন সংৰক্ষণৰ প্ৰক্ৰিয়া বাদ পৰি ৰ'ল। চৰকাৰৰ এনে স্থিতিৰ পিচতে উচ্চ ন্যায়ালয়ে অকল নন ক্রিমিলেয়াৰ প্রার্থীৰ বাবেহে যাতে অ বি চি/এম অ বি চি শিতানত আসন সংৰক্ষণ হয় তাৰ বাবে যাৱতীয় আইন সংশোধন কৰিবলৈ নির্দেশ প্রদান কৰে।
চলিত কাউন্সেলিঙৰ প্ৰক্ৰিয়াৰ মাজতে আইন সংশোধন কৰিব লাগিব বুলিও স্পষ্ট কৰি দি ন্যায়ালয়ে কয় যে নন ক্ৰিমিলেয়াৰ অৰ্থতা পূৰ্ণ নকৰা প্রার্থীক অ' বি চি/এম অ' বি চি শ্ৰেণীৰ বাবে ধার্য ১৫ শতাংশ কোটাত নামভর্তিৰ সুযোগ দিব নোৱাৰিব। আদালতত প্রার্থীসকলৰ হৈ যুক্তি দৰ্শাই জোষ্ঠ অধিবক্তাassam ভাস্কৰ দেৱ কোৱৰ আৰু সংযুক্ত জৈনে। উল্লেখ্য যে অ বি চি/ এম অ' বি চিৰ ক্ষেত্ৰত পৰিয়ালৰ বার্ষিক আয় আঠ লাখতকৈ অধিক হ'লে তেনে প্রার্থীক ক্ৰিমিলেয়াৰ আৰু আঠ লাখতকৈ কম হ'লে নন ক্ৰিমিলেয়াৰ হিচাপে গণ্য কৰা হয়।