উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয়-খ্ৰীষ্টানসকলক ইউচিচিৰ পৰা ৰেহাই দিয়াৰ আশ্বাস অমিত শ্বাহৰ; নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰে বৈঠক

Story by  atv | Posted by  [email protected] • 9 Months ago
অমিত শ্বাহৰ সৈতে নাগালেণ্ড চৰকাৰৰ প্ৰতিনিধি দলৰ বৈঠক
অমিত শ্বাহৰ সৈতে নাগালেণ্ড চৰকাৰৰ প্ৰতিনিধি দলৰ বৈঠক
 
নতুন দিল্লী

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ নেতৃত্বত নাগালেণ্ড চৰকাৰৰ এটা প্ৰতিনিধি দলক আশ্বাস দিছে যে কেন্দ্ৰই খ্ৰীষ্টান আৰু কিছুমান জনজাতীয় অঞ্চলক প্ৰস্তাৱিত ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ পৰা ৰেহাই দিয়াৰ কথা বিবেচনা কৰি আছে। সংবিধানৰ ৩৭১(এ)নং অনুচ্ছেদৰ দ্বাৰা ধৰ্মীয় প্ৰথাক সুৰক্ষিত কৰা খ্ৰীষ্টান প্ৰধান ৰাজ্য নাগালেণ্ডত ইউচিচিৰ সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত প্ৰতিনিধি দলটোৱে প্ৰকাশ কৰা উদ্বেগৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
 
নগালেণ্ডৰ ১২ জনীয়া প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৃহস্পতিবাৰে বৈঠকত মিলিত হৈ প্ৰস্তাৱিত ইউচিচিক লৈ সৃষ্টি হোৱা আশংকা সম্পৰ্কে আলোচনা কৰে।
 
বৈঠকত প্ৰতিনিধি দলটোৱে নাগালেণ্ডত ইউ চি চি ৰূপায়ণৰ সম্ভাৱ্য প্ৰতিক্ৰিয়াৰ ওপৰত আলোকপাত কৰি খ্ৰীষ্টান সম্প্ৰদায়ৰ ধৰ্মীয় আচাৰ-ব্যৱহাৰক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকৰ উদ্বেগৰ প্ৰতি সঁহাৰি জনাই শ্বাহে প্ৰতিনিধি দলটোক আশ্বাস দিয়ে যে কেন্দ্ৰই খ্ৰীষ্টান আৰু কিছুমান জনজাতীয় অঞ্চলক ইউচিচিৰ পৰা ৰেহাই দিয়াৰ কথা গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে।
উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টিৰ ইস্তাহাৰত ইউনিফৰ্ম চিভিল কোড এটা গুৰুত্ব বিষয় হিচাপে সন্নিবিষ্ট হৈ আহিছে যদিও ইয়াক কাৰ্যকৰী কৰা হোৱা নাই। কিন্তু, শেহতীয়াকৈ ইউচিচি ৰূপায়ন কৰিবলৈ শাসনাধিষ্ঠিত বিজেপিয়ে কুচকাৱাজ আৰম্ভ কৰিছে আৰু সকলো পক্ষৰ মতামতৰ বাবে এমাহৰ সময়সীমা বান্ধি দিছে। 
 
ইয়াৰ উপৰিও উত্তৰাখণ্ডে নিযুক্তি দিয়া এখন কমিটীয়ে ইউচিচিৰ খচৰা চূড়ান্ত কৰিছে, যিখন অতি সোনকালে ৰাজ্যত দাখিল কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউ চি চিৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰাৰ বিপৰীতে বিৰোধী দল আৰু বিভিন্ন ধৰ্মীয় আৰু জনজাতীয় সংগঠনে ইয়াৰ প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
 
বৈঠকৰ সময়ত নাগালেণ্ডৰ প্ৰতিনিধি দলটোৱে দীৰ্ঘদিনীয়া নগা ৰাজনৈতিক সমস্যাৰ বিষয়টোও উত্থাপন কৰি ক্ষিপ্ৰ সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এই কথা কয় যে নগা ৰাজনৈতিক সমস্যা অযুক্তিকৰভাৱে দীঘলীয়া কৰি ৰখা হৈছে আৰু অতি সোনকালে ইয়াৰ নিষ্পত্তি হ’ব লাগে। 
 
নগালেণ্ডৰ পূব প্ৰান্তৰ ৬খন জিলাক সামৰি লোৱা ফ্ৰন্টিয়াৰ নগা টেৰিটৰী নামৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ কেন্দ্ৰৰ প্ৰস্তাৱ সন্দৰ্ভতো প্ৰতিনিধি দলটোৱে আলোচনা কৰে। ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনে (ইএনপিঅ’) সুকীয়া ৰাজ্যৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এই প্ৰস্তাৱ আগবঢ়াইছিল। চৰকাৰৰ মুখপাত্ৰই নিশ্চিত কৰে যে আলোচনাই নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে, আৰু নতুন গাঁথনিৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ প্ৰস্তুতি চলি আছে।