Amazon ৰ পৰা পুনৰ একেলগে বৰ্খাস্ত কৰিলে ১৬,০০০ কৰ্মচাৰীক

Story by  atv | Posted by  [email protected] • 19 h ago
Amazon ৰ পৰা পুনৰ একেলগে বৰ্খাস্ত কৰিলে ১৬,০০০ কৰ্মচাৰীক
Amazon ৰ পৰা পুনৰ একেলগে বৰ্খাস্ত কৰিলে ১৬,০০০ কৰ্মচাৰীক
 
নতুন দিল্লী
 
বিশ্বব্যাপী ই-কমাৰ্চ জায়াণ্ট Amazon এ পুনৰবাৰ বৃহৎ পৰিসৰৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে। কোম্পানীটোৱে প্ৰায় ১৬ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে। মন কৰিবলগীয়া যে যোৱা বছৰৰ অক্টোবৰ মাহত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল ১৪ হাজাৰ কৰ্মচাৰীক৷ ইয়াৰ পাচতে শেহতীয়াকৈ পুনৰ বৰ্খাস্ত কৰিছে কৰ্মচাৰীক।
 
বুধবাৰে আমাজনৰ জ্যেষ্ঠ উপ-অধ্যক্ষ বেথ গেলেট্টিয়ে এক অফিচিয়েল ব্লগ পোষ্টত এই সিদ্ধান্ত নিশ্চিত কৰে। কৰ্মচাৰীৰ বাবে ৯০ দিনৰ ৰেহাইৰ সময়সীমা থাকিব বুলি স্পষ্ট কৰি দিয়ে। Amazon এ ক্ষতিগ্ৰস্ত কৰ্মচাৰীসকলৰ বাবে কেইবাটাও সকাহৰ ব্যৱস্থাও ঘোষণা কৰিছে, য’ত আছে:
 
আমেৰিকাত কৰ্মৰত কৰ্মচাৰীসকলক কোম্পানীটোৰ ভিতৰত আন এটা ভূমিকা বা পদ বিচাৰিবলৈ ৯০ দিনৰ সময় দিয়া হ’ব।
 
যদিহে কৰ্মচাৰীয়ে ৯০ দিনৰ ভিতৰত নতুন পদ বা সংস্থাপন বিচাৰি নাপায় তেন্তে তেওঁলোকক ছেভাৰেন্স পে, স্বাস্থ্য বীমাৰ সুবিধা আৰু আউটপ্লেচমেণ্ট সেৱা প্ৰদান কৰা হ’ব।
 
Amazon ত প্ৰায় ১৫.৭ লাখ লোকে কাম কৰে যদিও বেছিভাগেই গুদামত কাম কৰে। কাৰ্যালয়/কৰ্পৰেট কৰ্মচাৰীৰ সংখ্যা মাত্ৰ প্ৰায় ৩৫০০০০। গতিকে এই চাকৰি কৰ্তনৰ ফলত ইয়াৰে প্ৰায় ৪.৬% লোক প্ৰভাৱিত হ’ব।
 
অক্টোবৰ মাহত বৰ্খাস্ত আৰু এই নতুন সিদ্ধান্তৰ ফলত Amazon এ বিগত কেইমাহমানৰ ভিতৰত মুঠ ৩০ হাজাৰতকৈ অধিক কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰিছে। বিশেষজ্ঞসকলৰ মতে এই পদক্ষেপ বৰ্ধিত খৰচ নিয়ন্ত্ৰণ আৰু ভৱিষ্যতৰ অনিশ্চয়তা দূৰ কৰাৰ এক প্ৰয়াস।
 
বিভিন্ন বিভাগত বিভিন্ন ধৰণে এই বৰ্খাস্ত প্ৰক্ৰিয়াই বিশেষভাৱে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে - AWS, প্ৰাইম ভিডিঅ’, খুচুৰা অপাৰেচন আৰু পিপল এক্সপিৰিয়েন্স এণ্ড টেকন’লজি (PXT)ৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। ভাৰতত হায়দৰাবাদ, চেন্নাই, বেংগালুৰুৰ দলসমূহো ইয়াৰ দ্বাৰা প্ৰভাৱিত হ’ব। অৱশ্যে গুদাম অথবা ডেলিভাৰীৰ সৈতে জড়িত সকল এই প্ৰভাৱৰ পৰা মুক্ত হ’ব বুলি আশা কৰা হৈছে।