৫ মার্চত অসমলৈ আহিব নির্বাচন আয়োগৰ দল

Story by  atv | Posted by  Munni Begum • 4 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
লোকসভা নিৰ্বাচনৰ সময়সূচীক লৈ উৎকণ্ঠা অব্যাহত থকাৰ সময়তে অহা ৫ মার্চত অসমলৈ আহিব নির্বাচন আয়োগৰ এটা দল। ৬ মার্চত দলটোৱে ৰাজ্যৰ মুখ্য সচিব আৰু জিলা আঁচনিসমূহ জনসাধাৰণৰ মাজত সঠিকভাৱে মূল্যায়ন কৰাৰ উদ্দেশ্যে শাসকীয় দলটোৱে এই 'লাভ্যার্থী সম্পর্ক অভিযান' ৰূপায়ণ কৰিব।  
 
এই কাৰ্যসূচীৰদ্বাৰা হিতাধিকাৰীসকল কেনেধৰণে উপকৃত হৈছে সেই সন্দর্ভত তেওঁলোকৰ পৰা খতিয়ান লোৱাৰ লগতে মনৰ ভাব গ্রহণ কৰিব। ৰাজ্যিক লাভ্যার্থী সম্পর্ক অভিযানৰ আহ্বায়ক নাৰায়ণ ডেকাই এক বিবৃতিৰ জৰিয়তে কয় যে ৰাষ্ট্ৰীয় সমিতিয়ে ইতিমধ্যে ২৩ কোটি লাভ্যার্থী তালিকা প্রস্তুত কৰিছে আৰু ২৫ লাখ কার্যকর্তাই লাভ্যাৰ্থীৰ ওচৰলৈ যাব। 
 
অনুৰূপধৰণে ৰাজ্যিক পর্যায়তো ২০ লাখ লাভ্যাৰ্থীৰ তালিকা তৈয়াৰ কৰা হৈছে। ৰাজ্যিক বিজেপিৰ প্রায় ৭৫ হেজাৰ কাৰ্যকর্তাই কাইলৈৰ পৰা লাভ্যার্থী সম্পর্ক অভিযানত অংশগ্রহণ কৰিব। প্রতিজন কার্যকর্তাই হিতাধিকাৰীক প্রধানমন্ত্রীৰ ফালৰ পৰা এখন পত্র প্রদান কৰাৰ লগতে আঁচনিসমূহ সন্দর্ভত তেওঁলোকৰ মতামত গ্রহণ কৰিব।  
 
ৰাজ্যিক পর্যায়ত এই অভিযানৰ কাম-কাজ সঠিকভাৱে তদাৰক কৰিবলৈ দলৰ নেতৃত্বই তিনিজনীয়া সমিতি গঠন কৰিছে। অসমৰ ১৪ টা লোকসভা সমষ্টিতে একোজন আহ্বায়ক আৰু দুজন সহঃআহ্বায়কসহ ১৪ খন উপ-সমিতি গঠন কৰিছে বুলিও ডেকাই বিবৃতিৰ জৰিয়তে সদৰী কৰিছে।