পঞ্জাৱৰ ১৫০০ বানাক্ৰান্ত পৰিয়ালক সাহায্য প্ৰদান শ্বাহৰুখ খানৰ মীৰ ফাউণ্ডেচনৰ

Story by  atv | Posted by  Munni Begum • 2 h ago
শ্বাহৰুখ খান আৰু পঞ্জাৱৰ বানাক্ৰান্ত লোকক সহায় কৰা স্বেচ্ছাসেৱক
শ্বাহৰুখ খান আৰু পঞ্জাৱৰ বানাক্ৰান্ত লোকক সহায় কৰা স্বেচ্ছাসেৱক
 
মুম্বাই
 
বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ 'মীৰ' ফাউণ্ডেচনে পঞ্জাৱৰ বানাক্ৰান্ত পৰিয়ালসমূহৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ পুনৰ্বাসনৰ বাবে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ কৰিছে বুলি সংস্থাটোৱে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে।
 
স্থানীয় বেচৰকাৰী সংস্থাসমূহৰ সৈতে অংশীদাৰিত্বৰে গ্ৰহণ কৰা এই পদক্ষেপে সমগ্ৰ অমৃতসৰ, পাটিয়ালা, ফাজিলকা, আৰু ফিৰোজপুৰ জিলাৰ ১৫০০ পৰিয়ালক সামৰি ল'ব বুলি ফাউণ্ডেশ্যনে এক বিবৃতিযোগে প্ৰকাশ কৰিছে।
 
সাহায্য সামগ্ৰীসমূহৰ ভিতৰত আছে ঔষধ, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰী, খাদ্য সামগ্ৰী, মহৰ জাল, টাৰ্পলিন চাদৰ, ভাঁজ কৰা বিচনা, আৰু কপাহী তুলি আদি। 
 
এই অভিযানৰ লক্ষ্য হৈছে বানপীড়িত পৰিয়ালসমূহৰ তাৎক্ষণিক স্বাস্থ্য, সুৰক্ষা আৰু আশ্ৰয়ৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ লগতে তেওঁলোকৰ জীৱন মৰ্যাদাৰে পুনৰ গঢ়ি তোলাত সহায় কৰা বুলি ফাউণ্ডেশ্যনে লগতে উল্লেখ কৰিছে। 
 
যোৱা সপ্তাহত শ্বাহৰুখ খানে এক্সত এটা পোষ্ট যোগে পঞ্জাৱবাসীক সমৰ্থন আগবঢ়াইছিল। ৫৯ বছৰীয়া অভিনেতাগৰাকীয়ে পোষ্টটোত লিখিছে যে, "এই বিধ্বংসী বানপানীৰ ফলত প্ৰভাৱিত হোৱা পঞ্জাৱত থকাসকলৰ প্ৰতি মোৰ গভীৰ সমৰ্থন প্ৰকাশ কৰিছো। ভগৱানে তেওঁলোক সকলোকে আশীৰ্বাদ কৰক।" 
 
খানে প্ৰতিষ্ঠা কৰা মীৰ ফাউণ্ডেচনে বিগত সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তত দুৰ্যোগ সাহায্য আৰু সামাজিক অভিযানত সহায় কৰি আহিছে।
 
শ্বাহৰুখ খানৰ মীৰ ফাউণ্ডেচনে পঞ্জাৱৰ বানপীড়িত পৰিয়ালসমূহক সহায় কৰিবলৈ ভইচ অৱ অমৃতসৰ (ভিঅ’এ)ৰ সৈতে মিলিত হৈছে। তেওঁলোকে একেলগে ৰবি নদীৰ পাৰত বসবাস কৰা প্ৰায় ৫০০ পৰিয়ালক বিচনা, তুলি, গেছ ষ্ট’ভ, ফেন, পানী বিশুদ্ধকৰণ, কাপোৰ, ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰীৰে সকাহ প্ৰদান কৰি তেওঁলোকৰ জীৱনক মৰ্যাদাৰে পুনৰ নিৰ্মাণ কৰাত সহায় কৰিব। 
 
ইয়াৰ পূৰ্বে ভইচ অৱ অমৃতসৰ এই বিনামূলীয়া চিকিৎসাৰ বাবে এইমছৰ চিকিৎসকৰ সৈতে চিকিৎসা শিবিৰও স্থাপন কৰাৰ বিপৰীতে কপিল শৰ্মা আৰু জছবীৰ জাছিৰ দৰে তাৰকাই মনোবল বৃদ্ধিৰ বাবে সমৰ্থন আগবঢ়াইছিল। এই সহযোগিতাই সেৱা, ঐক্য, আৰু মানৱতাৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰিছে।