নতুন দিল্লী
দেওবাৰে নিশা তিৰুৱনন্তপুৰমৰ পৰা দিল্লীলৈ অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমান চেন্নাইলৈ উভতাই পঠিওৱা হৈছে। বিমান সংস্থাটোৱে ইয়াৰ কাৰণ হিচাপে কাৰিকৰী বিসংগতি আৰু বেয়া বতৰৰ কথা উল্লেখ কৰিছে।
এয়াৰবাছ এ৩২০ বিমানৰ দ্বাৰা পৰিচালিত AI2455 নম্বৰৰ বিমানখন দুঘণ্টাৰো অধিক সময় আকাশত আছিল। বিমান সংস্থাটোৱে এক বিবৃতিত কয় যে, “১০ আগষ্টত তিৰুৱনন্তপুৰমৰ পৰা দিল্লী অভিমুখী AI2455 বিমানখনৰ ক্ৰু সকলে কাৰিকৰী সমস্যা আৰু বেয়া বতৰৰ বাবে সতৰ্কতামূলক ব্যৱস্থাৰ বাবে বিমানখন চেন্নাইলৈ উভতাই পঠোৱা হয়।"
তথ্য অনুসৰি, বিমানখনে তিৰুৱনন্তপুৰমৰ পৰা নিশা ৮ বজাৰ পিছত উৰা মাৰি নিশা ১০.৩৫ মান বজাত চেন্নাইত উপস্থিত হয়।
জানিব পৰা মতে, বিমানখনত সাংসদ- কে চি ভেনুগোপাল, কোডিকুন্নিল সুৰেশ, আদূৰ প্ৰকাশ, কে ৰাধাকৃষ্ণন আৰু ৰবাৰ্ট ব্ৰুচ দিল্লীলৈ গৈ আছিল।
অৱতৰণৰ পিছত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে এই ঘটনাক এক বৃহৎ দুৰ্ঘটনাৰ পৰা “সংকীৰ্ণ পলায়ন” বুলি অভিহিত কৰে।
কে চি ভেনুগোপালে সামাজিক মাধ্যমত এটা পোষ্ট দি লিখিছে যে,”তিৰুৱনন্তপুৰমৰ পৰা দিল্লীলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান AI2455, য’ত মই, কেইবাজনো সাংসদ আৰু শ শ যাত্ৰী আছিলো, আজি মই এটা দুৰ্ঘটনাৰ বহুত ওচৰ চাপি আহিলোঁ।
প্ৰথম অৱস্থাত বিমানখনৰ উৰন পলমকৈ আৰম্ভ হৈছিল।টেক অফৰ কিছু সময়ৰ পিছতে বিমানখনত জোকাৰণি আৰম্ভ হৈছিল।
আৰু প্ৰায় এঘণ্টাৰ পিছত কেপ্তেইনে বিমানখনত চিগনেলৰ সমস্যা হোৱা বুলি জনাইছিল আৰু চেন্নাইলৈ ডাইভাৰ্ট কৰা হৈছে।আমি প্ৰায় দুঘণ্টামান চেন্নাই বিমানবন্দৰৰ ওপৰেৰে ঘূৰি ফুৰিছিলোঁ।
প্ৰথমবাৰ লেণ্ড কৰিবলৈ চেষ্টা কৰাৰ সময়টো এটা ভয়ংকৰ মুহূৰ্ত আছিল, যেতিয়া গম পোৱা গ’ল যে ৰাণৱেত আন এখন বিমান আছে। কেপ্তেইনে লগে লগে বিমানখন ওপৰলৈ তুলি লৈ সকলোৰে প্ৰাণ ৰক্ষা কৰিলে।
“পাইলটৰ গুৰুত্ব আৰু ভাগ্যৰ উপস্থিতিয়ে আমি ৰক্ষা পালোঁ। এই ঘটনাৰ তদন্ত অনতিপলমে DGCA আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক আহ্বান জনাইছো,দায়িত্ব ঠিক কৰক আৰু এনে ত্ৰুটি কেতিয়াও পুনৰাবৃত্তি নহয় বুলি নিশ্চিত কৰক।”