দুটা EPIC নম্বৰ সন্দৰ্ভত উত্তৰ বিচাৰি তেজস্বী যাদৱলৈ জাননী প্ৰেৰণ নিৰ্বাচনী আয়োগৰ

Story by  atv | Posted by  Munni Begum • 15 d ago
তেজস্বী যাদৱলৈ জাননী প্ৰেৰণ নিৰ্বাচনী আয়োগৰ
তেজস্বী যাদৱলৈ জাননী প্ৰেৰণ নিৰ্বাচনী আয়োগৰ
 
নতুন দিল্লী 
 
শনিবাৰে ভোটাৰ তালিকাৰ পৰা নিজৰ নাম বাদ পৰিছে বুলি তেজস্বী যাদৱে কৰা দাবী প্ৰমাণ কৰিবলৈ কয় নিৰ্বাচন আয়োগে। আয়োগে ভোটাৰ তালিকাৰ খচৰাত তেওঁৰ নাম আছে বুলি উল্লেখ কৰি দেওবাৰে বিৰোধী দলপতিগৰাকীলৈ এক জাননী প্ৰেৰণ কৰিছে। আয়োগে তেজস্বী যাদৱৰ দুটা EPIC নম্বৰ সন্দৰ্ভত এক জাননী জাৰি কৰিছে। জাননীখনত তেজস্বী যাদৱক EPIC কাৰ্ডৰ মূল কপি দিবলৈ কোৱা হৈছে।
 
EPIC নম্বৰ হৈছে ১০ সংখ্যাৰ একক চিনাক্তকৰণ নম্বৰ যিটো প্ৰতিখন ভোটাৰ আইডি কাৰ্ডত থাকে। বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে “দুখন ভোটাৰ আইডি কাৰ্ড” ৰাখি অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিয়ে তীব্ৰ সমালোচনা কৰাৰ পিছতে  আয়োগে এই জাননী প্ৰদান কৰিছে।
 
তেজস্বী যাদৱলৈ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা জাননী
 
যাদৱলৈ প্ৰেৰণ কৰা জাননীত নিৰ্বাচন আয়োগে কয় যে, ২আগষ্টত অনুষ্ঠিত সংবাদমেলত আপুনি কৈছিল যে, খচৰা ভোটাৰ তালিকাত আপোনাৰ নাম উল্লেখ কৰা হোৱা নাছিল। তদন্তৰ অন্তত দেখা গ'ল যে, ২০৪নং ভোট কেন্দ্ৰৰ ক্ৰমিক নম্বৰ ৪১৬ (বিহাৰ পশু বিজ্ঞান বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল ভৱন) ত আপোনাৰ নাম উল্লেখ আছে, যাৰ EPIC নম্বৰ হৈছে RAB0456228।
 
নিৰ্বাচন আয়োগে কয়, "আপোনাৰ সংবাদমেলৰ পৰা আপোনাৰ উদ্ধৃতি অনুসৰি আপোনাৰ EPIC নম্বৰ হৈছে RAB2916120। প্ৰাথমিক তদন্ত অনুসৰি EPIC নম্বৰ RAB2916120 আনুষ্ঠানিকভাৱে জাৰি কৰা যেন লগা নাই। সেয়েহে আপুনি সংবাদমেলত উল্লেখ কৰা EPIC কাৰ্ডখনৰ সবিশেষ (কাৰ্ডখনৰ মূল কপিৰ সৈতে)  জনাবলৈ অনুৰোধ জনোৱা হ'ল। যাতে ইয়াৰ পুংখানুপুংখ তদন্ত কৰিব পৰা যায়।" 
 
উল্লেখ্য যে, ২ আগষ্টত তেজস্বী যাদৱে এক সংবাদমেলত কৈছিল যে SIR ৰ পিছত নিৰ্বাচন আয়োগৰ ৱেবছাইটত তেওঁৰ উল্লেখ কৰা হোৱা নাই। তেওঁ নিজৰ EPIC নম্বৰ RAB2916120 দি কৈছিল যে, যেতিয়া তেওঁ নিৰ্বাচন আয়োগৰ ৱেবছাইটত নিজৰ নাম বিচাৰি আছিল, তেতিয়া তেওঁ নিজৰ নামটো দেখা পোৱা নাছিল। তাৰ পাচত তেওঁ কয়, "এতিয়া নিৰ্বাচনত কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিম?"
 
তেজস্বী যাদৱৰ এই অভিযোগ খণ্ডন কৰি প্ৰমাণ দাখিল কৰিছিল জিলা প্ৰশাসনে। য'ত ভোটাৰ তালিকাত তেজস্বী যাদৱৰ নাম দেখা পোৱা গৈছিল। ইয়াত তেওঁৰ ফটোৰ লগতে তেওঁৰ পিতৃ লালু প্ৰসাদৰ নামো লিপিবদ্ধ আছে।