অংশীদাৰিত্ব হ্রাস ফায়াৰ ব'ল্ট, নয়জ, ব'টৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
যোৱা জানুৱাৰী-মাৰ্চৰ ত্রৈমাসিকত প্ৰথমবাৰলৈ সংকুচিত হৈছে ভাৰতৰ স্মার্ট ঘড়ীৰ বজাৰ। এই সময়ছোৱাত আগশাৰীৰ ঘৰুৱা ব্ৰেণ্ড ফায়াৰ ব'ল্ট, নয়জ আৰু ব'টে ১১ শতাংশ বজাৰ অংশীদাৰিত্ব হেৰুৱাবলগীয়া হৈছে। 
 
কাউণ্টাৰ পইন্ট টেক্স'লজি মার্কেট ৰিচাৰ্ছৰ প্রতিবেদন অনুসৰি এই সময়ছোৱাত এপল ৱাচ্চৰ যোগান তিনিগুণপর্যন্ত বৃদ্ধি পাইছে।অৱশ্যে সামগ্রিকভাৱে ২৮ শতাংশ বজাৰ অংশদাৰীত্বৰে ভাৰতৰ স্মার্ট ঘড়ীৰ বজাৰৰ শীৰ্ষত আছে ফায়াৰ ব'ল্ট প্রতিষ্ঠানটো। 
 
দ্বিতীয় স্থানত থকা নয়জৰ অংশীদাৰিত্ব হৈছে ২৪ শতাংশ আৰু তৃতীয় স্থানত ব'টৰ অংশীদাৰিত্ব হৈছে ১৫ শতাংশ।