'ভিলেজ ৰকষ্টাৰ্ছ-২’ পৰিচালনাৰ বাবে ৰীমা দাসলৈ নিউয়র্ক ৱ'মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড

Story by  atv | Posted by  [email protected] • 2 Months ago
'ভিলেজ ৰকষ্টাৰ্ছ-২’ পৰিচালনাৰ বাবে ৰীমা দাসলৈ নিউয়র্ক ৱ'মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড
'ভিলেজ ৰকষ্টাৰ্ছ-২’ পৰিচালনাৰ বাবে ৰীমা দাসলৈ নিউয়র্ক ৱ'মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড
 
গুৱাহাটী
 
ভাৰতীয় চলচ্চিত্র নির্মাতা ৰীমা দাসে পৰিচালক হিচাপে আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ২০২৫ চনত নিৰ্মাণ কৰা ৰীমা দাসৰ শেহতীয়া চিনেমা 'ভিলেজ ৰকষ্টাৰ্ছ-২'ৰ পৰিচালনাৰ বাবে তেওঁক নিউয়র্ক ৱ'মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড প্রদান কৰা হৈছে। 
 
চিনেমালৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে চলিত বর্ষত এই স্বীকৃতি প্রদান কৰা ১১ গৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্র নিৰ্মাতাৰ ৰীমা দাসো অন্যতম। এই সন্মানৰ বিষয়ে ৰীমা দাসে কয় যে 'ভিলেজ ৰকষ্টাৰ্ছ-২’ৰ বাবে নিউয়র্ক ৱ'মেন ইন ফিল্ম এণ্ড টেলিভিছনৰ পৰা এই সন্মান লাভ কৰাটো মোৰ বাবে গভীৰ অৰ্থবহ। মোৰ বাবে এই সন্মান কেৱল ব্যক্তিগত নহয়, সততা আৰু জীৱন্ত অভিজ্ঞতাৰে কাহিনী কোৱা ভাৰতীয় চিনেমাই যে সীমা অতিক্রম কৰি যাত্ৰা কৰিব পাৰে, তাৰ আন এক নিশ্চিতি। মোৰ চিনেমাৰ যাত্ৰা আৰু আকাংক্ষা অতিশয় ব্যাপ্ত আৰু এই সমর্থনে অধিক অন্তর্নিহিত ৰূপৰ বিশ্ব চিনেমা গঢ়াৰ ক্ষেত্ৰত মোৰ বিশ্বাসক শক্তিশালী কৰিলে। 
 
নিউয়র্ক ৱ'মেন ইন ফিল্ম এণ্ড টেলিভিছন এবার্ড হৈছে আমেৰিকাৰ বিনোদন উদ্যোগৰ আটাইতকৈ সন্মানীয় অবাণিজ্যিক প্রতিষ্ঠানৰ অন্যতম, যি চিনেমা, টেলিভিছন আৰু ডিজিটেল মিডিয়াত কৰ্মৰত নাৰীসকলক সহায়-সমর্থন, উদগনি দিয়ে আৰু উদযাপন কৰে। 'ভিলেজ ৰকষ্টাৰ্ছ-২' চিনেমাখনে অচিৰেই ছবিঘৰত মুক্তি লাভ কৰিব।