পৰীক্ষা ব্যৱস্থাৰ ব্যাপক সংস্কাৰৰ বাবে নন্দন নীলেকানীৰ নেতৃত্বত উচ্চস্তৰীয় টাস্ক ফ'ৰ্চ গঠন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Story by  atv | Posted by  Munni Begum • 4 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰুইনফ'ছিছৰ সহ-প্ৰতিষ্ঠাপক নন্দন নীলেকানী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰুইনফ'ছিছৰ সহ-প্ৰতিষ্ঠাপক নন্দন নীলেকানী
 
নতুন দিল্লী
 
দেশৰ পৰীক্ষা ব্যৱস্থাক অধিক স্বচ্ছ, নিৰ্ভৰযোগ্য আৰু আধুনিক কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ইনফ'ছিছৰ সহ-প্ৰতিষ্ঠাপক নন্দন নীলেকানীৰ নেতৃত্বত এখন উচ্চস্তৰীয় টাস্ক ফ'ৰ্চ গঠনৰ ঘোষণা কৰিছে। এই টাস্ক ফ'ৰ্চে পৰীক্ষা ব্যৱস্থাৰ সামগ্ৰিক সংস্কাৰৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়াব।
 
এক্সত প্ৰকাশ কৰা এক ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰি ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। যিসকলে শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎৰ সৈতে খেলিমেলি কৰিছিল, তেওঁলোক এতিয়া কাৰাগাৰত আছে বুলিও তেওঁ উল্লেখ কৰিছে। 
 
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, পৰীক্ষাৰ সৈতে জড়িত অনিয়মৰ বিৰুদ্ধে চৰকাৰে ইতিমধ্যে ফাষ্ট-ট্ৰেক আদালতৰ ব্যৱস্থা কৰিছে। ইয়াৰ লগতে অধিক কঠোৰ বিধান সংযোজন কৰি সংসদত এখন নতুন আইন উত্থাপনৰ দিশতো চৰকাৰ আগবাঢ়িছে।
 
দীৰ্ঘম্যাদী সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, পৰীক্ষা ব্যৱস্থাক অধিক বিশ্বাসযোগ্য আৰু স্বচ্ছ কৰি তোলাৰ লগতে ইয়াত প্ৰযুক্তিৰ অধিক ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্য লৈ চৰকাৰে কাম কৰি আছে।
 
তেওঁ কয়, নতুনকৈ গঠন কৰা টাস্ক ফ'ৰ্চে শীঘ্ৰেই নিজৰ পৰামৰ্শ দাখিল কৰিব আৰু সেই পৰামৰ্শৰ ভিত্তিত আগন্তুক পৰীক্ষাসমূহ অধিক বিশ্বাসযোগ্য আৰু সুৰক্ষিত কৰি তুলিবলৈ চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।
 
এনটিএ পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে উচ্চস্তৰীয় বিশেষজ্ঞ কমিটী
 
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (NTA)ৰ পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ উদ্দেশ্যে গঠন কৰা এই টাস্ক ফ'ৰ্চত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলক অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষকৈ প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি, পৰীক্ষাৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা আৰু গাঁথনিগত সংস্কাৰৰ ক্ষেত্ৰত এই কমিটীয়ে পৰামৰ্শ আগবঢ়াব।
 
এই টাস্ক ফ'ৰ্চৰ সদস্যসকল হৈছে প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানী, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, চোৰাংচোৱা সংস্থা (IB)ৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, আইআইটি মাদ্ৰাজৰ সঞ্চালক ড° ভি কামাকোটি, প্ৰাক্তন শিক্ষা সচিব অনিতা কাৰৱাল আৰু লজিষ্টিকছ বিশেষজ্ঞ অমৃত লাল মীনা।
 
নন্দন নীলেকানী কোন?
 
৬৯ বছৰীয়া নন্দন নীলেকানী ভাৰতৰ অন্যতম বিশিষ্ট তথ্য-প্ৰযুক্তি উদ্যোগপতি। ১৯৮১ চনত তেওঁ নাৰায়ণ মূৰ্তি আৰু আন ছয়জন সহকৰ্মীৰ সৈতে মিলি ইনফ'ছিছ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কোম্পানিটোৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বৰ্তমানৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আহিছে।
 
২০০৯ চনত তেওঁ ভাৰত চৰকাৰৰ ইউনিক আইডেণ্টিফিকেচন অথৰিটি অৱ ইণ্ডিয়া (UIDAI)-ৰ প্ৰথম অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু আধাৰ প্ৰকল্প সফলভাৱে ৰূপায়ণত নেতৃত্ব দিয়ে। দেশত ডিজিটেল পৰিচয়, ডিজিটেল পেমেণ্ট আৰু জনসেৱাৰ ডিজিটেল ৰূপান্তৰত তেওঁৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য। এই অভিজ্ঞতাৰ বাবেই পৰীক্ষা ব্যৱস্থাক অধিক সুৰক্ষিত, আধুনিক আৰু প্ৰযুক্তিনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত তেওঁৰ নেতৃত্বক গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।
 
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছদিনাই ঘোষণা
 
এই উচ্চস্তৰীয় কমিটী গঠনৰ ঘোষণা  কৰা হৈছে কেন্দ্ৰীয় শিক্ষাোমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ এদিন পিছতে। প্ৰশ্নকাকত ফাদিলৰ অভিযোগক কেন্দ্ৰ কৰি চি জে পি (CJP)ৰ নেতৃত্বত শিক্ষাৰ্থী আৰু যুৱসকলৰ প্ৰায় সাত সপ্তাহ ধৰি চলি থকা প্ৰতিবাদৰ পিছতেই তেওঁ পদত্যাগ কৰে। 
 
২০ জুনত জন্তৰ মন্তৰত আৰম্ভ হোৱা এই আন্দোলনে ২০ জুলাইত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ পিছত অধিক তীব্ৰ ৰূপ ধাৰণ কৰে। পৰৱৰ্তী সময়ত বহু শিক্ষাৰ্থী সংগঠন, সমাজকৰ্মী আৰু শিক্ষাবিদে এই আন্দোলনক সমৰ্থন জনায়। লাডাখৰ সমাজকৰ্মী ছোনাম ৱাংচুকেও আন্দোলনৰ সমৰ্থনত দীঘলীয়া অনশন পালন কৰে।
 
পৰীক্ষাত প্ৰৱঞ্চনা ৰোধত কঠোৰ সংশোধনী আইন আনিব চৰকাৰ
 
ইফালে, পৰীক্ষাত সংঘটিত অনিয়ম আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে আইনী ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে 'পাব্লিক এক্সামিনেচনছ (প্ৰিভেনচন অৱ আনফেয়াৰ মিন্স) সংশোধনী বিধেয়ক, ২০২৬' সোমবাৰে, ২৭ জুলাইত লোকসভাত উত্থাপন কৰিব।
 
এই সংশোধনী বিধেয়কৰ জৰিয়তে ২০২৪ চনৰ আইনখন অধিক শক্তিশালী কৰাৰ প্ৰস্তাৱ ৰখা হৈছে। ইয়াত পৰীক্ষাত জালিয়াতিৰ বাবে অধিক কঠোৰ শাস্তি, সময়সীমাৰ ভিতৰত তদন্ত আৰু বিচাৰ সম্পূৰ্ণ কৰাৰ ব্যৱস্থা, লগতে এনে গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে বিশেষ ফাষ্ট-ট্ৰেক আদালত গঠনৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।
 
চৰকাৰৰ মতে, এই সংশোধনীসমূহে পৰীক্ষা ব্যৱস্থাত জবাবদিহিতা বৃদ্ধি কৰাৰ লগতে সংগঠিত জালিয়াতি ৰোধ কৰাত সহায় কৰিব আৰু দেশৰ ৰাজহুৱা পৰীক্ষা ব্যৱস্থাৰ ওপৰত শিক্ষাৰ্থী আৰু অভিভাৱকৰ আস্থা পুনৰ সুদৃঢ় কৰিব।