ৱালী ৰহমানীক এইবাৰ ২.৫০ কোটি টকাৰ প্ৰয়োজন; হোষ্টেল নিৰ্মাণৰ বাবে পুঁজি বিচাৰি আবেদন

Story by  atv | Posted by  [email protected] • 1 Months ago
উমীদ একাডেমীত একাংশ ছাত্ৰীক শিকাই থকাৰ সময়ত ৱালী ৰহমানী
উমীদ একাডেমীত একাংশ ছাত্ৰীক শিকাই থকাৰ সময়ত ৱালী ৰহমানী
 
কলকাতা

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত এটা বিদ্যালয় ভৱনৰ বাবে সাত দিনত ৭.৫ কোটি টকা সংগ্ৰহ কৰি বাতৰিৰ শিৰোনাম দখল কৰা কলকাতাৰ যুৱ শিক্ষা কৰ্মী তথা যুৱ আইকন ৱালী ৰহমানীয়ে পুনৰ এই অভিযান আৰম্ভ কৰিছে। তিনিমহলীয়া, অত্যাধুনিক বিদ্যালয় ভৱন নিৰ্মাণত নিজৰ ধন ব্যৱহাৰ কৰাৰ পিছত ২৫ বছৰীয়া ৰহমানীয়ে এটা ভিডিঅ’ৰ জৰিয়তে মানুহৰ মাজলৈ আন এক আবেদন লৈ আহিছে। এইবাৰ তেওঁ নিৰ্মাণৰত হোষ্টেল ভৱন সম্পূৰ্ণ কৰিবলৈ সহায় বিচাৰিছে।
 
পূৰ্বৰ ভিডিঅ’ ক্লিপটোত ৰহমানীয়ে ৰাইজক বিশেষকৈ মুছলমান সমাজক জনাইছিল যে তেওঁ ভিক্ষা কৰি ভাগৰি পৰিছে আৰু কমেও ১০ কোটি টকা সংগ্ৰহৰ লক্ষ্যত উপনীত হোৱাৰ আন কোনো উপায় বিচাৰি নাপাই ভিডিঅ’টো বনাবলৈ বাধ্য হৈছে। “আল্লাহৰ সহায় অবিহনে মই সৰু সৰু অনুদানেৰে এই বিশাল ধন লাভ কৰিব নোৱাৰিলোহেঁতেন। মোৰ আবেদনে সমাজক স্পৰ্শ কৰিছে আৰু মানুহে ইয়াৰ প্ৰতি ক্ষিপ্ৰতাৰে সঁহাৰি জনাইছিল, যিটো হয়তো ভাৰতীয় মুছলমানৰ ইতিহাসত কেতিয়াও দেখা পোৱা নাছিল।’
 
‘হোষ্টেলৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰিবলৈ আমাক ২.৫০ কোটি টকাৰ প্ৰয়োজন হৈছে। আমাৰ ইয়াত বিহাৰ, বংগ, ওড়িশা আৰু ঝাৰখণ্ডৰ পৰা প্ৰায় ৩৫০ জন ছাত্ৰ-ছাত্ৰী আছে আৰু হোষ্টেলখন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমি ছাত্ৰ-ছাত্ৰীসকলক ইয়ালৈ স্থানান্তৰ কৰিব নোৱাৰো।’ কলকাতাৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত উমীদ একাডেমীৰ পৰা ৰহমানীয়ে টেলিফোনত এইদৰে কয়।
 
 
পূৰ্বৰ ভিডিঅ’টো ইণ্টাৰনেটত ভাইৰেল হোৱাৰ লগে লগে ৰহমানীৰ বেংক একাউণ্টত ধনৰ বৃষ্টিপাত আৰম্ভ হয়। হঠাতে তেওঁৰ একাউণ্টলৈ ইমানসংখ্যক ধন অহাত বেংক কৰ্তৃপক্ষও আচৰিত কৰি গৈছিল। ৭ দিনত ৭.৫ কোটি টকা লাভ কৰাত বেংক কৰ্তৃপক্ষই কেলেংকাৰীৰ সন্দেহত একাউণ্টটো কিছুদিনৰ বাবে ফ্ৰীজ কৰি ৰাখিছিল।
 
