৩টাকৈ গ্ৰেমী বঁটা লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়ালে প্ৰখ্যাত তবলাবাদক উস্তাদ জাকিৰ হুছেইনে

Story by  atv | Posted by  [email protected] • 5 Months ago
বঁটা গ্ৰহণ কৰাৰ সময়ত উস্তাদ জাকিৰ হুছেইন, শংকৰ মহাদেৱন আৰু ৰাকেশ চৌৰাছিয়া
বঁটা গ্ৰহণ কৰাৰ সময়ত উস্তাদ জাকিৰ হুছেইন, শংকৰ মহাদেৱন আৰু ৰাকেশ চৌৰাছিয়া
 
লছ এঞ্জেলছ

আমেৰিকাত সোমবাৰে অনুষ্ঠিত ৬৬ সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত তিনিটাকৈ সন্মানীয় বঁটা লাভ কৰিছে ভাৰতৰ প্ৰখ্যাত তবলাবাদক উস্তাদ জাকিৰ হুছেইনে। তেওঁ ‘পাষ্টো’(Pashto)ৰ বাবে ‘শ্ৰেষ্ঠ গোলকীয় সংগীত প্ৰদৰ্শন’(Best Global Music Performance)শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।
 
‘পাষ্টো’ত তেওঁৰ সহযোগী সংগীতজ্ঞ বেলা ফ্লেক, এডগাৰ মেয়াৰ, আৰু ৰাকেশ চৌৰাছিয়াৰ হৈ বঁটা গ্ৰহণ কৰি ৭২ বছৰীয়া জাকিৰ হুছেইনে কয়, “একাডেমীলৈ অশেষ ধন্যবাদ, এই সকলো মহান সংগীতজ্ঞৰ বাবে আজি এয়া সম্ভৱ হৈ উঠিছে। তেওঁলোকে আমাক অনন্য সুন্দৰ সংগীত উপহাৰ দি গৈছে। আমাৰ পৰিয়ালটোক গভীৰ ধন্যবাদ জনাইছো। তেওঁলোকৰ অবিহনে আমি একো নহয়। প্ৰেম অবিহনে, সংগীত অবিহনে, সমন্বয় অবিহনে আমি একো নহয়।"
ইফালে, ‘এজ উই স্পিক’ (As We Speak)ত তবলাৰ কিংবদন্তীগৰাকীয়ে বেলা ফ্লেক, এডগাৰ মেয়াৰ, আৰু ৰাকেশ চৌৰাছিয়াৰ সৈতে সহযোগিতা কৰি ‘শ্ৰেষ্ঠ সমসাময়িক বাদ্যযন্ত্ৰ এলবাম’ (Best Contemporary Instrumental Album) শাখাৰ বাবে গ্ৰেমী বঁটা লাভ কৰে।
 
জাকিৰ হুছেইন ফিউজন বেণ্ড ‘শক্তি’ (Jazz group 'Shakti')ৰো অন্যতম সদস্য। এই বেণ্ডটোৱে তেওঁলোকৰ শেহতীয়া এলবাম ‘দিছ মমেণ্ট’ ('This Moment')ৰ বাবে ‘দ্য বেষ্ট গ্ল’বেল মিউজিক এলবাম’ বঁটা লাভ কৰিছে। 
 
‘দিছ মমেণ্ট’ এলবামটোত জন মেকলাফলিন (গীটাৰ ছিনথ), জাকিৰ হুছেইন (তবলা), শংকৰ মহাদেৱন (কণ্ঠশিল্পী), ভি চেলভাগনেশ (পাৰ্কাচনিষ্ট), আৰু গণেশ ৰাজাগোপালন (ভায়লিনিষ্ট)-এ সৃষ্টি কৰা আঠটা গীত আছে। চুছানা বাকা, বোকান্টে, বাৰ্না বয়, ডেভিডোৰ দৰে আন শিল্পীৰ সৈতে তেওঁলোক সন্মানীয় গ্ৰেমী বঁটাৰ বাবে মনোনীত হৈছিল।
 
জাকিৰ হুছেইনৰ গ্ৰেমী জয়ে ভাৰতীয় অনুৰাগীক উৎসাহিত কৰি তুলিছে। তেওঁলোকে ছ’চিয়েল মিডিয়াত এই জয়ৰ আনন্দ উদযাপন কৰিছে।

এক্সত এটা পোষ্টত অনুষ্ঠানত অংশগ্ৰহণ কৰা সংগীত সুৰকাৰ ৰিকি কেজে জাকিৰ হুছেইন আৰু অন্যান্য শিল্পীক ভূয়সী প্ৰশংসা কৰে। তেওঁ লিখিছে, "জীৱন্ত কিংবদন্তি উস্তাদ জাকিৰ হুছেইন এটা নিশাৰ ভিতৰতে ৩টাকৈ গ্ৰেমী বঁটা লাভ কৰি ইতিহাসৰ সৃষ্টি কৰে। ৰাকেশ চৌৰাছিয়াই ২টা গ্ৰেমী লাভ কৰে। ইয়াৰ সাক্ষী হৈ মই ধন্য হৈছো।"

হুছেইন আৰু তেওঁৰ সহযোগীসকলে অৱশ্যে Best Instrumental Composition শাখাত পৰাস্ত হয়। এই শাখাত জন উইলিয়ামছে গ্ৰেমী বঁটা লাভ কৰে। জাকিৰ হুছেইনে বেলা ফ্লেক, এডগাৰ মেয়াৰ, আৰু ৰাকেশ চৌৰাছিয়াৰ সৈতে তেওঁলোকৰ ‘ম’চন’ৰ বাবে এই শাখাত মনোনীত হৈছিল।
 
ইফালে, ফিউজন বেণ্ড শক্তিয়ে গ্ল’বেল মিউজিক এলবাম গ্ৰেমী বঁটা লাভ কৰাৰ পিছত সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় গ্ৰেমী বিজয়ী জাকিৰ হুছেইন, ৰাকেশ চৌৰাছিয়া, শংকৰ মহাদেৱন, গণেশ ৰাজগোপালন আৰু চেল্বগনেশ পঞ্চমক অভিনন্দন জনায়।