গুৱাহাটী
উজনি অসমৰ কেইবাখনো জিলাত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও কেইবা লাখ লোক বানৰ কৱলত আছে৷ বুধবাৰে ৰাজ্যত পুনৰ বানত দুজন লোকৰ মৃত্যু হোৱাৰ পিছত ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৩ জনলৈ বৃদ্ধি পাইছে৷
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে বুধবাৰে নিশা দৈনিক বান সস্পৰ্কীয় বুলেটিনত প্ৰকাশ কৰা অনুসৰি গোলাঘাট, হোজাই, শিৱসাগৰ, দৰং, নগাঁও, যোৰহাট, কাৰ্বি আংলং জিলাত বানৰ সংহাৰ অব্যাহত আছে৷ এই ৭ খন জিলাৰ ২৪ টা ৰাজহ চক্ৰৰ ৪৩৩ খন গাঁৱৰ ৮৬,৮৩২ জন লোক বৰ্তমানো বানৰ কৱলত আছে আৰু ১০,৮৮৪.২৭ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে।
ইফালে শিৱসাগৰ আৰু কাৰ্বি আংলং জিলাত বানত উটি যোৱাৰ ফলত দুজনকৈ লোকৰ মৃত্যু হৈছে৷ গোলাঘাটত সৰ্বাধিক ৪২ হাজাৰৰো অধিক লোক বানত আক্ৰান্ত হোৱাৰ বিপৰীতে নগাঁৱত ২০,০০০ জন আৰু শিৱসাগৰ ১৫,০০০জন লোক বানৰ কৱলত আছে।
প্ৰশাসনে পাঁচখন জিলাত ৭৯টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰি ১৩,০১১জন ক্ষতিগ্ৰস্ত লোকক প্ৰয়োজনীয় সাহাৰ্য আগবঢ়ায়।
বানপীড়িত লোকসকলৰ মাজত বিগত ২৪ ঘন্টাত সংশ্লিষ্ট কৰ্তৃপক্ষই ৯৬.৫৫ কুইণ্টল চাউল, ১৮.২৬ কুইণ্টল দালি, ৫.৪১ কুইণ্টল নিমখ আৰু ২০৪.৮১ লিটাৰ সৰিয়হ তেল বিতৰণ কৰিছে৷
বানৰ ফলত বিভিন্ন জিলাৰ মথাউৰি, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰো বিস্তৰ ক্ষতিসাধন হৈছে৷
নুমলীগড়ত ধনশিৰি নদী বিপদসীমাৰ ওপৰেদি বৈ আছে। বানৰ ফলত ৰাজ্যজুৰি ৩২,৯৪৪ টা ঘৰচীয়া জীৱ-জন্তু আৰু হাঁহ-কুকুৰা ক্ষতিগ্ৰস্ত হৈছে৷
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সম্পত্তিৰ মেৰামতি আৰু পুনৰ সংস্থাপনৰ বাবে ১০০০ কোটিৰো অধিক টকাৰ প্ৰয়োজন হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰে।
উল্লেখযোগ্য যে, ৯ আগষ্টৰ পৰা আৰম্ভ কৰা দ্ৰুত সাহায্য মূল্যায়ন অভিযানৰ প্ৰাথমিক প্ৰতিবেদন অনুসৰি ৮ হাজাৰৰো অধিক পৰিয়ালৰ মূল্যায়ন কৰা হৈছে আৰু ১৫০ কোটি টকাৰ ক্ষতিৰ আনুমানিক হিচাপ কৰা হৈছে । এই মূল্যায়ন একাধিক পৰ্যায়ত কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ছেপ্টেম্বৰৰ ভিতৰত জৰীপ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে।