শীর্ষ ১০ খন দৰিদ্ৰ ৰাজ্যৰ তালিকাত স্থান লাভ অসমৰ

Story by  atv | Posted by  Munni Begum • 18 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
শেহতীয়াকৈ ৰিজার্ভ বেংকে প্রকাশ কৰা তথ্য অনুসৰি বিগত ২০২৫ বিত্তীয় বর্ষত অসমে শীর্ষ দহখন ধনী ৰাজ্যৰ তালিকাত স্থান লাভ কৰাতো দূৰৰে কথা, শীর্ষ দহখন দৰিদ্ৰ ৰাজ্যৰ তালিকাতহে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
 
২০২৫ বর্ষটো আছিল ভাৰতৰ অৰ্থনীতিৰ বাবে এটা গুৰুত্বপূর্ণ বর্ষ। একেৰাহে চতুৰ্থবাৰৰ বাবে ভাৰতে বিশ্বৰ অন্যতম দ্রুত গতিত বিকশিত প্রধান অর্থনীতি হিচাপে আত্মপ্রকাশ কৰিবলৈ সক্ষম হৈছে। 
 
বিত্ত মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষটোত ভাৰতৰ মুঠ জি ডি পি ৭.৪ শতাংশ বিকাশৰ পূর্বানুমান কৰা হৈছে। বিগত বিত্তীয় বর্ষটোত এই হাৰ আছিল ৬.৫ শতাংশ। আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়ে ২০২৬ চনৰ অৰ্থনৈতিক পূর্বাভাস ০.৭ শতাংশ বৃদ্ধি কৰি ৭.৩ শতাংশলৈ সংশোধন কৰিছে। 
 
এতিয়া জাপানক অতিক্রমী বিশ্বৰ চতুৰ্থ বৃহৎ অর্থনীতি হিচাপে স্থান লাভকৰিছে ভাৰতে। ভাৰতৰ এই অর্থনৈতিক যাত্রাত ৰাজ্যসমূহে যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। ২০২৫ বিত্তীয় বর্ষত মহাৰাষ্ট্ৰ পুনৰবাৰ দেশৰ সর্ববৃহৎ ৰাজ্যিক অর্থনীতি হিচাপে পৰিগণিত হৈছে। মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ অর্থনীতি ৪৫.৩২ লাখ কোটি টকালৈ বৃদ্ধি হৈছে। 
 
সেইদৰে দ্বিতীয় স্থানত থকা তামিলনাডুৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন হৈছে ৩১.১৯ লাখ কোটি টকা। শীর্ষ দহখন ধনী ৰাজ্যৰ ভিতৰত তৃতীয় স্থানত থকা উত্তৰ প্ৰদেশৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন হৈছে ২৯.৭৮ লাখ কোটি টকা। 
 
সেইদৰে কৰ্ণাটকৰ ২৮.৮৪লাখ কোটি টকা, পশ্চিমবংগৰ ১৮.১৫ লাখ কোটি টকা, ৰাজস্থানৰ ১৭.০৪ লাখ কোটি টকা, তেলেংগানাৰ ১৬.৪১ লাখ কোটি টকা, অন্ধ্রপ্রদেশৰ ১৫.৯৩ লাখ কোটি টকা, মধ্যপ্রদেশৰ ১৫.০৩ লাখ কোটি টকা আৰু দিল্লীৰ ১২.১৫ লাখ কোটি টকা হৈছেগৈ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন। 
 
সেইদৰে অৰ্থনীতিৰ দিশৰ পৰা দহখন দৰিদ্ৰ ৰাজ্যৰ তালিকাও প্রকাশ কৰিছে ভাৰতীয় ৰিজার্ভ বেংকে। সেই অনুসৰি কেৱল ৪,৪২৩ কোটি টকা মুঠ ঘৰুৱা ৰাজ্যিক উৎপাদনেৰে দেশৰ আটাইতকৈ দৰিদ্ৰ ৰাজ্যখন হৈছে অৰুণাচল প্রদেশ। 
 
এই তালিকাত দ্বিতীয় স্থানত থকা ত্ৰিপুৰাৰ জি এছ ডি পি হৈছে ৮,৯৬৮ কোটি টকা। এই তালিকাৰ অষ্টম স্থানত থকা অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন হৈছে ৬৪,৩৬৭ কোটি টকা। 
 
তৃতীয় স্থানত থকা হিমাচল প্রদেশৰ ২৩.১৬৯ কোটি টকা, জম্মু কাশ্মীৰৰ ২৬,২৪৬ কোটি টকা, পঞ্চম স্থানত থকা উত্তৰাখণ্ডৰ ৩৭,৮২৪ কোটি টকা, ষষ্ঠ স্থানত থকা ঝাৰখণ্ডৰ ৫১.৬২৬ কোটি টকা, সপ্তম স্থানত থকা ছত্তীশগড়ৰ ৫৬,৭৮৮ কোটি টকা, নৱম স্থানত থকা পঞ্জাৱৰ ৮৩,৮৬৪ কোটি টকা আৰু ওড়িশাৰ জি এছ ডি পি হৈছে ৮৯,০০৪ কোটি টকা।