"মই মুছলমানসকলৰ ওচৰত আবেদন জনাইছিলোঁ আৰু তেওঁলোকক কৈছিলোঁ যে, যদি দহ লাখ মুছলমানে মাত্ৰ ১০০ টকাকৈ দান কৰে, তেন্তে মই ১০ কোটি টকা লাভ কৰিম। এইখিনি ধন মোক বিশ্বমানৰ আন্তঃগাঁথনিৰে বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ বাবে প্ৰয়োজন হৈছে।"-আইনৰ স্নাতক ৰহমানীয়ে কয়। উল্লেখ্য যে, তেওঁৰ পিতৃয়ে চামৰাৰ ব্যৱসায়ী হোৱাৰ আগতে ৰিক্সা চলাইছিল।
 
বৰ্তমান KGৰ পৰা সপ্তম শ্ৰেণীলৈ মুঠ ৩৫০ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনে ১০০০ শিক্ষাৰ্থীক পঢ়োৱাৰ সামৰ্থ ৰাখে। অনাগত দিনত বিদ্যালয়খনত দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰ সুবিধা সম্প্ৰসাৰিত হ'ব। বিদ্যালয়খনত ২৪টা স্মাৰ্ট শ্ৰেণীকোঠা, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, আৰু জীৱবিজ্ঞান আৰু উদ্ভাৱন প্ৰযুক্তিৰ লেব আছে।
 
ৰহমানীয়ে কয়, ‘প্ৰথম দিনাৰ পৰাই আমি দৰিদ্ৰ শিশুসকলক ধনী শ্ৰেণীয়ে লাভ কৰা শিক্ষা প্ৰদানৰ লক্ষ্য লৈছো। আমাৰ ছাত্ৰ-ছাত্ৰীসকল পিছপৰা পৰিয়ালৰ পৰা অহা বাবে আমি তেওঁলোকৰ পৰা এটকাও লোৱা নাই। বিদ্যালয়ৰ ভিতৰত তেওঁলোকৰ বাবে ফুটবল খেলপথাৰ আৰু বাস্কেটবল ক’ৰ্টৰো ব্যৱস্থা আছে।” 
 
 
৩৫ জন কৰ্মচাৰীৰ ভিতৰত ২৫ জন উচ্চ শিক্ষিত আৰু অনাগত বছৰবোৰত বিদ্যালয়খনে নতুন শ্ৰেণী সংযোগ কৰাৰ লগে লগে অধিক শিক্ষক নিযুক্তি দিয়া হ’ব।
 
ছাত্ৰ-ছাত্ৰীৰ পৰা কোনো মাচুল নোলোৱাৰ বাবে বিদ্যালয়খনক আৰ্থিকভাৱে কেনেকৈ বহনক্ষম কৰিব বিচাৰে বুলি সোধাত ৰহমানীয়ে কয় যে হাৰ্ভাৰ্ড স্কুলে নিজৰ হাৰ্ভাৰ্ড মেনেজমেণ্ট কোম্পানীৰ জৰিয়তে এক ব্যৱসায়িক মডেলৰ জৰিয়তে ধন উপাৰ্জন কৰে। তেওঁৰো এইধৰণৰ ফাণ্ড সৃষ্টি লক্ষ্য আছে। ভাৰতত বিভিন্ন আইনী জটিলতাৰ বাবে ই অলপ কঠিন, কিন্তু তেওঁ ইয়াৰ পৰা ওলাই অহাৰ পথ বিচাৰি পাব বুলি আশাবাদী।
 
তাৎপৰ্যপূৰ্ণভাৱে বিদ্যালয়খনৰ ৬% ছাত্ৰ-ছাত্ৰী অ-মুছলমান। মুছলমান ছাত্ৰ-ছাত্ৰীক কোৰান, ইছলামিয়াত আৰু উৰ্দু শিকোৱাৰ বিপৰীতে অ-মুছলমানসকলে নৈতিক শিক্ষা লাভ কৰে। ৰহমানীয়ে কয় যে অধ্যক্ষ ৰিংকু ভট্টাচাৰ্য্য আৰু জেনেৰেল মেনেজাৰ অভিষেক মুখাৰ্জী।  অৱসৰপ্ৰাপ্ত সশস্ত্ৰ বাহিনীৰ জোৱান মূখাৰ্জী হৈছে প্ৰকল্পটোৰ মেৰুদণ্ডস্বৰূপ।