আন ৰাজ্যতো ৰেচন লাভৰ সুবিধা পাব অসমৰ হিতাধিকাৰীয়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
আন ৰাজ্যতো ৰেচন লাভৰ সুবিধা পাব অসমৰ হিতাধিকাৰীয়ে
আন ৰাজ্যতো ৰেচন লাভৰ সুবিধা পাব অসমৰ হিতাধিকাৰীয়ে
গুৱাহাটী
 
কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা 'এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড” আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসমে সফলতা প্ৰদৰ্শন কৰিছে। এই আঁচনি ৰূপায়ণ কৰা দেশৰ আন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ সৈতে অন্তৰ্ভুক্ত হৈছে অসম। 
 
 
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দিগদর্শন আৰু খাদ্য, অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ তৎপৰতাত তথ্য বিভাগটোৰ অতিৰিক্ত মুখ্য সচিব বিশ্ববঞ্জন চামালকে ধৰি অন্যান্য বিষয়া-কৰ্মচাৰীসকলে নিষ্ঠা আৰু দায়বদ্ধভাবে গ্ৰহণ কৰা পদক্ষেপৰ ফলত অসমে 'এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনিখন কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা বুলি বিভাগীয় এক বিবৃতিত প্রকাশ পাইছে। 
 
বিগত দুটা বৰ্ষত ক'ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই ‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড' আঁচনিয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰী বিশেষকৈ প্ৰব্ৰজনকাৰী শ্রমিক তথ্য হিতাধিকাৰীসকলক উপকৃত কৰিছে। 
এতিয়াৰ পৰা এই আঁচনিৰ অধীনত অসমৰ হিতাধিকাৰীয়েও দেশৰ যিকোনো স্থানতে ‘এক ৰাষ্ট্র এক ৰেচন কাৰ্ডৰ যোগেৰে ৰেচন লাভ কৰাৰ সুবিধা পাব আৰু আন ৰাজ্যৰ হিতাধিকাৰীয়েও অসমত এই সুবিধা লাভ কৰিব।